Thursday, April 18, 2024
Homeবাতৰিবঙৰাত ভয়াৱহ মটৰ দূৰ্ঘটনা

বঙৰাত ভয়াৱহ মটৰ দূৰ্ঘটনা

প্ৰকাশিত তাৰিখঃ ২৪ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–  

দক্ষিণ কামৰূপৰ মিৰ্জাৰ পৰা আঢ়ৈ কিলোমিটাৰ দূৰত্বৰ বঙৰাত আজি সংঘটিত হয় এক ভয়ানক মটৰ দূৰ্ঘটনাৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান–জোঁটৰ সৃষ্টি হয়। উক্ত ৰাষ্ট্ৰীয় ঘাইপথ ছোৱাৰ বঙৰাৰ আমৰতলত গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ–০১–ইচি–০৭০৫ নম্বৰৰ ট্ৰেভেলাৰ এখনে এ এছ–০১–বি জেড–৫৬৬৭ নম্বৰ অল্ট’ গাড়ী এখনক প্ৰচণ্ড ভাৱে খুন্দা মাৰে। দুয়োখন গাড়ী মুখামুখী খুন্দা লগাৰ ফলত শিশুসহ ৮ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।  

উল্লেখ্য দূৰ্ঘটনাৰ সময়ত অল্ট’ গাড়ীখনে গুৱাহাটীৰ নাৰেংগীত থকা সম্পৰ্কীয় এঘৰৰ বিয়া এখনত ভাগ লৈ ছমৰীয়াৰ নিজ বাসগৃহলৈ গৈ আছিল। এই দূৰ্ঘটনাৰ ফলত অল্ট’খনত থকা বিৰেণ কলিতা (৪৬) ৰাণী মজুমদাৰ (৩৭) ৰঞ্জনা মজুমদাৰ (৩৬) ৰিপুঞ্জয় মজুমদাৰ (১০) আৰু বিজয় মজুমদাৰ (১০) নামৰ আৰোহীকেইজন বেয়াকৈ আঘাতপ্ৰাপ্ত। সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্ত আৰোহী কেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। অন্যহাতে ট্ৰেভেলাৰখনৰো ৩ গৰাকী যাত্ৰী সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হৈছে।         

 

শিৰোনামৰ ছবিঃ ব্যুৰ’ ফটো  

Photo Courtesy: Bureau Foto 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward