Friday, March 29, 2024
Homeবাতৰিপঞ্চদশ সংখ্যক বিটিচি দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

পঞ্চদশ সংখ্যক বিটিচি দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

উদুলি মুদুলি বডোফা নগৰ। ১০ ফেব্ৰুৱাৰীৰ পৰা বি টি চি সচিবালয় খেলপথাৰত আৰম্ভ হৈছে ১৫ সংখ্যক বিটিচি দিৱস। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বি এল টি (বড়ো লিবাৰেচন টাইগাৰ) অসম চৰকাৰ আৰু কেন্দ্ৰৰ এন ডি এ চৰকাৰৰ মাজত তিনিকোণীয়া ঐতিহাসিক বি টি চি চুক্তি স্বাক্ষৰ হৈছিল। সেই দিনৰে পৰা বিটিচি দিৱস দিৱস বা বড়োলেণ্ড ডে’ হিচাপে পালন কৰি আহিছে।

এইবাৰৰ ১৫সংখ্যক বি টি চি দিৱস বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰিছে। দেৱৰ গাঁৱত বড়োলেণ্ড আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে বিটিচি সচিবালয়ত প্ৰতিস্থা কৰা বড়োলেণ্ড আন্দোলনক নেতৃত্ব দিয়া বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। উপ–প্ৰধান খাম্ফা বৰগয়াৰী, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰিহণ দৈমাৰী, কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম, গণেশ কছাৰী, স্থানীয় এম চি এল এ লগতে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ মুৰব্বীসকলে বডোফাগৰাকীৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰাৰ পিচত বিটিচি প্ৰধান হাগ্ৰমা মহিলাৰীয়ে উপ–প্ৰধান খাম্ফা বৰগয়াৰীৰ সহযোগত জাতীয় পতাকা উত্তোলন কৰে।

প্ৰায় ৫০ হাজাৰোধিক লোকে অংশ গ্ৰহণ কৰা এইবাৰৰ বিটিচি দিৱসত বড়ো, ৰাভা, গাৰো, কোচ–ৰাজবংশী, নেপালী, আদিবাসী, বঙালী আদি নানা জাতি–জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণকৰে।

আনহাতে এই দিৱসত কোনো কূটাঘাত মূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰবাবে পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে। ৰাজহুৱা সভাত নিৰাপত্তাৰ ব্যৱস্থা কট্‌কটীয়া কৰি তোলা বুলি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰিছে।

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সঞ্চালনা কৰা মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰে। অংশ গ্ৰহণকালত তেখেতে কয়– প্ৰথমে বীৰ লাচিত, চিলাৰায়ৰ আদৰ্শ অনুসৰণ কৰি বিদেশী, দুৰ্নীতি, সন্ত্ৰাসবাদমুক্ত শক্তিশালী অসম গঢ়িবলৈ সকলোৱে সংকল্পবদ্ধ হ’ব লাগিব বুলি জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। অসমত সকলো জনগোষ্ঠীৰ ভিতৰত বড়োসকলেই অতি প্ৰাচীন বাবে অসমৰ ভূমিপুত্ৰ বুলি কোৱা হয়। বিগতকালত হাগ্ৰামাৰ শাসনত উন্নয়ণ হোৱা বুলি দোহাৰে। বড়োলেণ্ডত বাসকৰা সকলো জাতি–জনগোষ্ঠীয়ে একত্ৰীত হৈ বিকাশৰ বাবে সহায় সহযোগ কৰি যাবলৈ আহ্বান জনায়। অসমীয়া ভাষা–সাহিত্যৰ বিকাশতো বড়োসকলৰ অবদান অপৰিসীম সেয়ে শক্তিশালী অসমীয়া জাতি গঠনত বড়ো জনগোষ্ঠীক বাদ দি অসমীয়া জাতি গঠন হ’ব নোৱাৰে বুলিও তেওঁ দোহাৰে।

ইপিনে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজৰ ভাষণ কালত– বিটিচি চুক্তিৰ ৮০শতাংশই সফল ৰূপায়ণ হোৱা বুলি দাবী কৰে। বাকী ২০শতাংশৰ শীঘ্ৰে ৰূপায়ণ কৰা হ’ব বুলি দোহাৰে। অসম আন্দোলনৰ ছহিদসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ দৰে বড়োলেণ্ড আন্দোলনৰ ছহিদ পৰিয়ালসকলকো আৰ্থিক সাহাৰ্য প্ৰদানৰ চিন্তা–চৰ্চা চলি আছে বুলি কয়।

মুকলি সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপি’ৰ সভাপতি ৰঞ্জিত দাসে কয়– কেন্দ্ৰৰ এন ডি এ শাসনকাল ছোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যত পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে। হাগ্ৰামা মহিলাৰীয়ে সকলোকে আস্থাত লৈ একতাৰ বান্ধোনেৰে উন্নয়ণ আনিবলৈ সক্ষম হৈছে। বিটিচি অসমৰ সকলো জাতি–জনগোষ্ঠীৰ এক আদৰ্শ বুলি আন এক বক্তব্য প্ৰদান কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই।

১৫সংখ্যক বিটিচি দিৱসত সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত অঞ্জলি বসুমতাৰী, ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰীৰ মাতৃ লক্ষী নাৰ্জাৰী আৰু ছুপাৰ ডান্সাৰ মাচুম নাৰ্জাৰীলৈ আৰণাই, স্মাৰক পত্ৰ, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনায় আৰু মুখ্যমন্ত্ৰীৰ জৰিয়তে আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward