Thursday, April 25, 2024
Homeবাতৰিউৎসাহিত ক্ৰেতা–বিক্ৰেতাৰ ভিৰত উৎসৱমুখৰ পৰিবেশ দৰংগিৰি কলৰ বজাৰত

উৎসাহিত ক্ৰেতা–বিক্ৰেতাৰ ভিৰত উৎসৱমুখৰ পৰিবেশ দৰংগিৰি কলৰ বজাৰত

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

দিপাৱলী আৰু ষট পূজাৰ প্ৰয়োজনীয় কলৰ বাবে ক্ৰেতা–বিক্ৰেতাৰ ভিৰ বাঢ়িছে দৰংগিৰি কল বজাৰত। গোৱালপাৰা জিলাৰ দৰংগিৰি দক্ষিণ এছিয়াৰ ভিতৰতে খ্যাতিসপন্ন এখন বৃহৎ কলৰ বজাৰ। উক্ত পূজা উপলক্ষে বজাৰখনত ক্ৰেতা–বিক্ৰতাৰ মাজত উসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, বজাৰখনে কল উৎপাদন–বিপননৰ ক্ষেত্ৰত অঞ্চলটোত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মূলতঃ আন্তঃৰাজ্যিক খুচুৰা আৰু পাইকাৰী বজাৰখন অকল কলৰ বাবেই বিখ্যাত। পূজাৰ সময়ত বজাৰখনৰ পৰা প্ৰতিদিনে ২০/২৫ ট্ৰাককৈ কল পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ওড়িশা, হাৰিয়ানা, ৰাজস্থান আৰু চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ নেপাললৈ ৰপ্তানি হয়। পূজাৰ সময়ত বজাৰখনত অধিক সংখ্যক চেনিচম্পা কল বিক্ৰী হোৱাৰ লগতে কিছু সংখ্যক মালভোগ কল বিক্ৰী হয় বুলি জানিব পৰা গৈছে।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ হিন্দুধৰ্মাৱলম্বী লোকসকলে অক্টোবৰ–নবেম্বৰ মাহত দিপাৱলী আৰু ষট পূজা পালন কৰাৰ সময়ত বৃহৎ সংখ্যক কলৰ প্ৰয়োজন হয়। সেই পূজা সমূহত যিমান কলৰ প্ৰয়োজন সেই অভাৱ অন্য ৰাজ্যবোৰে পূৰণ কৰিব নোৱাৰে। সেইবাবে ৰাজ্যখনৰ বাহিৰৰ ক্ৰেতাসকলে অসমৰ দৰংগিৰি বজাৰক অধিক ভৰষা কৰিব লগা হয়।

দক্ষিণ এছিয়াত খ্যাতি থকা এই বজাৰখন পৰিচালনা কৰে দৰংগিৰি আঞ্চলিক উন্নয়ণ সমিতি’য়ে। বজাৰখনত উপলব্ধ কলৰ সৰহভাগেই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কৃষকসকলে যোগান ধৰে যদিও গোৱালপাৰা আৰু কামৰূপ জিলাৰ কৃষকেও কলৰ যোগান ধৰে।

খ্যাতি সম্পন্ন বজাৰখনত সম্প্ৰতি বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত কৰা বুলি বজাৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমসমূহৰ আগত প্ৰকাশ কৰি আহিছে। বিশেষকৈ বাণিজ্যিক লেন–দেনৰ বাবে বেংক ব্যৱস্থা নথকাত ক্ৰেতা–বিক্ৰেতা উভয়ে গভীৰ সমস্যাত ভূগিছে। এনেহেন বিখ্যাত বজাৰ এখনত এতিয়ালৈ ৰাষ্ট্ৰীয়কৃত বেংকৰ কোনো শাখা কিয় স্থাপন কৰা নাই সেয়াহে ৰহস্যৰ বিষয়। তদুপৰি বজাৰখন আন্তঃৰ্জাতিক পৰ্যালয়লৈ উন্নীতকৰণৰ বাবে চৰকাৰক জনোৱা দাবী সন্দৰ্ভতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি আক্ষেপ প্ৰকাশ কৰি আহিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward