Thursday, March 28, 2024
Homeবাতৰিওৱান ইণ্ডিয়া বঁটাৰে বীৰুবালা ৰাভালৈ সন্মান প্ৰদান

ওৱান ইণ্ডিয়া বঁটাৰে বীৰুবালা ৰাভালৈ সন্মান প্ৰদান

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

যিগৰাকী নাৰীয়ে ডাইনী হত্যা ৰোধ কৰা আৰু সমাজত প্ৰচলিত অন্ধবিশাসৰ বিৰুদ্ধে অসমত অহৰহ যুঁজ দি আহিছে সেইগৰাকী নাৰীৰ নামেই হ’ল ড০ বীৰুবালা ৰাভা। তেখেতক সন্মানিত কৰা হ’ল ‘ওৱান ইণ্ডিয়া’ বঁটাৰে। মাই হ’ম ইণ্ডিয়া নামৰ মুম্বাইস্থিত বেচৰকাৰী সংস্থা এটাই তেখেতলৈ এই বঁটা আগবঢ়ায়।

এতিয়ালৈ অসমত অন্ধবিশ্বাসৰ বলি হোৱা প্ৰায় ৬০ গৰাকীতকৈ অধিক মহিলাক উদ্ধাৰ কৰিছে ড০ বীৰুবালা ৰাভাই। ৱান ইণ্ডিয়া বঁটা গ্ৰহণকালত বীৰুবালা ৰাভাই মূলত দৰিদ্ৰতাই কোঙা কৰা জনসাধাৰণৰ মাজত শিক্ষাৰ অভাৱ লগতে ৰাজ্যখনত প্ৰচলিত দুৰ্বল আন্তঃগাঠনিৰ আইনী ব্যৱস্থাও জগৰীয়া বুলি উল্লেখ কৰে। সেয়ে ৰাজ্যখনৰ পিচপৰা অঞ্চলসমূহত শিক্ষাৰ প্ৰসাৰ ঘটাই সমাজত চলিথকা অন্ধবিশ্বাস সমূহ নিৰ্মূল কৰিবলৈ সকলোকে মাৰ বান্ধি থিয় হ’বলৈ আহ্বান জনায়। কু–প্ৰথা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাৰ সজাগতা, নতুন আইন প্ৰণয়ন অত্যন্ত জৰুৰী বুলি উল্লেখ কৰে। এতিয়ালৈ অসমত প্ৰায় ১৭০০ মহিলাই ডাইনী সন্দেহত অকালতে প্ৰাণ হেৰুৱাইছে বুলিও মন্তব্য কৰে।

ইপিনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঁটা প্ৰদান অনুষ্ঠানলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাত বীৰুবালা ৰাভাৰ কামৰ প্ৰতি শলাগ লোৱাৰ লগতে দেশৰ কন্যাৰূপেও অভিহিত কৰে। দেশৰ সকলোবোৰ কু–প্ৰথা দূৰ কৰাৰ বাবে মাই হ’ম ইণ্ডিয়াই ব্যৱস্থা গ্ৰহণ কৰক এই অনুৰোধ জনায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। উক্ত বঁটা প্ৰদান অনুষ্ঠানত সংস্থাটোৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰে এনেদৰে কয়, উত্তৰ–পূৰ্বাঞ্চলত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ দেশৰ আগত দাঙি ধৰাই হ’ল ‘ওৱান ইণ্ডিয়া’ বঁটাৰ মূল উদ্দেশ্য।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward