Friday, April 26, 2024
Homeবাতৰিঅসমত দুখন নতুন ঔদ্যোগিক পাৰ্ক হ’ব বুলি এম এছ এম ই এক্সপ’ত...

অসমত দুখন নতুন ঔদ্যোগিক পাৰ্ক হ’ব বুলি এম এছ এম ই এক্সপ’ত উদ্যোগমন্ত্ৰীৰ ঘোষণা

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অসমৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগীসকলৰ সহায়ৰ বাবে অতি সোণকালে দুখন নতুন ঔদ্যোগিক পাৰ্ক স্থাপন কৰা হ’ব বুলি উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা। এই পাৰ্কৰ জৰিয়তে ক্ষুদ্ৰ আৰু লঘু উদ্যোগীসকলক এখন উপযুক্ত বজাৰ প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই নতুন পাৰ্ক দুখন স্থাপন কৰা হ’ব। যোৱা ২০ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হোৱা এম এছ এম ই এক্সপ’ত ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰ্কাৰৰ উদ্যোগ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী হৰিবায় পৰ্থিবায় চৌধুৰীয়ে অংশগ্ৰহণ কৰা এম এছ এম ই ২০১৭ সন্মিলনখনত সহযোগ কৰে লঘু উদ্যোগ ভাৰতী আৰু ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক (ছিডবী)য়ে। অংশগ্ৰহণকালত তেখেতে মন্তব্য কৰে যে– অসমত ক্ষুদ্ৰ আৰু লঘু উদ্যোগ খণ্ডত বহুলোক জড়িত হৈ আছে। আৰু অৰ্থ উপাৰ্জনৰ পথ মুকলিৰ ক্ষেত্ৰত এই উদ্যোগ খণ্ড দুটাই এক বৃহৎ অৰিহণা যোগাই আহিছে। সেয়ে কেন্দ্ৰীয় চৰকাৰে এই খণ্ডটোৰ উন্নীতকৰণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। অনাগত দিনত উত্তৰ–পূৰ্বাঞ্চলৰ নিবনুৱাসকলৰ অৰ্থ উপাৰ্জনৰ পথ মুকলিৰ ক্ষেত্ৰত এই উদ্যোগ খণ্ডটোৱে দায়িত্ব ল’ব বুলিও আশা প্ৰকাশ কৰে।

দুদিনীয়া উক্ত সন্মিলনত দেশৰ প্ৰায় ২০০ ঔদ্যোগিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে। সন্মিলনৰ মুকলি অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, গুৱাহাটীস্থ ছিডবী’ৰ আঞ্চলিক প্ৰধান সঞ্জীৱ গুপ্তা, লঘু উদ্যোগ ভাৰতীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ওমপ্ৰকাশ মিট্টাল আদি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সন্মিলনখনত কেইবাটাও কেন্দ্ৰীয় ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিছিল।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward