Friday, March 29, 2024
HomeUncategorizedঐতিহ্যমণ্ডিত জটিয়া সত্ৰত দৌল উৎসৱ পালন

ঐতিহ্যমণ্ডিত জটিয়া সত্ৰত দৌল উৎসৱ পালন

প্ৰকাশিত তাৰিখঃ ২১ ফেব্ৰুৱাৰী, ২০২২

সুনীল দাস –

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ আজ্ঞাৰ চতুৰ্ভূজ বংশীগোপাল গোসাঁই জটিয়া সত্ৰত যোৱা ১৫ ফেব্ৰুৱাৰী পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে ভগৱান শ্ৰীকৃষ্ঞৰ দৌল উৎসৱ পালন কৰা হয়। দৌল উৎসৱৰ প্ৰথম দিনটোত গোন্ধ উৎসৱ উপলক্ষে মেজি জ্বলোৱা হয়, দ্বিতীয় দিনা সভাস্থলীত গোসাঁই প্ৰতিস্থা কৰে। উৎসৱৰ পৰম্পৰা অনুসৰি নাম–প্ৰসংগ, আয়তী নাম, নটুৱা নৃত্য, ওজাপালি আদি পৰিবেশন কৰা হয়। উক্ত কাৰ্যসূচীত অঞ্চলটোৰ বহুসংখ্যক ভকত–বাপ উপস্থিত থাকে। নিশাৰ কাৰ্যসূচীত যুগান্তৰ নাট্যদলে নাট মঞ্চস্থ কৰে। তৃতীয় তথা শেষ দিনটোত সুঁৱৰি উৎসৱ পালন কৰা হয়। এই উৎসৱত গোসাঁই দৌলৰ পৰা নমাই সবাহস্থলীত পুনৰ প্ৰতিস্থা কৰে। আবেলি ঢুলীয়া–কালীয়া, বেণ্ডপাৰ্টি, ওজাপালি, আয়তীসকলে সবাহস্থলীৰ পৰা গোসাঁই লৈ দৌলৰ চাৰিওফালে ৭পাক ঘুৰে। পৰম্পৰা অনুসৰি গোসাঁইক মিঠাই দলিওৱাৰ লগতে বাঁহ টনা খেল অনুষ্ঠিত কৰা হয়।

শিৰোনামৰ ফটোঃ সুনীল দাস

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward