Friday, April 19, 2024
HomeARTICLEপলাশবাৰী ৰাজহ চক্ৰৰ ফুটুৰী চৰত উচ্ছেদ অভিযান

পলাশবাৰী ৰাজহ চক্ৰৰ ফুটুৰী চৰত উচ্ছেদ অভিযান

প্ৰকাশিত তাৰিখঃ ৩০ মাৰ্চ, ২০২৩

ফুটুৰী চৰৰ পৰা নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

পলাশবাৰী ৰাজহ চক্ৰৰ ফুটুৰী এখন বিশাল ৰাজহ গাঁও আছিল। প্ৰায় ১৯৮৫ চনৰ পৰা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ ফলত গাঁওখনৰ ভূমিভাগ নদীৰ বুকুত জাহ গৈছিল। ফলত সেই গাঁওখনৰ লোকসকল ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ চিমিনা, মকাধূজ, ধুলিপাৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত বসবাস কৰিব লগা হৈছিল।

আজি কেইবা বছৰ আগতে নদীখনৰ বুকুত জাহ যোৱা ভূমিভাগ ক্ৰমান্বয়ে উঠি আহিবলৈ আৰম্ভ কৰিছিল। দিন বাগৰাৰ লগে লগে পুৰণি ফুটুৰী গাঁওখনৰ ভূমি ভাগ পুনৰুদ্ধাৰ হৈছিল। যদিও, গাঁওখনৰ প্ৰকৃত বাসিন্দাসকলৰ পৰিৱৰ্তে একাংশ দালালৰ সহযোগত ৰাজ্যখনৰ বিভিন্ন স্থানৰ অহা বংগ ভাষী লোকসকলে এই ভূমিত জুপুৰী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল।

আনকি বংগ ভাষী লোকসকলে থলুৱা লোকৰ বিৰুদ্ধে আদালতত গোচৰ পৰ্যন্ত ৰুজু কৰিছিল। যদিও, এই গোচৰত তেওঁলোক জয়ী হ’ব পৰা নাছিল। তাৰ পৰিৱৰ্তে উক্ত চৰ অঞ্চলত নতুনকৈ বসবাস কৰা সকলক আদালতে উচ্ছেদ কৰিবলৈহে নিৰ্দেশ দিছিল।

সেই নিৰ্দেশ অনুসৰি– আজি অৰ্থাৎ ৩০ মাৰ্চত পলাশবাৰী ৰাজহ চক্ৰৰ ফুটুৰী চৰত কামৰূপ জিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলায়।

উল্লেখযোগ্য যে, আজি ৰাতিপুৱাই ৰাজহ বিভাগে অসম আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষীৰ এক বিশাল বাহিনী লৈ পলাশবাৰী থানাৰ পৰা ফুটুৰী চৰ অভিমুখে যাত্ৰা কৰে। কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, উপ–আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, পলাশবাৰী ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি পাঠক সহিতে উচ্ছেদকাৰী দল চিমিনা পাৰঘাটৰ পৰা কেইবাখনো ভুটভুটী, নাওঁ আদিত উচ্ছেদকাৰী বাহিনী ব্ৰহ্মপুত্ৰৰ মাজৰ ফুটুৰী চৰত উপস্থিত হয়। একে সময়ত উচ্ছেদ কাৰ্যত ব্যৱহৃত কেইবাখনো জে চি বি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি আহি ফুটুৰী চৰত উপস্থিত হয়। আৰু ফুটুৰী চৰত বে–আইনীভাৱে নিৰ্মাণ কৰা জুপুৰী ঘৰ সমূহ এফালৰ পৰা ভাঙি দিয়ে।

প্ৰশাসনৰ সূত্ৰ মতে– ফুটুৰী চৰত বে–দখলিত ভূমিৰ পৰিমাণ প্ৰায় ১৫শ বিঘা। লগতে এই ভূমি ভাগত প্ৰায় তিনিশৰো অধিক জুপুৰী ঘৰ গঢ়ি উঠিছিল। উক্ত চৰৰ বে–দখলিত ভূমি আজি সম্পূৰ্ণভাৱে মুক্ত কৰা হয়। জিলা প্ৰশাসনে দিনৰ দুই বজালৈকে চলোৱা আজিৰ উচ্ছেদ কাৰ্য শান্তিপূৰ্ণভাৱে সমাপ্ত হয়।

আনহাতে, জিলা প্ৰশাসনৰ উচ্ছেদৰ উমান লাভ কৰি উক্ত চৰাঞ্চলৰ বে–দখলকাৰী বহুলোকে নিজৰ নিজৰ জুপৰী সমুহ ভাঙি নিয়া বুলিও জানিব পৰা গৈছে। পুৰণি ফুটুৰীৰ বাসিন্দাসকলে আজিৰ উচ্ছেদ কাৰ্যত  প্ৰশাসনক পূৰ্ণ সহযোগ আগবঢ়ায়। স্বতঃস্ফুৰ্তভাৱে শ শ লোকে নাঁৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ ফুটুৰীৰ চৰৰ উচ্ছেদ কাৰ্য সন্মুখৰ পৰা প্ৰত্যক্ষ কৰে। মুহুৰ্তৰ ভিতৰতে তেওঁলোকৰ পুৰণা বাসভূমি সম্পূৰ্ণৰূপে বে–দখল মুক্ত হৈ পৰাত জিলা প্ৰশাসনৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward