Saturday, April 20, 2024
Homeবাতৰিডিব্ৰুগড়ত আন্তঃৰাষ্ট্রীয় কৃষি উদ্যান শস্য মেলা

ডিব্ৰুগড়ত আন্তঃৰাষ্ট্রীয় কৃষি উদ্যান শস্য মেলা

প্ৰকাশিত তাৰিখঃ ৮ জানুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স –

পঞ্চম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা ডিব্ৰুগড় জিলাৰ চৌকিডিঙী খেল পথাৰত অনুষ্ঠিত হয়। যোৱা ৫জানুৱাৰীৰ পৰা আৰম্ভ হোৱা উদ্যান শস্য মেলাখন ৮ জানুৱাৰীলৈ চলিব। অসম চৰকাৰৰ কৃষি উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগত আৰু অসম কৃষি বিশ্ববিদ্যালয়, ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চ আৰু ৰাষ্ট্ৰীয় কৃষি গ্ৰামোন্নয়ণ বেংক (নাবাৰ্ড)ৰ সহযোগত মেলাখন অনুষ্ঠিত হয়।

আন্তঃৰাষ্ট্ৰীয় কৃষি মেলাৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধনী ভাষণত তেখেতে উল্লেখ কৰে যে, অসম কৃষিখণ্ডৰ উন্নয়নৰ ওপৰত নিৰ্ভলশীল। কৃষি অৰ্থনীতি টনকিয়াল অবিহনে অসমৰ ভবিষ্যত উজ্বল নহ’ব। ৰাজ্যখনৰ উন্নয়নৰ গতি খৰতকীয়া কৰিবলৈ কৃষিকাৰ্যত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি সাৰুৱা মাটিক উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব। যুৱচাম কৃষিকৰ্মত আত্মনিয়োগ হ’লেহে কৃষিখণ্ডই প্ৰাণ পাব। যুৱচাম কৃষিখণ্ডত আত্মনিয়োগ কৰিলেহে নিজৰ পৰিয়াল লগতে দেশৰ উন্নয়নত অৰিহনা যোগাবলৈ সক্ষম হ’ব। সেয়ে যুৱচামক কৃষিকাৰ্যত আত্মনিয়োগ হ’বলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে তেখেতে কয়– কৰ্ম–সংস্কৃতিয়ে সমাজ উন্নয়নৰ মূল চালিকা শক্তি। গতিকে কৃষক ৰাইজে আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু কৰ্ম–সংস্কৃতিৰ মাজেদি কৃষি–সংস্কৃতিক এক সুন্দৰ ৰূপ দিব লাগিব। ইতিমধ্যে কৃষিখণ্ডত উন্নত প্রযুক্তিবিদ্যা ব্যৱহাৰ কৰি পঞ্জাব, হাৰিয়ানা, গুজৰাট আদি ৰাজ্যসমূহে কৃষি উৎপাদনশীলতা বৃদ্ধি কৰি নিজ নিজ ৰাজ্যক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ সমৰ্থ হৈছে। অসমৰ কৃষকসকলেও বছৰত এটা খেতিৰ ঠাইত তিনিটা খেতি কৰি পৰিয়ালৰ আয় বৃদ্ধি কৰক। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ২৬হাজাৰখন ৰাজহ গাঁৱত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গাঁও উন্নয়ন যোজনাৰ অধীনত একোখনকৈ ট্ৰেক্টৰ যোগানৰ আঁচনি হাতত লৈছে।

শুভ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি কৃষি মন্ত্ৰী অতুল বৰাই কয়– চৰকাৰে কৃষিক্ষেত্ৰ বিকাশৰ বাবে কৃষক, বজাৰ আৰু চৰকাৰৰ সমন্বয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। ৰাজ্যখনত উৎপাদিত আদা, হালধি, জালুক, কমলা, বিভিন্ন ফুল আৰু অৰ্কিড, কোমল চাউল, জহা চাউল, ৰঙা চাউল আদিৰ ‘ভেল্যু এডিছন’ৰ জৰিয়তে বিশ্বৰ বজাৰত ৰাজ্যখনে যাতে নিজৰ অস্তিত্ব জাহিৰ কৰিব পাৰে, তাৰ ওপৰতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰি আহিছে। কৃষিভূমিত জলসিঞ্চনৰ সুবিধা নিশ্চিত কৰাৰ বাবে কৃষক ৰাইজৰ মাজত অতি সোনকালে এক লাখ অগভীৰ নলী–নাদ আৰু দহ হাজাৰ সৌৰচালিত পাম্প বিতৰণ কৰা হ’ব বুলি উল্লেখ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এখন জৈৱিক কৃষি পঞ্জী উদ্বোধন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাপ্ৰাপ্ত পাঁচজন প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰে।  

অনুষ্ঠানটোত ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়কসকল ক্রমে নৰেন সোণোৱাল, প্রশান্ত ফুকন, চক্রধৰ গগৈ, ঋতুপৰ্ণ বৰুৱা, তেৰছ গোৱালা, সঞ্জয় কিষাণ, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব কে কে মিট্টাল, কৃষি বিভাগৰ আয়ুক্ত সচিব অম্লান বৰুৱা, ডিব্রুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰী, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, মালয়েছিয়া আৰু বলিভিয়াৰ ৰাষ্ট্রদূত, উগাণ্ডাৰ উচ্চায়ুক্ত, ৰয়েল থাই কাউন্সিলৰ মিনিষ্টাৰ কাউন্সিলৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্রাৰী, আসাম হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, আসাম পেট্র’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ পোনাকণ বৰুৱাও উপস্থিত থাকে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward