Saturday, April 20, 2024
HomeARTICLEআন্তঃৰাজ্যিক সীমান্তত বিদ্যালয় স্থাপনৰ ধুমুহা মেঘালয়ৰ

আন্তঃৰাজ্যিক সীমান্তত বিদ্যালয় স্থাপনৰ ধুমুহা মেঘালয়ৰ

প্ৰকাশিত তাৰিখঃ ৫ এপ্ৰিল, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

মেঘালয়ৰ ৰি–ভয় জিলাখন আমাৰ অসমৰ কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলা দুখন চুই গৈছে। কামৰূপ গ্ৰাম্য জিলাৰ ৰাণী উন্নয়ন খণ্ড য’ৰ পৰা আৰম্ভ হৈছে তাৰপৰাই মেঘালয়ৰ জিৰাং উন্নয়ন খণ্ড আৰম্ভ হৈছে। মেঘালয়ৰ জিৰাং এলেকাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ শিক্ষা বিভাগে এটি শিক্ষা খণ্ড গঠন কৰিছে। উক্ত শিক্ষা খণ্ডৰ অধীনত গঠন কৰা চি আৰ চি কেইটা হ’ল– গণপতি, ৰাণীবাৰী, জিৰাং, মাউডেম, পাংকাৰ, উমকাধৰ, উমচ’ফাৰীয়া, উমচং, ৱাৰমাচাও। উক্ত ক্লাষ্টাৰ সমূহে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ পৰিচালনা কৰি আহিছে। তাৰ ভিতৰত ৰাজ্য দুখনৰ আন্তঃৰাজ্যিক সীমান্তৰ গণপতি আৰু ৰাণীবাৰী ক্লাষ্টাৰ ৰিচৰ্চ চেণ্টাৰ (চি আৰ চি) দুটাও অন্যতম। নিয়ম অনুসৰি– অঞ্চলটোৰ ১৫খন বিদ্যালয় পৰিচালিত হয় গণপতি চি আৰ চি আৰু ২৬খন বিদ্যালয় পৰিচালিত হয় ৰাণীবাৰী চি আৰ চি’ৰ অধীনত । 

গণপতি চি আৰ চিঃ

১) নংকাৰলং প্ৰাথমিক বিদ্যালয়, কলং, ১৯৯৬ চনত স্থাপিত, গাৰো মাধ্যম, ২) উমক্ৰেম ডিখং প্ৰাথমিক বিদ্যালয়, ১৯৭৯ চনত স্থাপিত, খাছি মাধ্যম, ৩) উমচালিয়াং প্ৰেচবেটেৰিয়ান উচ্চ প্ৰাথমিক বিদ্যালয়, ২০০৮ চনত স্থাপিত, ইংৰাজী মাধ্যম (ভেঞ্চাৰ), ৪) জাৰেইবাচাই প্ৰাথমিক বিদ্যালয়, ২০০৪ চনত স্থাপিত, খাছি মাধ্যম, ৫) নংগ্ৰিম জিৰাং উচ্চ প্ৰাথমিক বিদ্যালয়, ১৯৮৪ চনত স্থাপিত, ইংৰাজী মাধ্যম (ভেঞ্চাৰ), ৬) নিউ উমক্ৰেম প্ৰাথমিক বিদ্যালয়, ২০০৩ চনত স্থাপিত, খাছি মাধ্যম, ৭) নংগ্ৰিম–জিৰাং চৰকাৰী প্ৰাথমিক বিদ্যালয়, ১৯৫৭ চনত স্থাপিত, খাছি মাধ্যম, ৮) নিউ উমক্ৰেম উচ্চ প্ৰথামিক বিদ্যালয়, ২০১০ চনত স্থাপিত, খাছি মাধ্যম, ৯) উমচালিয়াং প্ৰেচবেটেৰিয়ান প্ৰাথমিক বিদ্যালয়, ১৯৮৫ চনত স্থাপিত, খাছি মাধ্যম। এইকেইখন বিদ্যালয় সম্পূৰ্ণৰূপে মেঘালয়ৰ ভিতৰত স্থাপন কৰিছে যদিও অসমৰ গণপতি গাঁৱক কেন্দ্ৰকৰি গঠিত চি আৰ চি’ত অন্তৰ্ভুক্ত কৰা বাবেহে প্ৰসংগ টানি অনা হৈছে। বিপৰীতে– ১০) উমচালানি প্ৰাথমিক বিদ্যালয়, ২০০৭ চনত স্থাপিত, গাৰো মাধ্যম (ভেঞ্চাৰ), ১১) গণপতি প্ৰাথমিক বিদ্যালয়, ২০০৪ চনত স্থাপিত, গাৰো মাধ্যম, ১২) গণপতি উচ্চ প্ৰাথমিক বিদ্যালয়, ২০১০ চনত স্থাপিত, ইংৰাজী মাধ্যম, ১৩) আমৰিং প্ৰেচবেটেৰিয়ান প্ৰাথমিক বিদ্যালয়, ২০০৯ চনত স্থাপিত, খাছি মাধ্যম (ভেঞ্চাৰ), ১৪) পাহাম–উমশ্ৰু চৰকাৰী প্ৰাথমিক বিদ্যালয়, ১৯৮৯ চনত স্থাপিত, খাছি মাধ্যম, ১৫) লাৰচিং খংৱিৰ প্ৰেচবেটেৰিয়ান প্ৰাথমিক বিদ্যালয়, ৰাণী–জিৰাং, ২০১০ চনত স্থাপিত, মাধ্যম ইংৰাজী (ভেঞ্চাৰ), এই বিদ্যালয় কেইখন সীমান্তৰ অকল অসমীয়া গাঁৱক কেন্দ্ৰকৰি নিৰ্মাণ কৰা বিদ্যালয়।  

ৰাণীবাৰী চি আৰ চিঃ

১) ৰাণীবাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয় ১৯৭২ চনত স্থাপিত, অসমীয়া মাধ্যম, ২) নংষ্পুং উচ্চ মাধ্যমিক বিদ্যালয়, নিউ ভালাখোৱা, ২০০৩ চনত স্থাপিত, ইংৰাজী মাধ্যম (ভেঞ্চাৰ), জিৰাং এলেকা, ৩) ৰাণীবাৰী উচ্চ প্ৰাথমিক বিদ্যালয়, ২০০২ চনত স্থাপিত, মাধ্যম অসমীয়া জিৰাং এলেকা, ৪) ভালাখোৱা উচ্চ প্ৰাথমিক বিদ্যালয় ১৯৯২ চনত স্থাপিত, হিন্দী মাধ্যম (ভেঞ্চাৰ), জিৰাং এলেকা, ৫) বীৰ নংচাই প্ৰাথমিক বিদ্যালয় ১৯৯২ চনত স্থাপিত, অসমীয়া মাধ্যম (ভেঞ্চাৰ), নংষ্পুং এলেকা, ৬) বিলপাৰা উচ্চ প্ৰাথমিক বিদ্যালয় ২০০৭ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ৭) ভালাখোৱা চৰকাৰী প্ৰাথমিক বিদ্যালয় ১৯৬৪ চনত স্থাপিত, গাৰো মাধ্যম, জিৰাং এলেকা, ৮) উমশ্ৰু চৰকাৰী প্ৰাথমিক বিদ্যালয় ১৯৮৪ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ৯) হাওলা প্ৰাথমিক বিদ্যালয়, ২০০৪ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা ১০) শুকু নিজৰা প্ৰাথমিক বিদ্যালয়, ২০০৮ চনত স্থাপিত, অসমীয়া মাধ্যম (ভেঞ্চাৰ), জিৰাং এলেকা,

১১) বীৰ নংচাই উচ্চ প্ৰাথমিক বিদ্যালয়, ২০০২ চনত স্থাপিত, অসমীয়া মাধ্যম, নংখ্লাও এলেকা, ১২) জিমিৰিগাঁও প্ৰাথমিক বিদ্যালয় ১৯৯৮ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ১৩) উমশ্ৰু উচ্চ প্ৰাথমিক বিদ্যালয়, ২০০৪ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ১৪) বিলপাৰা প্ৰাথমিক বিদ্যালয় ১৯৯৩ স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ১৫) বাখালাপাৰা উচ্চ প্ৰাথমিক বিদ্যালয় ২০১২ চনত স্থাপিত, অসমীয়া মাধ্যম, (ভেঞ্চাৰ), জিৰাং এলেকা, ১৬) শালসেৰ প্ৰাথমিক বিদ্যালয়, ২০০৭ চনত স্থাপিত, মাধ্যম অসমীয়া, জিৰাং এলেকা, ১৭) বীৰ নংচাই চৰকাৰী প্ৰাথমিক বিদ্যালয় ১৯৮২ চনত স্থাপিত, অসমীয়া মাধ্যম, নংখ্লাও এৰিয়া, ১৮) লুংখুং উচ্চ প্ৰাথমিক বিদ্যালয়, ২০০৪ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ১৯) ভালাখোৱা উচ্চ মাধ্যমিক বিদ্যালয়, ২০১০ চনত স্থাপিত, ইংৰাজী মাধ্যম (ভেঞ্চাৰ), জিৰাং এলেকা, ২০) পাটগাঁও উচ্চ প্ৰাথমিক বিদ্যালয়, ২০০৬ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ২১) পাটগাঁও প্ৰাথমিক বিদ্যালয় ১৯৯৩ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ২২) লুংখুং প্ৰাথমিক বিদ্যালয় ১৯৯১ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ২৩) নংষ্পুং প্ৰাথমিক বিদ্যালয়, নিউ ভালাখোৱা, ২০০৩ চনত স্থাপিত, ইংৰাজী মাধ্যম (ভেঞ্চাৰ), জিৰাং এলেকা, ২৪) বাখালাপাৰা প্ৰাথমিক বিদ্যালয়, ১৯৮৫ চনত স্থাপিত, অসমীয়া মাধ্যম, জিৰাং এলেকা, ২৫) নংষ্পুং উচ্চ প্ৰাথমিক বিদ্যালয়, ২০০৩ চনত স্থাপিত (নিউ ভালাখোৱা), ইংৰাজী মাধ্যম (ভেঞ্চাৰ), জিৰাং এলেকা, ২৬) আখৈ নিজৰা প্ৰাথমিক বিদ্যালয় ২০০৭ চনত স্থাপিত, অসমীয়া মাধ্যম (ভেঞ্চাৰ), জিৰাং এলেকা।

মেঘালয় চৰকাৰে অসমৰ যিসমূহ গাঁৱত বিদ্যালয় স্থাপন কৰিছে তাত পূৰ্বৰেপৰাই অসমৰ বিদ্যালয়সমূহ চলিআছিল।

২নং ৰাণী চি আৰ চি’ৰ অধীনৰ বিদ্যালয় সমূহ

ৰংমালী প্ৰাথমিক বিদ্যালয়, স্থাপিত ১৯৮২ চন। নাৰলিং প্ৰাথমিক বিদ্যালয়, ১৯৭৭ চনত স্থাপিত। ডুম’পাহাম প্ৰাথমিক বিদ্যালয়, ১৯৫৮ চনত স্থাপিত। গঁড়ভাংগা প্ৰাথমিক বিদ্যালয়, ১৯৬০ চনত স্থাপিত। নংটাৰীয়া প্ৰাথমিক বিদ্যালয়, ১৯৫৭ চনত স্থাপিত। জালুক পাহাম প্ৰাথমিক বিদ্যালয়, ১৯৭৩ চনত স্থাপিত।

১নং দক্ষিণ ভোলাগাঁও চি আৰ চি’ৰ অধীনৰ বিদ্যালয় সমূহ 

১) জিমিৰিগাঁও প্ৰাথমিক বিদ্যালয়, ১৯৪২ চনত স্থাপিত, ৰাজহ গাঁও, ২) শালসেৰ–বাটাবাৰী প্ৰাথমিক বিদ্যালয়, ১৯৬৫ চনত স্থাপিত, ৰাজহ গাঁও, ৩) মাটাইখাৰ–মিলনপুৰ প্ৰাথমিক বিদ্যালয়, ১৯৮৬ চনত স্থাপিত, পাটগাঁও বান্ধপাৰা ৰাজহ গাঁও, ৪) পাটগাঁও প্ৰাথমিক বিদ্যালয়, ১৯৬৮ চনত স্থাপিত, পাটগাঁও বান্ধপাৰা ৰাজহ গাঁও, ৫) বাখালাপাৰা–বাটাবাৰী মধ্য ইংৰাজী বিদ্যাল, ১৯৭৫ চনত স্থাপিত, বাখালাপাৰা ৰাজহ গাঁও, ৬) কুণ্ডিল নগৰ প্ৰাথমিক বিদ্যালয়, ১৯৬৯ চনত স্থাপিত, বাখালাপাৰা ৰাজহ গাঁও, ৭) নগাঁও প্ৰাথমিক বিদ্যালয়, ১৯৯২ চনত স্থাপিত, উমচুৰ ৰাজহ গাঁও, ৮) উমচুৰ প্ৰাথমিক বিদ্যালয়, ১৯৪৯ চনত স্থাপিত, উমচুৰ ৰাজহ গাঁও, ৯) বাখালাপাৰা প্ৰাথিমক বিদ্যালয়, ১৯০৯ চনত স্থাপিত, বাখালাপাৰা ৰাজহ গাঁও, ১০) মাটাইখাৰ এম ভি স্কুল, ১৯৬১ চনত স্থাপিত, কুটলপাৰা, ১১) মুদুকী প্ৰাথমিক বিদ্যালয়, ১৯৪৮ চনত স্থাপিত, ১২) লংচাই প্ৰাথমিক বিদ্যালয়, ১৯৪৮ চনত স্থাপিত, ১৩) ঔগুৰি প্ৰাথমিক বিদ্যালয়, ১৯৮৭ চনত স্থাপিত।

২নং দক্ষিণ ভোলাগাঁও চি আৰ চি’ৰ অধীনৰ বিদ্যালয় সমূহ

১) নতুন বাটাবাৰী প্ৰাথমিক বিদ্যালয়, ১৯৯০ চনত স্থাপিত, মৈৰাপুৰ ৰাজহ গাঁও, ২) মৈৰাপুৰ মধ্য ইংৰাজী বিদ্যালয়, ১৯৮৪ চনত স্থাপিত, ৰাজহ গাঁও, ৩। মৈৰাপুৰ গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়, ১৯৫৪ চনত স্থাপিত, গাৰো মাধ্যম, ৰাজহ গাঁও, ৪) গণপতি প্ৰাথমিক বিদ্যালয়, ১৯৪৯ চনত স্থাপিত, মৈৰাপুৰ ৰাজহ গাঁও।

উক্ত বিদ্যালয়সমূহ থকাৰ পাছতো অসমীয়া গাঁও সমূহৰ ওচৰে–পাজৰে মেঘালয়ে বিদ্যালয় স্থাপনৰ ধুমুহা অব্যাহত ৰাখিছে। মেঘালয়ৰ উদ্দেশ্য বা কি! অসম চৰকাৰে ইয়াৰ ওপৰত নজৰ ৰখাতো ভাল।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward