Friday, March 29, 2024
Homeবাতৰিবস্তি এলেকাৰ পুৰোহিতবিহীন সৰস্বতী পূজা

বস্তি এলেকাৰ পুৰোহিতবিহীন সৰস্বতী পূজা

প্ৰকাশিত তাৰিখঃ ১ ফেব্ৰুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে বিদ্যালয়–মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী, শিক্ষাগুৰু, অনুষ্ঠান–প্ৰতিষ্ঠানৰ কৰ্মচাৰী আজি যেন সকলোৱে ব্যস্ত। সেই উপলক্ষে পূজাস্থলীসমূহ আটক ধুনীয়াকৈ সজাই তুলিছে। পূজা উপলক্ষে জিকমিকিয়া সাজ–পাৰ পৰিধান কৰা ছাত্ৰ–ছাত্ৰীৰ সংখ্যাও বাঢ়িছে দেৱীৰ আশীৰ্বাদ লোৱাৰ বাবে। এই লৈ সংবাদ কৰ্মীসকলো বিভিন্ন খবৰৰ সন্ধানত অধিক ব্যস্ত হৈ পৰা দেখা গৈছে।

কিন্তু মহানগৰীৰে এটি বস্তি এলেকা বামুণিমৈদামৰ হাফিজ নগৰত সৰস্বতী পূজাৰ বিপৰীত ছবি এখন দেখা গ’ল। হাফিজ নগৰ বামুণিমৈদামৰ ৰেল লাইনৰ কাষত অৱস্থিত। এই হাফিজ নগৰতে টিনৰ চালি আৰু তৰ্জাৰ বেৰেৰে সাধাৰণভাৱে স্থাপন কৰিছে এখন বিদ্যালয়, যিখন শিক্ষানুষ্ঠান পৰিচালনাৰ মূল দায়িত্ব পালন কৰি আহিছে উৎসাহ নামৰ এটা বেচৰকাৰী সংস্থাই। এই বিদ্যালয়ত বস্তিটোত বাসকৰা আৰ্থিকভাৱে দূৰ্বল পৰিয়ালসকলৰ ল’ৰা–ছোৱালীবোৰে পঢ়া–শুনা কৰে। ফলত আৰ্থিকভাৱে দূৰ্বল এই পৰিয়ালবিলাকৰ অভিভাৱকসকলে পূজা উপলক্ষে পইচা–পাতি তুলি জাক জমকতাৰে ভৰা ব্যয়–বহুল পূজা পাতিবলৈ অক্ষম। সেয়ে সৰস্বতী পূজাৰ পুৰোহিতৰ দায়িত্ব পালন কৰিলে বিদ্যালয়খনৰ শিক্ষাগুৰুৱে। কিন্তু সাধাৰণভাৱে পতা এই পূজাখনতো ছাত্ৰ–ছাত্ৰী, শিক্ষাগুৰু, অভিভাৱক আটাইয়ে যেন অত্যন্ত সুখী।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward