Monday, April 29, 2024
Homeবাতৰিশিল্পী অমূল্য ৰাভাই প্ৰস্তুত কৰা বাঁহী চীন দেশলৈ ৰপ্তানি

শিল্পী অমূল্য ৰাভাই প্ৰস্তুত কৰা বাঁহী চীন দেশলৈ ৰপ্তানি

প্ৰকাশিত তাৰিখঃ ৪ ছেপ্টেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

শিল্পী অমূল্য ৰাভাই তৈয়াৰ কৰা বাঁহী এতিয়া চীন দেশৰ শিল্পীসকলে ক্ৰয় কৰিব। শিল্পীজনৰ বন্ধু এজনৰ সহযোগত লাভ কৰিছে এই দায়িত্ব। সম্প্ৰতি দুয়োদেশৰ মাজত চলি আছে সীমাকেন্দ্ৰীক সংঘাত। সীমান্তত চলি আছে সামাৰিক শক্তি প্ৰদৰ্শনৰ কুজকাৱাজ। এনে সময়তে দেশ দুখনৰ শিল্পীসকলৰ মাজত হোৱা সাংস্কৃতিক আদান–প্ৰদানৰ বতৰাই আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।

শিল্পী অমূল্য ৰাভা বৰ্তমান পত্নী আৰু দুটা সন্তানেৰে কামৰূপ (গ্ৰাম্য) জিলাৰ বকো কাইঠাপাৰা গাঁৱৰ বাসিন্দা। ‘এ’, ‘বি’ টিউন আৰু ‘এ’ চাৰ্ফ বা ‘বি’ ফ্লেট টিউনৰ ৪২ ইঞ্চি দৈৰ্ঘ আৰু ৫ ইঞ্চি ব্যাসাৰ্ধৰ ১২টা বাঁহী প্ৰস্তুত কৰাৰ দায়িত্ব লাভ কৰিছে। তেখেতে প্ৰতিটো বাঁহীৰ বিনিময়ত ৭ হাজাৰ ৫০০ টকাকৈ লাভ কৰিব। বাঁহীবোৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত পোৱা ‘দলৈ’ বাঁহৰ পৰা প্ৰস্তুত কৰিছে। দক্ষ শিল্পীৰ হতুৱাই বাঁহীৰ টিউন সমূহ পৰীক্ষা কৰোৱাৰ পিচতহে দেশখনলৈ যোগান ধৰিব। সেয়ে তিনিটা বাঁহী প্ৰস্তুত কৰি বিশেষজ্ঞৰ ওচৰত টিউন পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।         

আনহাতে গগনা প্ৰস্তুত কৰি ভালপোৱা শিল্পীজনৰ বাঁহী আৰু ম’হৰ শিঙৰ পেপাই থাইলেণ্ডকে আদিকৰি বিভিন্ন স্থানত বিশেষ সমাদৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে।  

 

 শিৰোনামৰ ছবিঃ গুগল ইমেজ

 Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward