Tuesday, May 7, 2024
Homeবাতৰিগুৱাহাটী মহানগৰী সম্প্ৰসাৰণত ছয় ৰাভা সংগঠনৰ তীব্ৰ বিৰোধীতা

গুৱাহাটী মহানগৰী সম্প্ৰসাৰণত ছয় ৰাভা সংগঠনৰ তীব্ৰ বিৰোধীতা

প্ৰকাশিত তাৰিখঃ ১৮ ছেপ্টেম্বৰ’ ২০১৭

 চানডুবি নিউজ ব্যুৰ’–  

 উত্তপ্ত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা। ৰাজ্য চৰকাৰে Assam State Capital Region Authority Bill– 2017ৰ জৰিয়তে গুৱাহাটী মহানগৰী সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। য’ত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাধীন ৩৭৮ খন ৰাজহ গাঁও অন্তৰ্ভূক্তি হ’ব। ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত বিলখনক তিব্ৰ বিৰোধীতা কৰিছে নিখিল ৰাভা ছাত্ৰ সন্থাকে আদিকৰি ছয় ৰাভা সংগঠনে। আৰু তাৰেই পৰিণতিত উত্তাল হৈ পৰিছে উক্ত পৰিষদীয় এলেকা। হাতত লৈছে প্ৰতিবাদী বিভিন্ন কাৰ্যসূচী।

যোৱা ১৪ ছেপ্টেম্বৰত নিখিল ৰাভা ছাত্ৰ সন্থাই নিখিল ৰাভা মহিলা পৰিষদ আৰু ৰাভা ষষ্ঠ অনুসূচী দাবী সমিতি, বেবাক ৰাভা ক্ৰৌৰাং ৰুঞ্চম, সদৌ ৰাভা কৃষ্টি সন্মিলন, নিখিল ৰাভা ৰাষ্ট্ৰীয় পৰিষদকে আদিকৰি ছয় ৰাভা সংগঠনৰ সহযোগত কামৰূপ জিলাৰ বকোত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

বকোত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পিচত সংগঠনকেইটাৰ বিষয়বীয়াসকলে গুৱাহাটীৰ পল্টনবজাৰস্থিত জনজাতি জিৰণী চ’ৰাত আয়োজন কৰে এক সংবাদমেলৰ। উক্ত সংবাদমেল সম্বোধন কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই কয়– Assam Act. No. VII, 2001 আৰু Assam Act. No. XXIV, 2005 মৰ্মে ট্ৰাইবেল বেল্ট আৰু ব্লক, টি এছ পি, আই টি ডি পি এলেকাধীন ৭৭৯ খন ৰাজহ গাঁও সামৰি গঠন হৈছিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ। বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাতি–মাটি–ভেটিৰ সূৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতাত অধিস্থিত হৈছিল। শাসনৰ বাঘজৰী হাতত লৈয়েই চৰকাৰখনে ৰাভা হাছং পৰিষদখনকে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। যিসময়ত খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ বাবে ভূমিনীতি সংস্কাৰৰ প্ৰয়োজন আছিল সেইসময়ত থলুৱাৰ স্বাৰ্থ বিঘ্নিত হোৱা কামত লিপ্ত হৈছে চৰকাৰখনে। ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত আছাম ষ্টেট কেপিটেল ৰিজিঅ’ন অথৰিটি বিলত পৰিষদীয় এলেকাভূক্ত কামৰূপ জিলাৰ ৩৭৮ খন ৰাজহ গাঁও অন্তৰ্ভূক্ত কৰি ৰাভা জাতিৰ অধিকাৰ কাঢ়ি ল’ব বিচাৰিছে।

আনহাতে উক্ত সংবাদমেলত ছাত্ৰ সংগঠনটোৰ সম্পাদক নৃপেন খাণ্ডাই এনেদৰে কয়– যদি ৰাভা হাছং এলেকাত শান্তি–শৃংখলা অটু্ট থকাটো বিছাৰে তেনেহ’লে আছাম ষ্টেট কেপিটেল ৰিজিঅ’ন অথৰিটি বিলৰ জৰিয়তে মহানগৰ সম্প্ৰসাৰণৰ নামত পৰিষদীয় এলেকাৰ ৩৭৮খন ৰাজহ গাঁও অন্তৰ্ভূক্তিৰ পৰা বিৰত থাকিব লাগিব। অন্যথা পৰিষদীয় এলেকাত বিজেপিৰ সকলোবোৰ দলীয় কাম–কাজ বন্ধ কৰি দলটোক নিঃশেষ কৰি দিয়াৰো হুংকাৰ দিয়ে ছাত্ৰনেতা গৰাকীয়ে।

ইফালে ১৫ ছেপ্টেম্বৰত ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী সমিতিৰ সম্পাদক কুশধ্বজ ৰংখ, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা আৰু নিখিল ৰাভা সাহিত্য সভাৰ সম্পাদক ৰাজকুমাৰ ৰাভাৰ উপস্থিতিত পৰিষদীয় এলেকাৰ মুখ্যকেন্দ্ৰ দুধনৈত এঘণ্টাৰো অধিক সময় ৩৭ নং আৰু ৬২ নং ৰাষ্ট্ৰীয়গাইপথ অৱৰোধ কৰে। গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, জিলা মহিলা পৰিষদ আৰু জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ শ শ কৰ্মী–সমৰ্থকে পালন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। পথ অৱৰোধৰ পিচত প্ৰতিবাদকাৰীসকলে দুধনৈৰ দামৰা ৰোডত থকা দুধনৈ সমষ্টিৰ বিজেপি মুখ্য কাৰ্যালয়ত তলা ওলমাই প্ৰতিবাদ পালন কৰে। কিন্তু প্ৰতিবাদকাৰীসকলে উক্ত স্থান ত্যাগ কৰাৰ পিচত চক্ৰ বিষয়া উৰ্মী মেধিয়ে বন্ধ তলা ভাঙি দিয়া বুলি জানিব পৰা গৈছে।  

 

শিৰোনামৰ ছবিঃ প্ৰভাত ৰাভা, ষ্টাফ ফটোগ্ৰাফাৰ

 Photo Courtesy: Prabhat Rabha, Staff Photographer

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward