Friday, March 29, 2024
HomeARTICLEপশ্চিম গুৱাহাটীৰ জনজাতীয় গাঁওঃ কেৱল বঞ্চনা কৰি আহিছে জনপ্ৰতিনিধিসকলে

পশ্চিম গুৱাহাটীৰ জনজাতীয় গাঁওঃ কেৱল বঞ্চনা কৰি আহিছে জনপ্ৰতিনিধিসকলে

প্ৰকাশিত তাৰিখঃ ১২ এপ্ৰিল, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ পশ্চিম গুৱাহাটীৰ কেইখনমান জনজাতীয় গাঁও। গাঁওকেইখন প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত অৱস্থিত, যাৰ চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। তাৰ মাজত অৱস্থিত জনজাতি বসতি প্ৰধান ১৬খনকৈ গাঁও– গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, নতুন গঁড়ভাংগা, ৰংমালী (নুমলিপথাৰ), মাটাং, জালুক পাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, ডেকাপথাৰ, আমৰিং, নাৰলিং (নৰ্লং), চাংমা নগৰ। ডেকাপথাৰত বড়ো, ৰাভা, চাংমা নগৰত গাৰো, কায়াং পথাৰত নেপালি আৰু বাকীবোৰ গাঁৱত কাৰ্বিলোকৰ বসতি প্ৰধান। ৰাণী আৰু গঁড়ভাংগা সংৰক্ষিত বনাঞ্চলত অৱস্থিত এই গাঁওকেইখনে যুগ যুগ ধৰি আন্তঃৰাজ্যিক সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় দি আছে। তেওঁলোকে তেনেদৰে থিয় দি থকা বাবেই আন্তঃৰাজ্যিক সীমান্ত বহুখিনি সুৰক্ষিত হৈ আছে। নিঃস্বাৰ্থভাৱে সীমা সুৰক্ষা দি থকা গাঁওকেইখনক আমাৰ জনপ্ৰতিনিধিসকলে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থতহে মনত পেলায়। সেইসময়ত বিভিন্ন ৰাজনৈতিক দল–সংগঠনৰ নেতা–পালিনেতাৰে তেওঁলোকৰ গাওসমূহ ভৰি পৰে। নিৰ্বাচনৰ পাছত কোনোলোকৰ ছাঁ গাঁওবাসীয়ে দেখিবলৈ নাপায় একেবাৰে পিছৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে। কেৱল নিৰ্বাচনৰ সময়তহে প্ৰাসংগিক হৈ পৰা এই মানুহখিনিৰ জীৱন–জীৱিকাৰ মান উন্নত কৰি তুলিবলৈ দিছপুৰীয়া চৰকাৰসমূহৰ কোনো এজন জনপ্ৰতিনিধিৰ সময় নিমিলিল। তেওঁলোকক কেৱল বঞ্চনাই কৰি আহিছে। অথচ গাঁওকেইখনৰ ৰাইজে লোকসভা, বিধানসভা, পঞ্চায়ত আদি সকলোবোৰ নিৰ্বাচনতে ভোট দি আহিছে। শেহতীয়াভাৱে তেওঁলোকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদতো ভোটদান কৰি আহিছে। স্বাৰ্থপৰ চৰকাৰ–জনপ্ৰতিনিধি সকলৰ বাবে উন্নয়ন বঞ্চিত গাঁওবাসী আজিও এশ এবুৰি সমস্যাৰে জৰ্জ্জৰিত। বিপৰীতে, গাঁওবাসীয়ে  নিস্বাৰ্থভাৱে প্ৰকৃতিৰ অনুপম সেউজ পৰিবেশ লাভ কৰিছে।

শিক্ষাঃ পশ্চিম গুৱাহাটীৰ পাহাৰীয়া বৃহৎ অঞ্চলটোত প্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয় আছে ছয়খন। গঁড়ভাংগা প্ৰাথমিক বিদ্যালয় (১৯৬০ চন)। ৰংমালী প্ৰাথমিক বিদ্যালয় (১৯৮২ চন)। জালুক পাহাম প্ৰাথমিক বিদ্যালয় (১৯৭৩ চন)। নংটাৰীয়া প্ৰাথমিক বিদ্যালয় (১৯৫৭ চন)। ডুম’ পাহাম প্ৰাথমিক বিদ্যালয় (১৯৫৮ চন)। নাৰলিং প্ৰাথমিক বিদ্যালয় (১৯৭৭ চন)। বৃহৎ এলেকাটোত মধ্য ইংৰাজী বা উচ্চ মাধ্যমিক বিদ্যালয় এখন স্থাপন নহ’ল। উচ্চ শিক্ষাৰ বাবে তেওঁলোক ৰাণী নতুবা লখৰাত থাকি পঢ়িব লাগিব।   

যাতায়তঃ দূৰ্গম যাতায়তী পথ ব্যৱস্থা, গাঁও কেইখনৰ লোকসকলে খোজকঢ়াৰ বাদে অন্য উপায় নাই। ৰাণীলৈ খোজকাঢ়ি অহা–যোৱা কৰোতে গাঁও বিশেষে ডেৰ ঘণ্টা, চাৰি ঘণ্টা আৰু সাত ঘণ্টা সময়ৰ প্ৰয়োজন হয়। খোজকাঢ়িয়েই তেওঁলোকৰ কেইবা পুৰুষে পাৰ কৰিছে। অতীতৰেপৰা পাহাৰ–ভৈয়ামৰ মাজত পথ যোগাযোগ স্থাপনত গভীৰ অৰণ্যৰ মাজৰ এইকেইটা পথ ব্যৱহাৰ কৰিছিল– গুৱাহাটী মহানগৰীৰ লখৰাগড়ভাংগা সংযোগী পথঃ এই পথেৰে গঁড়ভাংগা, উলুবাৰী, পাহাম জিলা, নতুন গঁড়ভাংগা, ৰংমালী (নুমলিপথাৰ), মাটাং হৈ জালুক পাহামত সংযোগ ঘটিছে। মাটাংৰাণী সংযোগী পথঃ মাটাং, জালুকপাহাম, কায়াং পথাৰ, ভালুকখোৱা, ডুম’পাহাম, নংটাৰীয়া, অৰব্লাং, চাংমা নগৰ হৈ ৰাণীত সংযোগ ঘটিছে। নুমলিপথাৰৰাণী সংযোগী পথঃ নুমলিপথাৰ, ডেকাপথাৰ, আমৰিং, নাৰলিং (নৰ্লং), কপিলী হৈ ৰাণীত সংযোগ ঘটিছে। অতি প্ৰয়োজনতহে তেওঁলোক লখৰালৈ যায় বাকী নিত্য প্ৰয়োজনী সামগ্ৰীৰ বাবে ৰাণী বজাৰৰ ওপৰতে নিৰ্ভৰশীল।    

প্ৰধানন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসম চৰকাৰে ২০১২ চনতে লখৰা–গঁড়ভাংগা–জালুক পাহাম সংযোগী পথটো নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল। ২২ কোটি টকা ব্যয় সাপেক্ষ পথটোৰ নিৰ্মাণ কাৰ্য বৰ্তমানও চলি আছে। ইপিনে, ৰাণী–কপিলীৰ পৰা নাৰলিং–ডুম’পাহাম হৈ জালুক পাহামলৈকে এই পথছোৱা নিৰ্মাণ কাৰ্যও আৰম্ভ হৈছে। বিগত ২০১৭ চনৰ ৩১ মাৰ্চত শুভাৰম্ভ কৰা পথটি নিৰ্মাণত মুঠ ১৯কোটি ৪২লাখ ৩৬হেজাৰ দুশ বিৰাশী টকা অনুমোদন কৰা হৈছে। ২৮.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উক্ত পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে অনিল দাসে। ইতিমধ্যে, ২০১৮ চনতে পথটোৰ কাম–কাজ ৰাণীৰ পৰা নাৰলিং গাৱলৈকে আগবঢ়াৰ লগতে কপিলীৰ পৰা দুই কিলোমিটাৰ পথত ব্ল’কৰ কাম সম্পূৰ্ণ কৰি তুলিছে।

ৰাণী–জালুক পাহাম–লখৰা সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে পাহাৰ–ভৈয়ামৰ মাজত পথ যোগাযোগ ব্যৱস্থা সহজ হৈ উঠিব। চৰকাৰৰ এই কাৰ্যই ৰাইজৰ মাজত এক আশাৰ বতৰা কঢ়িয়াই আনিছিল। এয়া নিশ্চিতিভাৱে যুগ যুগ ধৰি বৰ্হিঃবিশ্বৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন অঞ্চলটোৰ সভ্যতাৰ দিশত এক নতুন দিগন্তৰ সূচনা। ঐতিহাসিক এক মাইলৰ খুটি স্বৰূপ এই পথটো নিৰ্মাণৰ বাবে আগবঢ়াত সকলোৱে আনন্দ প্ৰকাশ কৰিছিল। কিন্তু দূৰ্ভাগ্যজনকভাৱে ৰাণী–ডুম’পাহাম–জালুক পাহাম পথটোৰ নিৰ্মাণকাৰ্য বন্ধ হৈ পৰিছে। ইয়াৰ মূল কাৰণ হ’ল– সুদীৰ্ঘ পথছোৱা বন বিভাগৰ ভূমিৰ মাজেৰে অতিক্ৰম কৰিছে। সেয়ে পথ নিৰ্মাণৰ ক্ষেত্ৰত বন বিভাগৰ পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ (এন অ চি)ৰ প্ৰয়োজন। লোক নিৰ্মাণ বিভাগে বন বিভাগলৈ এন অ চি সন্দৰ্ভত বিভাগীয় পত্ৰ প্ৰেৰণ কৰিছে যদিও এই পৰ্যন্ত বিভাগটোৱে উক্ত প্ৰমাণ পত্ৰ দিয়া নাই। দ্বিতীয়তে, ওখ–ওখ পাহাৰৰ মাজেৰে অতিক্ৰম কৰা পথটোৰ নিৰ্মাণকাৰ্য যথেষ্ট ব্যয়বহুল। চৰকাৰে প্ৰতিকিলোমিটাৰ পথ নিৰ্মাণত ৮৮ লাখ টকা ধাৰ্য কৰিছে যদিও ডেৰ কোটিৰ কমত এই কাম সম্পন্ন কৰাটো সম্ভৱ নহয়। এয়া পথ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা কথা। সেয়ে বন্ধ হৈ থকা পথটোৰ নিৰ্মাণ কাৰ্য কেতিয়াকৈ আৰম্ভ হ’ব সেয়া জানিবপৰা নাযায়। বিপৰীতে, লখৰাৰ পৰা গঁড়ভাংগা হৈ জালুক পাহাম সংযোগী পথছোৱাত বৰ্তমান পূৰ্ণদ্যোমে নিৰ্মাণকাৰ্য চলি আছে যদিও বন বিভাগৰ হেমাহিৰ বাবে ঠাইয়ে ঠাইয়ে বাধাৰ সন্মুখীন হৈছে। সেয়ে এসময়ত ব্যৱহাৰ কৰা লুংলুঙীয়া পথকেইটাকে ৰাইজে নিজাববীয়াকৈ মেৰামতি কৰি লৈছে। আজি আঠ–দহ বছৰমানৰ পৰা উন্নত কৰি তোলা পথকেইটাত বতৰ ভালে থাকিলে টানে–বিপদে অন্ততঃ ট্ৰাক, জীপ, বাইক আদি চলাচল কৰিবপৰা অৱস্থা এটা হৈছে।

স্বাস্থ্যঃ পাহাৰীয়া গাঁও কেইখনৰ মূল স্বাস্থ্য কেন্দ্ৰ হ’ল ৰাণী সামূহিক চিকিৎসালয়। বৃহৎ এলেকাটোৰ গঁড়ভাংগা, জালুক পাহাম, ডুম’পাহামত একোখনকৈ উপ–স্বাস্থ্য কেন্দ্ৰ আছে। ইপিনে, অঞ্চল বিশেষত আশাকৰ্মীও আছে। কিন্তু ৰাইজ উপকৃত হ’ব পৰাকৈ উপ–স্বাস্থ্য কেন্দ্ৰসমূহত ব্যৱস্থা উপলব্ধ নহয়। তদুপৰি কেন্দ্ৰটোত স্বাস্থ্যকৰ্মী নিৰ্দিষ্ট দিনৰ মুৰেমুৰেহে উপস্থিত হয়। সেয়ে উপ–স্বাস্থ্য কেন্দ্ৰৰ চিকিৎক–কৰ্মীৰ পৰিৱৰ্তে ৰাইজে আশাকৰ্মীৰ ওপৰতহে বেছি ভাৰসা কৰিবলগা হয়। তেওঁলোকেই অঞ্চলটোত মানুহৰ বেমাৰ–আজাৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আহিছে। আশাকৰ্মীৰ প্ৰাথমিক চিকিৎসাত আৰোগ্য নোহোৱা ৰোগীক সাঙিত, শিশুসকলক বোকোচাত বান্ধি চিকিৎসাৰ বাবে ৰাণীত আনিবলগা হয়। যদিও, গৰ্ভৱতী মহিলাৰক্ষেত্ৰত বহু অসুবিধা ভোগ কৰিবলগা হয়। অতি কষ্টকৰ আৰু কৰুণ এই দৃশ্যসমূহ নিজ চকুৰে নেদেখিলে মানুহে বিশ্বাস কৰাটোও টান। অঞ্চলটোৰ এনে অসুবিধাৰ পৰা সকাহ প্ৰদানৰ বাবে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমটো শাসনকালত ৰাণীৰ পৰা ডুম’পাহামলৈ এক এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰিছিল। দুই–এটা বছৰ চলাচল কৰিছিল কিন্তু বিভিন্ন কাৰণত এম্বুলেন্স সেৱা বৰ্তমান বন্ধ হৈ আছে। সেয়ে আধুনিক যুগৰ এম্বুলেন্স সেৱা বৰ্তমান বিকল হৈ পৰাত ৰাইজে যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহা সাতামপুৰুষীয়া ‘সাঙি’খনকে পুনৰ ব্যৱহাৰ কৰিবলৈ লৈছে।  

বিজুলীঃ অসম চৰকাৰৰ শক্তি বিভাগে যোগানধৰা বিদ্যুতেৰে মনোৰম প্ৰকৃতিৰ মাজত অৱস্থিত গাঁওকেইখন বিজুলী–চাকিৰ পোহৰেৰে জিলিকি উঠিব বুলি এই জনমত  ৰাইজে আশা নকৰে। যদিও, কেইখনমান গাঁৱত কেন্দ্ৰীয় চৰকাৰৰ অনুদান প্ৰাপ্ত সৌৰশক্তি চালিত বিদ্যুৎ উৎপাদন ইউনিট স্থাপন কৰিছে। বৃহৎ অঞ্চলটোৰ নাৰলিং, নংটাৰীয়া, ডুম’পাহাম, গঁড়ভাংগা এই চাৰিখন গাঁৱত ৪৪০ ভল্টৰ একোটিকৈ সৌৰ শক্তি উৎপাদন ইউনিট নিৰ্মাণ কৰিছে। উক্ত ইউনিটৰ দ্বাৰাই সমগ্ৰ গাঁওকেইখনে লাইট, ফেন আদি চলাবপৰা ব্যৱস্থা এটা হৈছে।

খোৱাপানীঃ বিশুদ্ধ পানী কি তেওঁলোকে নাজানে। তেওঁলোকে জানে জুৰি–নিজৰাৰ পানী সেৱন কৰি জীয়াই থাকিব লাগে। যুগ যুগ ধৰি তেওঁলোকে জুৰি–নিজৰাৰ পানীকে সেৱন কৰি আহিছে। এই মুহুৰ্তলৈকে গাঁওকেইখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো আঁচনিয়েই ঢুকি পোৱা নাই। কিন্তু আমাৰ চুবুৰীয়া মেঘালয় চৰকাৰে তেওঁলোকৰ অধীনৰ গাঁওসমূহত জুৰি–নিজৰাৰ পানী বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰি ৰাইজৰ মাজত যোগান ধৰি আহিছে। বিপৰীতে, আমাৰ চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে সেই পদ্ধতি ঢুকিয়েই নাপালে।

ভূমিঃ ৰাণী আৰু গঁড়ভাংগা সংৰক্ষিত বনাঞ্চল দুখনতে অৱস্থিত এই ১৬খন গাঁও। ভাৰতীয় বন আইন ১৮৭৮ অনুসৰি অসম চৰকাৰে ১৮৮২ চনত ৪৩৭০ হেক্টৰ মাটিকালিৰ ৰাণী আৰু ১৯২৬ চনত ১৮,৮৬০.৫৮ হেক্টৰৰ মাটিকালিৰ গঁড়ভাংগা বনাঞ্চলক সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি প্ৰদান কৰা হয়। এই গাঁওকেইখনে বনভূমি আৰু চৰকাৰী ৰাজহ ভূমিত বসবাস কৰি আছে। য’ত ১৯০১ চনতে বসবাস কৰাৰ নথিপত্ৰ মজুত আছে। কিন্তু এই ভূমিপুত্ৰসকলেই আজি ভূমিহীন। কোনো ব্যক্তিয়ে ভূমিৰ পট্টা লাভ কৰা নাই। ভূমিৰ পট্টা নাই বাবে চৰকাৰী আঁচনিৰ সা–সুবিধাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে। স্থানীয় কৃষক সংগঠনৰ নেতা দীনেশ দাসৰ নেতৃত্বত ২০০৯ চনৰ পৰা উক্ত অঞ্চলটোত ভূমিৰ অধিকাৰ বিচাৰি এলানী আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰে। প্ৰতিখন গাঁৱতে ভূমি সুৰক্ষা সমিতি গঠন কৰি আন্দোলনৰ কাৰ্যসূচী আগুৱাই নিয়াৰ সংকল্পবদ্ধ হোৱা ৰাইজৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈও সহযোগ আগবঢ়ায়। ভূমি আন্দোলনৰ পৰিপ্ৰেক্ষিতত ২০১৩ চনৰ পৰা অঞ্চলটোৰ গাঁওসমূহত ভূমিৰ আৱণ্টন প্ৰক্ৰিয়া আৰম্ভ হয়। দুখৰ বিষয় এহেজাৰটা পৰিয়ালয়ৰ ভিতৰত মাত্ৰ ৮০টা পৰিয়ালকহে ভূমিৰ আৱণ্টন পত্ৰ দিয়াৰ ব্যৱস্থা কৰে একৰ পৰা তিনি বিঘাকৈ। আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ২০০৬ চনৰ বন নীতি অনুসৰি ২০০৫ চনলৈ বনভূমিত বসবাস কৰাসকল ভূমি অধিকাৰ পোৱাৰ যোগ্য। ইতিমধ্যে, গাঁওকেইখনত বন অধিকাৰ কমিটি (এফ আৰ চি) গঠন কৰিছে। নিয়ম অনুসৰি এফ আৰ চি’ৰ সহযোগত জিলা উপায়ুক্ত আৰু বন বিভাগে জৰীপ কাৰ্য আগুৱাই নিব লাগে। কিন্তু এই জৰীপ কাৰ্য কোনো ধৰণে আগুৱাই নিয়া নাই। ইপিনে, ভূমিৰ অধিকাৰ লাভ নকৰা পৰ্যন্ত আন্দোলন চলি থাকিব বুলি কৃষক নেতা দীনেশ দাসে ইতিমধ্যে ঘোষণা কৰি থৈছে।

দিছপুৰীয়া চৰকাৰৰ জনপ্ৰতিনিধি সকলে কেৱল প্ৰতাৰণা কৰি অহাত ২০১২ চনত এই ১৬খন গাঁৱৰ ৰাইজ লগলাগি এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। সেই সভাতে অসমৰ পৰা স্বেচ্ছাই বিদায় লৈ মেঘালয়ত চামিল হোৱাৰ এক চৰম প্ৰস্তাৱ গ্ৰহন কৰিছিল। ইয়াৰ লগেলগে চৰকাৰ–প্ৰশাসনৰ মাজত দৌৰাদৌৰি লাগিছিল। প্ৰশাসন–ৰাইজৰ মাজত কেইবালানীও আলোচনা চলিল। আলোচনাৰ অন্তত উন্নয়নৰ বিভিন্ন আশ্বাস লাভ কৰিলে ৰাইজে। কিন্তু প্ৰশাসনৰ আশ্বাসবোৰ বাস্তৱত ৰূপায়ন নহ’ল। আমাৰ জনপ্ৰতিনিধিসকলৰ অৱহেলাৰ বাবে গাঁওকেইখনৰ ওপৰত মেঘালয়ৰ নজৰ পৰিছে। গাঁওকেইখনৰ একাংশলোকক তেওঁলোকে ভোটাধিকাৰ দিয়াৰ লগতে সীমান্তত বিদ্যালয় স্থাপন, বিজুলী, খোৱাপানী যোগান, বাট–পথ উন্নয়নকে আদিকৰি বিভিন্ন সা–সুবিধা প্ৰদান কৰিছে। দ্বৈত ভোটাধিকাৰ লাভকৰা এইসকল লোক এতিয়া অসম–মেঘালয় দুয়ো ৰাজ্যৰে বাসিন্দা। দুইফালৰ পৰা সুবিধা গ্ৰহন কৰি অহা এইসকল লোকৰ বাবে এদিন ৰাজ্য দুয়োৰাজ্যৰ মাজত যে সীমা সংঘাত নঘটিব কথাটো নুই কৰিব নোৱাৰি। সেয়ে সময় থাকোতে মেঘালয়ৰ আগ্ৰাসনৰ হাতোৰা বন্ধ কৰাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহন কৰিব লাগে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward