Thursday, April 25, 2024
Homeবাতৰিপৰ্যটকৰ ভূস্বৰ্গ ছিকিমত বনজুইৰ তাণ্ডৱ

পৰ্যটকৰ ভূস্বৰ্গ ছিকিমত বনজুইৰ তাণ্ডৱ

প্ৰকাশিত তাৰিখঃ ৩০ জানুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

পৰ্যটকৰ ভূস্বৰ্গ বুলি কোৱা হয় ছিকিম ৰাজ্যক। এই ৰাজ্যখনতে এতিয়া হেনো বনজুইৰ তাণ্ডৱ। কথাটো আচৰিত যেন লাগিলেও ই কিন্তু একেবাৰে সত্য। আজি কেইবা মাহজুৰি ৰাজ্যখনত বৰষুণ হোৱা নাছিল। ফলত ৰাজ্যখনৰ বনাঞ্চলৰ ঘাঁহ–বন সমূহ অত্যধিক শুকান হৈ পৰাত তাত বনজুইৰ সৃষ্টি হয়। এই বনজুয়ে ঐতিহ্যক্ষেত্ৰ কাঞ্চনজংঘা ৰাষ্ট্ৰীয় এলেকাকো গ্ৰাস কৰে।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি মতে, ৰাজ্যখনৰ পূব জিলাৰ ৮খন, উত্তৰ জিলাৰ ৫খন আৰু দক্ষিণ জিলাৰ ৩খন অৰণ্যৰ প্ৰায় ১৩৭ হেক্টৰ এলেকাজুৰি এই বনজুইৰ কবলত পৰে। এয়া প্ৰাকৃতিকভাৱে সংঘটিত ঘটনা, উক্ত এলেকাত এতিয়ালৈ কোনো জনবসতি অথবা প্ৰাণীৰ ক্ষতি হোৱা নাই বুলি দোহাৰে ৰাজ্যৰ মুখ্য বনসংৰক্ষক চি এছ ৰাৱে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward