Tuesday, March 19, 2024
HomePHOTOGRAPHYশ্ৰীশ্ৰীৰামচন্দ্ৰ জঙাগুৰী বনাশ্ৰমত আজি কুমাৰী পূজা

শ্ৰীশ্ৰীৰামচন্দ্ৰ জঙাগুৰী বনাশ্ৰমত আজি কুমাৰী পূজা

প্ৰকাশিত তাৰিখঃ ২৯ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

শ্ৰীশ্ৰীৰামচন্দ্ৰ জঙাগুৰী বনাশ্ৰমত ২২ৰ পৰা ৩০ মাৰ্চলৈ ৯দিনীয়া কাৰ্যসূচীৰে চলি থকা ‘ৰাম নৱমী অখণ্ড পাঠ’ অনুষ্ঠানৰ আজি অষ্টম দিন। শ্ৰীশ্ৰীৰামচন্দ্ৰ জঙাগুৰী বনাশ্ৰমখন দক্ষিণ কামৰূপৰ বৰদুৱাৰ চাহ বাগিচাৰ সোঁ মাজত অৱস্থিত। জঙাগুৰী পাহাৰত নিৰ্মিত এই বনাশ্ৰমখন সুদূৰ মধ্যপ্ৰদেশৰ জব্বলপুৰৰ বাসিন্দা নাগাবাবা শ্ৰীশ্ৰীবীৰেন্দ্ৰপুৰী মহাৰাজৰ তপভূমি আছিল। ১৯৫৪ চনত এইখন পাহাৰৰ নামনিত স্থাপন কৰিছিল শ্ৰীশ্ৰীৰামচন্দ্ৰ জঙাগুৰী বনাশ্ৰম।

১৯৭৬ চনত আশ্ৰমখনত প্ৰথমবাৰ আৰম্ভ কৰা হৈছিল ‘অখণ্ড ৰামায়ণ পাঠ’ অনুষ্ঠানৰ। তেতিয়াৰে পৰা প্ৰতিটো বৰ্ষৰ চ’ত মাহৰ শুক্লা প্ৰতিপদৰ পৰা নৱমীলৈকে অখণ্ড ৰামায়ণ পাঠ অনুষ্ঠানৰ আয়োজন চলি আহিছে য’ত অষ্টম দিনটোত কুমাৰী পূজা পালন কৰা হয়।  বিভিন্ন জাতি–ধৰ্ম–বৰ্ণ নিৰ্বিশেষে যোগদান কৰা এই অনুষ্ঠানত আজিও জব্বলপুৰৰ পৰা অহা ভক্তই অংশ গ্ৰহণ কৰে।

উল্লেখ্যযোগ্য যে, ৰামচন্দ্ৰই সীতাদেৱীক লংকাধিপতি ৰাৱণৰ হাতৰ পৰা উদ্ধাৰৰ বাবে এভাগ শক্তি পূজা কৰিছিল। এই শক্তিপূজাৰ অধিষ্ঠাত্ৰী আছিল দুৰ্গাদেৱী। দুৰ্গাৰ ওচৰত শক্তিলাভৰ বাবে কৰা সেই পূজাই আছিল আজিৰ কুমাৰী পূজা। এইদৰে ব্যাখ্যা আগবঢ়াইছিল আশ্ৰম পৰিচালনা সমিতিৰ উপদেষ্টা গোবিন্দ ৰাভাই।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward