Tuesday, May 7, 2024
Homeবাতৰিখিলঞ্জীয়াৰ স্বাৰ্থক মষিমুৰ কৰিব পৰা দিল্লী–দিছপুৰীয়াৰ কোনো চক্ৰান্ত নামানোঃ আছু  

খিলঞ্জীয়াৰ স্বাৰ্থক মষিমুৰ কৰিব পৰা দিল্লী–দিছপুৰীয়াৰ কোনো চক্ৰান্ত নামানোঃ আছু  

প্ৰকাশিত তাৰিখঃ ১১ ছেপ্টেম্বৰ’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ৰাজ্যৰ চৌদিশে সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ ধিক্কাৰ–ধ্বনি। অসমখনক বহিৰাগতৰ চৰণীয়া পথাৰত পৰিণত কৰাৰ প্ৰতিবাদত আছুৰ মাহজোৰা আন্দোলন ঘোষণা। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতি শুনি শুনি অৱশেষত আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব ল’বলগীয়া হ’ল।

সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম কাৰ্যসূচী পালন কৰে ৯ ছেপ্টেম্বৰত। উক্তদিনা ৰাজ্যৰ প্ৰতিখন জিলাত দুপৰীয়া বাৰ বজাৰ পৰা এক বজালৈ এঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। সন্থাৰ সভাপতি দীপাংক নাথ, সম্পাদক লুৰীণজ্যোতি গগৈ, উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সমগ্ৰ ৰাজ্যৰ জৰাজীৰ্ণ বাট–পথ সমূহ মেৰামতিৰ দাবী তোলে। লগতে অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাত ব্যৰ্থতাৰ অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোই। সন্থাই দ্বিতীয় কাৰ্যসূচী এঘাৰৰ পৰা পোন্ধৰ ছেপ্টেম্বৰলৈ পালন কৰিব। ৰাজ্যখনত বিদেশীমুক্ত নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবীৰ প্ৰতি নাগৰিক সমাজ, শিক্ষাবিদ, মহিলা সমাজ লগতে বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানে ছাত্ৰ সংগঠনটোৰ উক্ত কাৰ্যসূচীক সমৰ্থন আৰু সহযোগ আবঢ়াব। 

সন্থাৰ ৰাষ্ট্ৰীয় পথ অৱৰোধৰ কালছোৱাত জনসাধাৰণৰ মাজত কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি নজৰ ৰাখি চিকিৎসাকে আদি কৰি জৰুৰীকালীন সেৱাসমূহ উক্ত কাৰ্যসূচীৰ পৰা ৰেহাই দিছিল।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward