Monday, May 6, 2024
Homeবাতৰিঅটল অমৃত যোজনাৰ স্মাৰ্ট কাৰ্ডৰ দ্বাৰা লাভান্বিত হ’ব ডেৰ কোটি লোক

অটল অমৃত যোজনাৰ স্মাৰ্ট কাৰ্ডৰ দ্বাৰা লাভান্বিত হ’ব ডেৰ কোটি লোক

প্ৰকাশিত তাৰিখঃ ১১ ছেপ্টেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

অসমৰ ডেৰ কোটি লোকে লাভ কৰিছে অটল অমৃত অভিযানৰ স্মাৰ্ট কাৰ্ড। যিটো পৰিয়ালৰ বাৰ্ষিক আয় পাঁচ লাখ টকাৰ তলত সেই পৰিয়ালৰ সদস্যসকলে এই স্মাৰ্ট কাৰ্ড লাভ কৰিবৰ বাবে যোগ্য। এই কাৰ্ডৰ অধীনত ব্ৰেইন, কিডনী, কেন্সাৰকে আদি কৰি ছয়বিধ ৰোগৰ সৈতে জড়িত ৪৩৭ বিধ বেমাৰৰ চিকিৎসা কৰিবলৈ বছৰি দুই লাখ টকাৰ বিনামুলীয়া সুবিধা লাভ কৰিব। ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী–বেচৰকাৰী চিকিৎসালয়ত উপলব্ধ হ’ব এই বিনামুলীয়া চিকিৎসা সেৱা।

বিত্ত, শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ড হিমন্তবিশ্ব শৰ্মাই ২৪ আগষ্টত জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এনেদৰে সদৰি কৰে যে– বিগত বৰ্ষৰ ২৫ ডিচেম্বৰত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯২ সংখ্যক জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে এই অটল অমৃত অভিযান আৰম্ভ কৰিছিল। অহা ২ বা ৩০ অক্টোবৰত এই অভিযানৰ স্মাৰ্ট কাৰ্ড সমূহ আনুষ্ঠানিকভাৱে প্ৰচলন কৰা হ’ব। য’ত ডেৰ কোটি লোক লাভৱান হ’ব। ইতিমধ্যে ৩২ লাখ লোকক এই স্মাৰ্ট কাৰ্ড প্ৰদান কৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ১২৪৭৭জন ৰোগীয়ে দাখিল কৰা চিকিৎসা ব্যয়ৰ নথিপত্ৰ পৰীক্ষা কৰি ৫৭৩৮জনৰ বিপৰীতে ২৮.৭৮ কোটি টকাৰ চিকিৎসা ব্যয় অনুমোদন জনোৱা হৈছে বুলি দোহাৰে।  

শৰ্মাই কামৰূপ জিলাৰ ৬৭২জন, কামৰূপ (মহানগৰ) জিলাৰ ২০৬জন, গোৱালপাৰা জিলাৰ ৯৮জন, বৰপেটা জিলাৰ ৫৬২জন, নলবাৰী জিলাৰ ৩৭৫জন, বঙাইগাঁও জিলাৰ ১২৮জন, কোকৰাঝাৰ জিলাৰ ৭৭জন, বাক্সা জিলাৰ ২৮৯ জন, চিৰাঙ জিলাৰ ৪৪জন, ওদালগুৰি জিলাৰ ২৩৭জন, দৰঙ জিলাৰ ১৭২ জন, ধুবুৰী জিলাৰ ২৪৯ জন, মৰিগাঁও জিলাৰ ১৮৬জন, নগাঁও জিলাৰ ৩৮২জন, গোলাঘাট জিলাৰ ২২০জন, যোৰহাট জিলাৰ ২২৬জন, শিৱসাগৰ জিলাৰ ২৫৭জন, ডিব্ৰুগড় জিলাৰ ১৭০জন, তিনিচুকীয়া জিলাৰ ১৭০জন, লখিমপুৰ জিলাৰ ২৮৬জন, ধেমাজী জিলাৰ ৩৩জন,  শোণিতপুৰ জিলাৰ ৪৪২জন, কাৰ্বি আংলং জিলাৰ ৯৬জন, ডিমা হাচাও জিলাৰ ৭জন, কাছাৰ জিলাৰ ৮৯জন, কৰিমগঞ্জ জিলাৰ ১৭১জন, হাইলাকান্দি জিলাৰ ৬৭ জন ৰোগী থকা বুলি উল্লেখ কৰে।  অৱশ্যে বাকীবোৰ ৰোগীৰ আবেদনপত্ৰ সমূহো পিচৰ পৰ্যায়ত পৰীক্ষা–নিৰীক্ষাৰে বাচনি কৰিব বুলি কয়। আনহাতে কিডনীৰ ৰোগত আক্ৰান্তসকলৰ বাবে চৰকাৰে ২৬খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ডায়েলাইছিছৰ খৰচ বিনামূলীয়া কৰা বুলিও দোহাৰিছে।

ইফালে ৭ আগষ্টত মহানগৰীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অটল অমৃত যোজনাৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলক চে’ক প্ৰদানৰ বাবে আয়োজন কৰে এক বিশেষ অনুষ্ঠানৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰা উক্ত অনুষ্ঠানত সৰ্বমুঠ ৬০৯৩ জন হিতাধিকাৰীক চিকিৎসা ব্যয়ৰ বাবে চে’ক প্ৰদান কৰে।

সভাত অংশ গ্ৰহণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়– সমন্বয়ত শক্তি আছে গতিকে সংঘাত পৰিত্যাগ কৰিব লাগিব। অসমৰ জাতি–জনগোষ্ঠী সমূহৰ মাজত সংঘাত সৃষ্টি নকৰি সমন্বয়ৰ জৰিয়তে এক শক্তিশালী অসম গঢ়িব লাগিব। তদুপৰি চাৰিওটা স্তম্ভই লগলাগি সেৱা আগবঢ়ালে গণতন্ত্ৰৰ প্ৰমূল্য ৰক্ষা পৰিব বুলি দোহাৰে।

অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী ডহিমন্তবিশ্ব শৰ্মাই কয় যে– ৬০৯৩জন হিতিধিকাৰীৰ ভিতৰত ৩৪৫৯জন কৰ্কট ৰোগী, ১০৬০ জন হৃদৰোগী, ৮৮১জন বৃক্কৰ ৰোগী, ৬০৬জন স্নায়ুৰ ৰোগী, ৫২জন জুয়ে পোৰা ৰোগীৰ লগতে আছে ৩৫টা নৱজাতক। চলিত বৰ্ষৰ ২৫ ডিচেম্বৰৰ পৰা পাঁচ লাখৰ তলত উপাৰ্জন কৰা সকলো ব্যক্তিৰ বাবে এই কাৰ্ড কাৰ্যকৰী কৰা হ’ব। প্ৰতি বছৰে ৩১ ডিচেম্বৰৰ ভিতৰত ২ লাখ টকা ভৰাই দিব। সেয়ে এই কাৰ্ড কাৰ্যকৰী হোৱাৰ লগে লগে চে’কৰ সলনি কাৰ্ডৰ পৰাই পোনপোটীয়াকৈ ধন লাভ কৰিব পাৰিব। আজিৰ অনুষ্ঠানত মুঠ ৩১.২৪ কোটি টকাৰ চে’ক বিতৰণ কৰা হয়। চৰকাৰে এই আঁচনিৰ অধীনত প্ৰথমে ৩২০০ জন হিতিধিকাৰীক ২৩ কোটি টকা বিতৰণ কৰিছিল। ইতিমধ্যে ৮ খন জিলাত কাৰ্ড প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰি ৩৫ লাখ ফৰ্ম প্ৰেৰণ কৰাৰ কথা ব্যক্ত কৰে লগতে বাকী জিলাসমূহতো এই প্ৰক্ৰিয়া চলি থাকিব উল্লেখ কৰে।       

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward