Friday, March 29, 2024
HomeARTICLEনতুন জনমত আৰু নতুন গণতন্ত্ৰ

নতুন জনমত আৰু নতুন গণতন্ত্ৰ

প্ৰকাশিত তাৰিখঃ ১৪ ফেব্ৰুৱাৰী, ২০২২

কল্প ৰঞ্জন গগৈ –

১৯৫৩ চন, গণৰাজ্য হোৱা তিনি বছৰ, স্বাধীন হোৱা ছবছৰ। জাতিৰ পিতাজনৰ হত্যাকাণ্ডৰ পাঁচ বছৰ। পোহৰ–এন্ধাৰে আৱৰা এখন দেশত প্ৰধানমন্ত্ৰী নেহেৰুৰ ঘোষণা– মই জিৰণি নলম সেই দিনলৈ যিদিনালৈ মোৰ দেশৰ সকলো মানুহ– পুৰুষ, মহিলা আৰু শিশুৱে জীয়াই থকাৰ এক নিম্নতম মানদণ্ড নেপায়– I shall not rest content unless every man, woman and child in the country has a fair deal and has a minimum standard of living। আজি নেহেৰু আমাৰ মাজত নাই– স্বাধীনতা অনা দলটোও বিলুপ্ত। আশাভংগ হৈ সদস্যসকলৰ বেলেগ দলত যোগদান। দেশখনৰ ৰাজনৈতিক, অৰ্থনৈতিক বাতাবৰণ নতুন যদিও সাংস্কৃতিক–শৈক্ষিক দিশত কিছু পৰিমাণগত পৰিৱৰ্তন হ’লেও গুণগত ৰূপান্তৰ সামান্য, নেহেৰুৰ আশা আজিও মৰিচিকা।

স্বাধীন ভাৰতখনক এখন বিজ্ঞানসন্মত, সু–সাংস্কৃতিক চেতনাসম্পন্ন প্ৰগতিশীল ভাৱধাৰাৰ দেশ আৰু সুস্থ জাতি গঠনৰ অনুশীলনৰ দ্বাৰা এক উন্নত মানসম্পন্ন ৰাষ্ট্ৰ গঠনৰ যি সপোন তাৰ বাধা কি ১৯৪৭ চনৰ ক্ষমতা হস্তান্তৰৰ Transfer of Power অপূৰ্ণতা? এণ্ট’নিঅ’ গ্ৰামশ্চিৰ মতে ১৯৪৭ চনৰ ঘটনাৱলী কি Passive Revolution– নিষ্ক্ৰিয় বিপ্লৱ আছিল নেকি যাৰ ফলত সমগ্ৰ জাতিবোৰ টোপনিৰ বেমাৰত– Sleeping Sickness– ভূগিব ধৰিলে? নেহেৰু নিজেও এই জাতিগঠনৰ অপূৰ্ণতা আৰু সংবিধানৰ প্ৰতিশ্ৰুতিবোৰ সাকাৰ ৰূপ নোলোৱাৰ কথা শেষ জীৱনত উপলব্ধি কৰিছিল। এই কথাখিনিৰ পূৰ্ণতাৰ বাবে আজি স্বাধীনতাৰ পঁয়সত্তৰ বছৰৰ পিছৰ পৰা আৰু সৱল আৰু দৃঢ়তাৰে আগবাঢ়িব লাগিব।

আমাৰ মূল ব্যাধি আৰু সকলো ব্যাধিৰে মূল আছিল দেশৰ মানৱ সম্পদক বিকশাই তুলিবলৈ উপযুক্ত শিক্ষাৰ কাৰ্যসূচী গ্ৰহণ নকৰা, নাৰী শক্তিক বিকশিত কৰাৰ সলনি দ্ৰৌপদী আৰু গান্ধাৰী কৰি ৰখা আৰু শিশুবোৰৰ পূৰ্ণাংগ বিকাশৰ বাবে ফুলনি–বাগিছা তৈয়াৰ নকৰা।

দেশখনৰ প্ৰধান চালিকা শক্তি হৈছে ধৰ্ম আৰু এই ধৰ্মক প্ৰতিগৰাকী মানুহৰ ভিতৰৰ দেৱত্ব– ভালত্বৰ পূৰ্ণ প্ৰকাশৰ কাৰ্যসূচী নোলোৱা বাবে ই পংগু হৈ থাকি গ’ল। স্বামী বিবেকানন্দৰ মতে– Buddism is the logical conclusion of Hinduism– সনাতন চিন্তাধাৰাৰ যুক্তিপূৰ্ণ সিদ্ধান্ত য’ত জ্ঞানৰ বিকাশৰ আৰু সংঘৱদ্ধ জীৱন হ’ব মানুহৰ মুল নীতি। হিংসা, মৰা–কটাৰ বিপৰীতে।

পণ্ডিত জৱৰলাল নেহেৰুৱে বিচাৰিছিল Unity in diversity– বহুত্ববাদৰ ঠাইত, বৈচিত্ৰ্যৰ ঠাইত একতা। বৈচিত্ৰ্যবোৰ দেশত থাকি গ’ল আৰু ইয়াক গলাই–পগাই এক কৰাৰ চেষ্টাত খুঁত থাকি গ’ল। সেয়ে আমি বিচাৰিব লাগিব diversity in unity– বৈচিত্ৰ্যবোৰ থাকিব– তাক বিকশাই তোলা হ’ব আৰু এই বৈচিত্ৰ্যবোৰে নতুন ঐক্য গঢ়িব লাগিব।

মহাচীনক ঐক্যৱদ্ধ কৰি ৰাখিবলৈ মাও–চে–তুঙে কৈছিল– শতপুষ্প বিকশিত হওক– শত শত নতুন ধ্যান ধাৰণাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হওক– সমাজখনক আগবঢ়াই নিবলৈ– Let hundreds of flowers bloom– let hundreds of ideas contradict against each other to take the society forward। যিহেতু অতীত মানে সোণ নহয়– Old is not gold কিন্তু– weed through the past and let ancients server the new– অতীতৰ মহানখিনিয়ে নতুনক সেৱা কৰক।

সেয়ে আমি অসমক আগুৱাই নিবলৈ শংকৰ–মাধৱৰ সৃষ্টিৰাজিক পুনৰ অধ্যয়ন কৰি সমাজখনক নতুন ধৰণে বুজিবলৈ আহ্বান জনাও, বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় নালান্দাৰ শিক্ষাৰে ভাৰতবাসীক শিক্ষিত কৰি বিশ্বৰ নৱজাগৰণৰ বাবে এক দীৰ্ঘম্যাদী কাৰ্যসূচী প্ৰস্তুত কৰি ভাৰতবৰ্ষৰ ডা–ডাঙৰীয়া সকলে প্ৰচেষ্টা হাতত ল’ব লাগিব।

আজি দেশৰ ৰাজনীতি–অৰ্থনীতি–সংস্কৃতি কি ৰূপত আছে সি ডাঙৰ কথা নহয়, কি হোৱা উচিত তাকহে ঠিক কৰিব লাগিব। দেশত জনগণৰ মত কি ৰূপত আছে আৰু তাক কি ৰূপ দিম সেই দায়িত্ব আমাৰ সকলোৰে।

স্বামী বিবেকানন্দৰ মতে– Each soul is potentially divine– প্ৰতিটো আত্মাৰ গাত দেৱত্ব আছে। এই দেৱত্বৰ বিকাশৰ বাবে আমাক কাৰ্যসূচী লাগিব। পাৰ হৈ যোৱা সময়ৰ মহানতাৰ পৰা নতুন দিনৰ বাবে আঁচনি ল’ব লাগিব। আমাৰ মুক্তিযোদ্ধাসকলৰ অসম্পূৰ্ণ বিপ্লৱ সম্পূৰ্ণ কৰিব লাগিব। সামাজিক– সাংস্কৃতিক আৰু নতুন গণতন্ত্ৰ গঢ়াৰ ৰাজনৈতিক বিপ্লৱৰ সহায়ত।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward