Saturday, April 20, 2024
Homeবাতৰিতিৱা জনগোষ্ঠীৰ চাগ্ৰা মিছাৱা উৎসৱ পালন

তিৱা জনগোষ্ঠীৰ চাগ্ৰা মিছাৱা উৎসৱ পালন

প্ৰকাশিত তাৰিখঃ ২৬ ফেব্ৰুৱাৰী, ২০১৮

চি এন ডেক্স   

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ ভকচং অঞ্চলত যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিৱাসকলে পালন কৰে পৰম্পৰাগত চাগ্ৰা মিছাৱা উৎসৱ। অঞ্চলটোৰ সকলোৱে এই উৎসৱত সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে উৎসাহ উদ্দীপনাৰে পালন কৰে এই উৎসৱ।

‘চাগ্ৰা মিছাৱা’ অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকলৰ এটি পৰম্পৰাগত লোক উৎসৱ। জনগোষ্ঠীটোৱে বছৰত ‘লাংখন’ আৰু ‘চাগ্ৰা মিছাৱা’ নামৰ দুটা প্ৰধান উৎসৱ পালন কৰে। প্ৰথমটো লাংখন উৎসৱ পালন কৰাৰ পিচত দ্বিতীয়টো চাগ্ৰা মিছাৱা উৎসৱ পালন কৰে। চাগ্ৰা মিছাৱা উৎসৱ ফাগুন মাহৰ মদাৰ–শিমলু ফুলাৰ বতৰত কোনো এটা নিৰ্দিষ্ট দিনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰে।

এই উৎসৱ মহিলা বৰ্জিত। পূৰ্বৰ পৰা প্ৰচলিত নিয়ম আজিও বৰ্তি আছে তিৱা সমাজত। সেই নিয়ম অনুসৰি জনগোষ্ঠীটোৰ কোনো মহিলাই উৎসৱস্থলীত প্ৰৱেশ নকৰে আৰু দূৰৰ পৰাই এই নৃত্য উপভোগ কৰে। উৎসৱৰ তিনিটাদিন সমগ্ৰ গাঁওখনৰ কোনো পৰিয়ালে আমিষ খাদ্য গ্ৰহণ নকৰে।      

উৎসৱৰ প্ৰথম দিনটোত পৰম্পৰাগত সাজ–পোছাক পৰিধান কৰি ডেকাচাঙ (চামাদি)ত গাঁৱৰ গঁঞাই একগোট হয়। তাৰপিচত চাগ্ৰা মিছাৱা নৃত্য প্ৰদৰ্শন কৰে গাঁৱৰ বাৰটা পৰিয়ালৰ ঘৰত। এই নৃত্য গাঁৱৰ মুখীয়ালজনৰ ঘৰৰ পৰা আৰম্ভ হয়। উৎসৱ সামৰণিৰ দিনা গাঁৱৰ সকলোবোৰে ডেকাচাঙত মিলিত হোৱাৰ লগতে মুখিয়াল দ’লৈৰ নিৰ্দেশ অনুসৰি পৰম্পৰাগত সাজপাৰসমূহ খুলি গোটেই বছৰটোৰ কাৰণে সামৰি থয়।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward