Saturday, April 20, 2024
Homeবাতৰিআমচাং অভয়াৰণ্যত পুনৰ উচ্ছেদ অভিযান

আমচাং অভয়াৰণ্যত পুনৰ উচ্ছেদ অভিযান

প্ৰকাশিত তাৰিখঃ ২৭ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–   

চৰকাৰৰ দীৰ্ঘদিনীয়া বিৰতিৰ পিচত আমচাং অভয়াৰণ্যক বেদখলমুক্ত কৰিবলৈ আজিৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান। হাতী, এক্সভেটৰ, প্ৰশাসনৰ দ্বাৰা নিয়োজিত শ্ৰমিক, আৰক্ষী–অৰ্ধসামৰিক বাহিনীৰ সৈতে কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনৰ লোক অভয়াৰণ্যখনত উপস্থিত হয়। প্ৰশাসনৰ বিশাল বাহিনী দেখি আতংকিত হোৱা বাসিন্দাসকলৰ মাজত হুৱা–দূৱা লাগে।  

অঞ্চলটোৰ স্থানীয় নৱজ্যোতি সংঘৰ নেতৃত্বত বতাহঘুলি, কংকন নগৰ, ইউছুফ নগৰৰ পৰা শ শ লোক ওলাই আহি প্ৰশাসনৰ উচ্ছেদ কাৰ্যক বাধা প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে আনকি ৰাজপথত বাগৰি প্ৰশাসনীয় বাহিনীক ভেটা দিয়াৰ চেষ্টা কৰে। ইয়াৰ মাজতে একাংশ প্ৰতিবাদীয়ে প্ৰশাসনৰ লোকক শিলগুটিও নিক্ষেপ কৰে। ফলত সশস্ত্ৰ বাহিনীৰ লোকে লাঠি চালনা কৰিবলগীয়া হোৱাত মালতি দাস, ৰচিদা খাতুন আৰু আমিনা খাতুন নামৰ তিনিগৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয়। আহতসকলৰ আটাইকেইজনকে মেডিকেলত ভৰ্তি কৰোৱা হয়।

আনহাতে অভয়াৰণ্যখনত বাসকৰা বহু মিচিং পৰিয়ালৰ উচ্ছেদৰ বাতৰি শুনাৰ লগে লগে TMPK, TMMK, MMK আদি সংগঠনসকলে ধেমাজিতো প্ৰতিবাদ সাব্যস্ত কৰে। জোনাই মহকুমাৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যলয়, ব্যৱসায়িক প্ৰতিষ্ঠান, গাড়ী–মটৰ আদি বন্ধ হৈ পৰে। ৰঙিয়া–মুৰ্কং চেলেং ৰে’লপথত চলাচল কৰা পেচেঞ্জাৰ ট্ৰেইখন অৱৰোধ কৰে।

শিৰোনামৰ ছবিঃ ব্যুৰ’ ফটো  

Photo Courtesy: Bureau Foto

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward