Saturday, May 4, 2024
HomeARTICLEএকলব্যৰ সাধনা

একলব্যৰ সাধনা

প্ৰকাশিত তাৰিখঃ ২৫ ডিচেম্বৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

আজিৰ পৃথিবীত যি সংকট সৃষ্টি হৈ বিকশিত হৈছে, দেশে দেশে সম্প্ৰসাৰিত হৈছে ই আকাশৰ পৰা সৰি নাই বা শূন্যৰ পৰা সৃষ্টি হোৱা নাই। প্ৰথম বিশ্বৰ সংকটৰ ৰূপ বেলেগ আৰু আমাৰ দৰে নিম্ন বিত্তৰ তৃতীয় বিশ্বৰ দেশৰ লগতে বেদখলকাৰী ইংৰাজৰ দ্বাৰা বিভক্ত হিন্দুস্থানৰ ৰূপ বেলেগ। আজি একৈশ শতিকাত দেশৰ ১৮–৩৪ বছৰৰ ভাৰতীয়ৰ ৪৬% নিবনুৱা, জনমুৰি আয় ২১৯১ ডলাৰ, জনসংখ্যা ১৪২ কোটি আৰু শিক্ষিতৰ হাৰ ৭২% শতাংশ। বেদখলকাৰী ইংৰাজৰ (United Kingdom) জনমুৰি আয় ৪৬,৩৪৪ ডলাৰ বনুৱা নিবনুৱাৰ কথা নেজানো বা জনাৰ প্ৰয়োজনো নাই আৰু শিক্ষিতৰ হাৰ ৯৯ শতাংশ। মাৰ্কিন যুক্তৰাজ্যৰ (USA) শিক্ষিতৰ হাৰ ৯৯ শতাংশ আৰু জনমুৰি আয় ৬৯৩০৯ ডলাৰ। ইংৰাজ বা মাৰ্কিনসকলক নকল কৰিব বিচৰাসকলে বুজিব লাগিব নিজৰ দেশৰ জনতাৰ কথা, কাৰণ দেশ মানে দেশৰ জনতাহে (Not the Country but its Mass People)। (একলব্যৰ সাধনা)

পেলেষ্টাইনৰ (Palestine) বেদখলকাৰী ইজৰাইলৰ জনমুৰি আয় ৪৭৬০২ ডলাৰ আৰু শিক্ষিতৰ হাৰ ৯৮ শতাংশ। তাৰ বিপৰীতে আৰৱ দুনীয়াৰ জনমুৰি আয় আৰু শিক্ষিতৰ হাৰ স্বাধীনতাৰ পূৰ্বৰ হিন্দুস্তনীৰ সমপৰ্যায়ৰ। আজি যিকোনো সমস্যা বিশ্লেষণ কৰিবলৈ হ’লে বিশ্বৰ পৰিস্থিতিৰ বিষয়ে বুজিব লাগিব। বিষেশকৈ সাম্ৰাজ্যবাদী বিকাশৰ যুগত যুদ্ধবোৰ, দেশ–বিদেশৰ ৰাজনীতি, দৰ্শন, সমাজনীতি, সংস্কৃতি এই সকলোবোৰ বুজিবলৈ এক বৈজ্ঞানিক বিশ্ববীক্ষাৰ (Scientific world view) প্ৰয়োজন হ’ব। ১৯৯০ চনৰ বিশ্বায়ন হৈছে বৰ্তমান অৱস্থাৰ কাৰণ। এই বিশ্বায়ন হৈছে দুস্কৃতিৰ বিশ্বায়ন, ইয়াক ৰূপান্তৰৰ বাবে লাগিব গণচেতনা, এই চেতনাও মানুহেই গঢ়িব লাগিব, বিকশাই তুলিব লাগিব।

গণচেতনাৰ বিকাশৰ বাবে বৈজ্ঞানিক ঐতিহাসিক চেতনা (Scientific Historical Consciousness) গঢ়ি তুলিব লাগিব। বৰ্তমানৰ ঐতিহাসিক স্তৰ এদিনতে পোৱা নাই। কিন্তু ইয়াৰ বিশ্লেষণ নতুন সমাজবিদ্যাৰ আলমত হ’ব লাগিব।

ভাৰতবৰ্ষৰ কথা বুজিবলৈ হ’লে ইয়াক প্ৰাক ঔপনিবেশিক স্বাধীন স্তৰ (Pre Colonial Independent Stage) ঔপনিবেশিক বেদখলকাৰীৰ স্তৰ (Colonial Encroachers Stage) আৰু উত্তৰ ঔপনিবেশিক স্তৰ (Past Colonial Independent Stage) বা বিভক্ত হিন্দুস্তানৰ স্তৰৰ কথা বুজিব লাগিব।

স্বাধীনতা সংগ্ৰামৰ প্ৰধান কাৰিকৰ গান্ধী আমাৰ এই স্বাধীনতাত বিতুষ্ট (Disillusioned )হৈছিল। বিভক্ত দেশখনক লৈ স্বপ্নভংগ। দেশৰ অৱস্থা ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ আগলৈকে অস্থিৰ ১৫ আগষ্ট ১৯৪৭ চনৰ পৰা। তাৰো আগৰ ১৯৪৬ চনৰ বৈপ্লিৱিক পৰিস্থিতি যাৰ বাবে খৰখেদাকৈ দখলদাৰী ব্ৰিটিছে দেশ এৰাৰ সিদ্ধান্ত ল’বলগীয়া হ’ল সেই বিষয়ে জাতিৰ পিতা কিন্তু স্পষ্ট। মহাত্মাৰ ভুল আছিল কাৰণ তেওঁ ভগৱান বা ভগৱানৰ অৱতাৰ নাছিল। আছিল তেজ –মঙহৰ মানুহ। কিন্তু তেওঁৰ হত্যাকাৰী??? আজি তেঁওৰ লগতে স্বাধীনতা সেনানীসকলক পেংলাই কৰিবলৈ শিকাই, পাণ্ডিত্যক হেয় কৰিবলৈ শিকাই থৈ দখলাৰীসকল লণ্ডনত। দেশৰ জনতাই জাতীয় চেতনা বিকশাই তুলিবলৈ এই বুৰঞ্জী বুজিব লাগিব। ইয়াৰ অবিহনে জনতাৰ ঐক্য মিছা। এই ‘জোঁট’ চিঙিলেহে ‘জোঁট’ বান্ধিব পৰা যাব।

জনতাই একলব্যৰ দৰে নিজকে গঢ়িব লাগিব। ইতিহাসৰ চালিকা শক্তি হৈছে জনতা। এই জনতাই পুৰণিৰ পৰা শিকি নতুনক গঢ়িব লাগিব। এই নতুন দিনত সকলৰে বাবে লাগিব অন্ন–বস্ত্ৰ–শিক্ষা–বাসস্থান আৰু সন্মাজনক সংস্থাপন (Food–cloth–education–habitation and Employment)।

১৭৮৯ চনৰ ফৰাচী বিপ্লৱে জনতাৰ গণতন্ত্ৰ –সমাজতন্ত্ৰৰ দুৱাৰমুখলৈ লৈ গৈছিল। ১৯১৭ চনৰ ৰুছ বিপ্লৱৰ পিছত লেনিনে কৈছিল– The mast advanced type of Bourgeois State is the Parliamentary Democratic Republic where power is vested on the Parliament।

It is quite easy as history proves to revert from Parliamentary Bourgeois Republic to a Monarchy for all the machineries of oppression– The Army, Police and the bureaucracy of the old state is deft intact.

The people will have to smash that machinery so as to give. Democracy a permanent stape.

গণতন্ত্ৰক স্থায়ী ৰূপ দিবলৈ গণ–আন্দোলনৰ প্ৰয়োজন। ইয়াতেই জন বিজ্ঞানৰ প্ৰয়োজন। প্ৰকৃত চেতনা বিজ্ঞানে গঢ়ে আৰু গণতন্ত্ৰক স্থায়ী ৰূপ দিয়ে।

বিশ্বৰ স্বৈৰতন্ত্ৰ–ৰাজতন্ত্ৰক (Autocracy and monarchy) বাধা দি সবল গণতন্ত্ৰলৈ যাবলৈ উন্নত অৰ্থনীতিৰ ৰাজনীতিৰ–দাৰ্শনিক চিন্তা ‘একলব্য’ৰ দৰে কৰিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward