Tuesday, April 30, 2024
HomeNEWSইয়াণ্ডাবুৰ বেহু

ইয়াণ্ডাবুৰ বেহু

প্ৰকাশিত তাৰিখঃ ১৭ জুলাই, ২০২৩

কল্প ৰঞ্জন গগৈ–

১১–০৭–২০৩ চন। ভাৰতবৰ্ষৰ ৭৫ বছৰ। ব্ৰিটিছৰ পৰা মুক্ত। দেশ মানে মানুহ, সম্পদ, সুযোগ, সম্ভাৱনা, শক্তি। সৰ্বমুঠ শক্তি– ১৪২,৪৫৭৬১৭৪। শিক্ষিতৰ হাৰ ৭৪.০৪%। পুৰুষ ৮২.১৪, মহিলা ৬৫.৪৫। কেৰেলাৰ শিক্ষিত– ৯৩.৯১। দেশৰ ভিতৰত শীৰ্ষত। এই ১৪২ কোটি জনসংখ্যা সুযোগ সম্ভাৱনা– শক্তি হ’বলৈ কি লাগিব? অৰ্থনীতি নে শিক্ষা– সংস্কৃতি? সঠিক ৰাজনীতি দেশৰ ৰাজনীতি বৰ্তমানে ৰাইজৰ দ্বাৰা (By the People) হ’বলৈ ১৪২ কোটি সুযোগ বিকশিত হ’ব লাগিব পূৰ্ণাঙ্গভাৱে। (ইয়াণ্ডাবুৰ বেহু)

আজি দেশৰ মূল সমস্যা– সংগঠনহীনতা। সংগঠিত হৈছে ক্ষুদ্ৰ দলীয় স্বাৰ্থলৈ। যুদ্ধ হৈছে কোন হ’ব মতা কুকুৰা– এই প্ৰশ্নত। জনগণৰ বৰভেটি গঢ়াৰ ক্ষেত্ৰত দূৰ্বল। তাৰ প্ৰতিফলন– দেশৰ পৰিস্থিতি– তৃণমূলৰ পঞ্চায়ত পৰ্যন্ত। যেন দুটা প্ৰৱল শত্ৰুৰ মাজৰহে সম্পৰ্ক। আদিম বৰ্বৰ যুগৰ হিংস্ৰ চৰিত্ৰ প্ৰতিজনৰ গাত। সেয়ে দেশৰ এই বিশাল সম্ভাৱনা সুযোগলৈ ৰূপান্তৰিত হ’বলৈ বাকী।

আমি অজলা সৎ সকলে বিশ্বৰ পৰিৱৰ্তনত বিশ্বাস ৰাখো। সেয়ে ইয়াক মহান দেশৰ বিচ্যুতি বুলিহে ভাৱো।

সেয়ে আমি দেশৰ জনগণৰ মুখলৈহে চাওঁ। ব্ৰিটিছে এৰি থৈ যোৱা ভূগোল– সীমা– মানচিত্ৰৰ সমৰ্থক নহয়। তেওঁলোকে থৈ যোৱা আইন যিমানেই মহৎ নহওক কিয় ই বৰ্তমানৰ প্ৰজাৰ বাবে কল্যাণমূলক নহয় বুলি দৃঢ় মত পোষণ কৰো।

প্ৰকৃততে দুটা অশুভ শক্তিয়ে দেশৰ মানুহক– বিশেষকে নিম্নবৰ্গৰ সমাজখনক খুলি খুলি খাইছে। ১) সামন্তবাদ ২) ধনতন্ত্ৰবাদ। ধনতন্ত্ৰ আজি ভূপতিত– এক ডুবন্ত জাহাজ– টাইটানিকৰ দৰে। সেই টাইটানিক চাবলৈ যোৱা টাইটানখনো ধ্বংসপ্ৰাপ্ত। জনগণে অনুসন্ধান কৰক– বিশ্বৰ ডুবন্ত পৰিস্থিতিক বুজক। ভাৰতবৰ্ষৰ ১৪২ কোটি সুযোগেই হ’ব ইয়াৰ উত্তৰ।

প্ৰথমে জানিবলৈ চেষ্টা কৰক পৃথিৱীৰ বিৱৰ্তনৰ কথা। ডাৰউইনক নেৰিব। ভাৰতবৰ্ষক বুজিবলৈ ইছলামক লাগিব– বেদান্তৰ পৰিপুৰক হিচাপে। সৰ্বশেষত দুটা শতিকাৰ আগতে এখন সুন্দৰ পৃথিৱীৰ আভাস থকা ‘সাম্যবাদী ইস্তাহাৰ’ সকলোৱে বুজিবলৈ আৰম্ভ কৰক। বৰ্তমানৰ বিশ্বৰ অৱক্ষয়ৰ প্ৰধান কাৰণৰ লগতে ভৱিষ্যতৰ দিগদৰ্শন তাতেই আছে।

অসম তথা ভাৰতবৰ্ষ আগুৱাই যাব লাগিব সাংস্কৃতিক পূঁজিৰেহে (Cultural Capital)। অভিযান হ’ব চৰিত্ৰ, ৰাষ্ট্ৰ আৰু মানুহ গঢ়াৰ। স্বামী বিবেকানন্দৰ (১৮৬৩–১৯০২) Man Making, Nation Building, Character Building Mission।

এই অভিযান হ’ব লাগিব সকলো পূৰণিৰ উৎস সামন্তাবাদক ছিন্ন–ভিন্ন কৰিবলৈ। অসমৰ কৃষক ৰাইজে বৰভেটি পাতিছিল ৰাজতন্ত্ৰৰ অৱক্ষয়ৰ বিৰুদ্ধে যাক ৰক্ষা কৰিলে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ কোম্পানীয়েহে। চক্ৰবেহুটো থৈ গ’ল। আজিৰ অসমৰ মানুহে পুনৰ বৰভেটি গঢ়িব লাগিব ইয়াণ্ডাবুৰ বেহুৰ বিৰুদ্ধে। মতা কুকুৰা কোন হ’ব– এই যুঁজ বাদ দি এই বেহুৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰক।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward