Friday, March 29, 2024
Homeবাতৰিউত্তৰ–পূৰ্বাঞ্চলত ভাষা সংকট

উত্তৰ–পূৰ্বাঞ্চলত ভাষা সংকট

প্ৰকাশিত তাৰিখঃ ২৬ ফেব্ৰুৱাৰী, ২০১৮

চি এন ডেক্স

উত্তৰ–পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্ৰ জনগোষ্ঠীৰ ১২টা ভাষা সংকটৰ গৰাহত পৰি পৃথিৱীৰ পৰা চিৰ দিনলৈ বিলুপ্তিৰ পথত গতি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে সমগ্ৰ ভাৰতবৰ্ষত ৪০ টা ভাষা, উপ–ভাষা সংকটাপন্ন হোৱা বুলি প্ৰকাশ কৰিছে য’ত অসমৰো দুটা ভাষা আছে।

এই তথ্য ভাৰত চৰকাৰৰ লোকপিয়ল সঞ্চালকায়ৰ। সঞ্চালকালয়ে– অসমৰ টাই নৰা আৰু টাই ৰং, মেঘালয়ৰ ৰুগা, অৰুণাচলৰ ৰা’ আৰু না’ আৰু মণিপুৰৰ আকা, পুৰুম, কৈৰেন, আইমল, লামগাং, তাৰাও, লাংৰং আদি ভাষাসমূহক সংকটাপন্ন ভাষাৰ তালিকাত অন্তৰ্ভূক্তি কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংস্থা ইউনেস্কই প্ৰকাশ কৰা তালিকাত ভাৰতৰ ৪২টা ভাষা–উপভাষাক সংকটাপন্ন বুলি উল্লেখ কৰিছে। 

কেন্দ্ৰীয় চৰকাৰে ২২টা ভাষাক অনুসূচীত অন্তৰ্ভূক্তি কৰাৰ লগতে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিভাগীয় ভাষা হিচাপে মৰ্যাদা দিছে ৩১টা বিভিন্ন ভাষা। ভাৰতত এক লাখৰ অধিকলোকে ভাৱ বিনিময়ত ব্যৱহাৰ কৰা ২২ টা সূচীকৃত আৰু ১০০ অসূচীকৃত ভাষা আছে বুলি লোকপিয়ল বিভাগে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে। ইয়াৰে অসূচীকৃত ৪২টা ভাষাৰ ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় দহ হাজাৰ জনতকৈ কম।

কেন্দ্ৰীয় চৰকাৰে সংকটাপন্ন ভাষা সুৰক্ষা আৰু সংৰক্ষণৰ বাবে যুগুতোৱা আঁচনিখনত কৰ্ণাটকৰ মহীশুৰস্থিত চি আই আই এল (Central Institute of Indian Languages, Musore) নামৰ সংস্থাটিয়ে কাম কৰি আহিছে। সংস্থাটিয়ে ব্যায়াকৰণিক বৰ্ণনা, লিপি, একভাষী, দ্বি–ভাষী অভিধান প্ৰণয়ন, লোককাহিনী সমূহৰ সংকলন, দহ হাজাৰতকৈ কম ভাষী থকা ভাষা, উপ–ভাষাবোৰৰ বিশ্বকোষ প্ৰণয়ন কৰিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward