Saturday, April 27, 2024
HomeARTICLEএপোৱা গণৰাজ্য

এপোৱা গণৰাজ্য

প্ৰকাশিত তাৰিখঃ ১১ মাৰ্চ, ২০২৪

কল্প ৰঞ্জন গগৈ –

আমাৰ দৰে দেশৰ ৮০% হৈছে কৃষক। দেশৰ সৈনিকসকল হৈছে ইউনিফৰ্ম পিন্ধা খেতিয়ক। ইয়াৰ মাজৰ পৰাই সৃষ্টি হৈছে দেশৰ মানুহ– মানৱ সম্পদ গঢ়া যুদ্ধৰ সৈনিক–শিল্পীসকল। স্বামী বিবেকানন্দৰ (১৮৬৩–১৯০২) মতে শিক্ষা হৈছে মানুহৰ ভিতৰত সুপ্ত হৈ থকা শক্তি, পূৰ্ণতাক প্ৰকাশিত কৰাৰ উপায়। যিহেতু দৰ্শনৰ মতে সকলো আত্মাই দৈৱিক। Each soul is potentially Divine Education is the manifestation of this perfection Divinity. Man is born divine। এই কথাখিনিৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি যে সকলো কৃষকেই দেৱতুল্য; সৈনিক–শিক্ষকসকল হৈছে দেশৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে উন্নত পটভূমি গঢ়াৰ সৈনিক। যিহেতু মানুহ এক অৰ্থনৈকি জন্তু (Economical Animal) সেয়ে কৃষকে গঢ়া অৰ্থনৈতিক ভেটিৰ ওপৰত সংস্কৃতি–শিক্ষাৰ বুনিয়াদ গঢ়ে শিক্ষকসকলেহে।

ৰূপান্তৰৰ সৈনিক জ্যোতিপ্ৰসাদে কৈ গৈছে যে সংস্কৃতিয়েহে মানুহৰ দেৱত্বক বিকশাই তোলে, ভিতৰৰ পূৰ্ণতাক উজ্জ্বল কৰি তোলে। ইফালে সৈনিক শিল্পী বিষ্ঞু ৰাভাই ক’লে– শেষ যুদ্ধৰ আমিহে ৰণুৱা–পৃথিৱীৰ হালোৱা–বনুৱা। সেয়ে কোনো দেশৰ শাসন ব্যৱস্থাক বুজিবলৈ হ’লে বুজিব লাগিব কৃষক–শ্ৰমিক আৰু শিক্ষকসকলৰ প্ৰতি ডা–ডাঙৰীয়া সকলৰ মনোভাৱ কেনেধৰণৰ। এই মনোভাৱেই নিৰ্ণয় কৰে ৰাজনীতিক। গণৰাজ্যত সকলো নীতি হ’ব লাগিব কৃষক–শ্ৰমিক–শিক্ষকৰ কল্যাণমুখী (Welfare of farmer teachers–labourers)।

এই বিশ্বৰ উত্তৰণ ঘটি আছে অহৰহ। পৰম্পৰা ভাঙি সংস্কাৰ হৈ আছে, অবিৰাম। যাদুৰ পৰা ধৰ্ম আৰু ধৰ্মই বিকাশ লাভ কৰিছে বিজ্ঞানলৈ– যুক্তিৰ পৰা সৱল যুক্তিলৈ। কিন্তু এই গতি সৰলৰৈখিক নহয়। বিজ্ঞানৰ লগতে অপবিজ্ঞান, ভাল বস্তুৰ লগতে জাৱৰ, সুতৰ্কৰ লগতে কুতৰ্ক, সুনাগৰিকৰ লগতে কুনাগৰিক। সেয়ে আজি ভাৰতৰ লগতে বিশ্বৰ বিকাশৰ পথত গতিৰোধক।

সঁচা অৰ্থত ‘এপোৱা গণৰাজ্যত– এপোৱা বিজ্ঞান।’ কৃষক–শ্ৰমিক দলিত। শাসকসকলৰ মতে কৃষক–শ্ৰমিক দেশৰ শত্ৰু। সৈনিকসকল দাস– এমুঠি উচ্চবিত্তৰ। কিন্তু ভাল দিনৰ আশা এৰি দিয়াটো ভুল।

জাৰৰ পিছত বসন্ত আহিবই। নিশাৰ পিছত প্ৰভাত হ’বই।

বিজ্ঞানে শিকাই– What is– কি হৈ আছে, নহয়– কি হ’ব লাগিব– What should be কি কৰিব লাগিব। সেয়াহে প্ৰকৃত শিক্ষাই দিব লাগিব। আজি বিজ্ঞানৰ সহায়ত এক শ্ৰদ্ধা আৰু সুস্থ চিন্তাৰ পটভূমি ৰচনা কৰাটো হৈছে প্ৰকৃত মানুহৰ কাম। বৰ্তমানৰ বণিয়াৰ অপসংস্কৃতি আৰু বগা বঙালে ভাগ কৰি থৈ যোৱা হিন্দুস্তানত দেশৰ প্ৰকৃত সৈনিক কৃষক–শ্ৰমিকসকলৰ পক্ষত দেশৰ সৈনিক–ৰাজনীতিবিদ সকলে থিয় দিলেহে ভাৰতৰত্ন স্বামীনাথনক প্ৰকৃত সন্মান জনোৱা হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward