Monday, April 29, 2024
Homeবাতৰিই–নিউজ লেটাৰ উন্মোচন

ই–নিউজ লেটাৰ উন্মোচন

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

‘দৰ্পণ’ নামৰ ই–নিউজ লেটাৰ এখন ৪ আগষ্টত জনতা ভৱনৰ সভাকক্ষত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ণ বিভাগে প্ৰকাশ কৰা এইখন প্ৰথম ই–নিউজ লেটাৰ।

উন্মোচনী অনুষ্ঠানৰ ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়– দেশৰ ভিতৰত অসমেই হ’ল প্ৰথম ৰাজ্য য’ত চৰকাৰৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত বহনক্ষম উন্নয়নৰ লক্ষ্য অন্তৰ্ভূক্তি কৰিছে। বহনক্ষম উন্নয়নৰ বিস্তাৰিত আলোকপাতেৰে বহনক্ষম উন্নয়নৰ ৰাজ্যিক পৰিকল্পনা কৰা হ’ব। ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়নৰ নীতি আৰু কৌশল আহৰণৰ বাবে ৰাজ্যৰ সকলোবোৰ চৰকাৰী বিভাগে কাম কৰি আছে।

ৰাজ্যৰ সকলো চৰকাৰী বিষয়া–কৰ্মচাৰী, নাগৰিক সমাজ, যুৱক–যুৱতী, সামাজিক তথা স্বেচ্ছাসেৱী অনুষ্ঠান–প্ৰতিষ্ঠান সমূহে বহনক্ষম যাত্ৰাত জড়িত হ’বলৈ উপযুক্ত মঞ্চ এখন পাব। বৰ্তমান দৰ্পণ নিউজ লেটাৰখন ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ প’ৰ্টেলত উপলব্ধ যদিও ৰাজ্যখনৰ সকলো নাগৰিকে অসমৰ বহনক্ষম উন্নয়নত নিজক জড়িত কৰিব পৰাকৈ অনতি পলমে assam.mygov.in প’ৰ্টেলটো উপলব্ধ হ’ব।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward