Friday, April 19, 2024
Homeবাতৰিটাই জনগোষ্ঠীৰ নৱবৰ্ষ উদ্‌যাপন নামচাইত

টাই জনগোষ্ঠীৰ নৱবৰ্ষ উদ্‌যাপন নামচাইত

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

অৰুণাচল প্ৰদেশৰ নামচাই জিলাত যোৱা ২৯ নৱম্বৰৰ পৰা ১ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰিলে টাই নৱবৰ্ষ উপলক্ষে ‘পুই পি মউ টাই ২১১১’ উৎসৱ। টাই–খামটি উন্নয়ন সমাজে আয়োজন কৰা এই উৎসৱ নামচাই জিলা প্ৰশাসনে পূৰ্ণসহযোগ কৰে।

উল্লেখযোগ্য যে, টাই জনগোষ্ঠীৰ এই উৎসৱটিত বিদেশী ৰাষ্ট্ৰ থাইলেণ্ডৰ এটা সাংস্কৃতিক দলে যোগদান কৰাৰ উপৰি বলিউডৰ শিল্পী সোনা মহাপাত্ৰই পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীসকলেও গীত–মাত পৰিবেশন কৰে। উৎসৱটিত থলুৱা বেশভূষাৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰি সাহিত্য–সংস্কৃতি, পৰম্পৰাগত ক্ৰীড়া, খাদ্য, সৌন্দৰ্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward