Friday, March 29, 2024
Homeবাতৰিনংখ্নুম এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম নদীদ্বীপ

নংখ্নুম এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম নদীদ্বীপ

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

এছিয়াৰ ভিতৰত প্ৰথম আৰু বৃহত্তম নদীদ্বীপ কোনটো বুলিলে নিশ্চয় মাজুলি বুলি সকলোৱে জানে, কিন্তু এছিয়াৰ দ্বিতীয় বৃহত্তম নদীদ্বীপটোৰ নাম কি বুলিলে উত্তৰ দিয়াতো অলপ টান হৈ পৰিব। ‘নংখ্নুম’ (Nongkhnum Island) হ’ল এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ নদীদ্বীপ। উত্তৰ–পূবত এছিয়াৰ ভিতৰত বহু বিখ্যাত ঠাই আছে তাৰ ভিতৰত নংখ্নুম অন্যতম। এই নদীদ্বীপটো মেঘালয় ৰাজ্যৰ পশ্চিম খাছি পাহাৰ জিলাত অৱস্থিত। সাধাৰণতে মেঘালয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰ–পূৰ ইয়াক বহলাই বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই। এই মেঘালয় ৰাজ্যতে অৱস্থিত এছিয়াৰ দ্বিতীয় বৃহত্তম নদীদ্বীপ নংখ্বুম। নংখ্নুমে ইতিমধ্যে এছিয়াৰ ভিতৰত দ্বিতীয় নদীদ্বীপৰ স্বীকৃতি লাভ কৰিছে।

এই নদীদ্বীপটো প্ৰায় ২০–২৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। ইয়াক কাঞ্চী (Kynshi) নদীয়ে আৱৰি ৰাখিছে। কাঞ্চী নদীটো দুইফালে গতি কৰিছে ইয়াৰে উত্তৰে গতি কৰা ফালটোক নামলিয়াং (Namliang River) আৰু দক্ষিণে গতি কৰা ফালটোক ফানলিয়াং (Phanliang River) নদী বোলে। দ্বীপটোৰ সন্মুখত আছে প্ৰায় ১০০ বৰ্গমিটাৰৰ এক মনোমোহা বালিচৰ। ফানলিয়াং নদীয়ে ৪০০–৫০০ বৰ্গমিটাৰৰ এটা সুন্দৰ হ্ৰদ গঠন কৰিছে। ইয়াৰ কাষতে আছে শাদথুম (Shadthum Fall) নামৰ এটি মনোমোহা জলপ্ৰপাত যাৰ পানীভাগ ৬০ মিটাৰ উচ্চতাৰ পৰা নামি আহিছে। নংখ্নুম আৰু কাঞ্চী নদীৰ সমীপত বহু সৰু সৰু জলপ্ৰপাত থাকিলেও এতিয়ালৈ শাদথুম (Shadthum), ৱেইনিয়া (Weinia) আৰু লাংচিয়াং (Langshiang)হে জলপ্ৰপাত হিচাপে স্বীকৃতি লাভ কৰিছে।

প্ৰকৃতিৰ দ্বাৰা সৃষ্ট বিভিন্ন প্ৰকাৰৰ শিলা গাঁঠনি, সেউজীয়া ঘাঁহ–বননি, ওখ–ওখ গছ–গছনিবোৰে এই নদীদ্বীপটোক অতি মোহনীয় কৰি তুলিছে । কিন্তু অঞ্চলটোৰ স্থানীয় লোকেসকলে এতিয়াও কাঞ্চী নদী এক জনপ্ৰিয় মাছ ধৰা ঠাই ৰূপেহে ব্যৱহাৰ কৰি আহিছে। প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে সৰ্বাধিক পৰ্যটকৰ আগমণ ঘটে এই নদীদ্বীপটোলৈ।

নংখ্নুম নদীদ্বীপলৈ যাত্ৰাকালত পৰ্যটকসকলে তিনিধৰণৰ পথৰ ব্যৱহাৰ কৰি আহিছে। প্ৰথম পথ–শ্বিলঙৰ পৰা মকৰৱাট–নংষ্টইন হৈ নংখ্নুম নদীদ্বীপ, দ্বিতীয় পথ–গোৱালপাৰা জিলাৰ দুধনৈ–ৰংজেং–চালাং–নংষ্টইন হৈ নংখ্নুম নদীদ্বীপ, তৃতীয় পথ–কামৰূপ জিলাৰ বকো–হাহিম–আৰাডোংগা–ৰিনদো অতিক্ৰমি নংষ্টইন হৈ নংখ্নুম নদীদ্বীপ। উল্লেখ্য যে, দ্বিতীয় আৰু তৃতীয় পথ দুটা যাতায়তৰ বাবে বৰ বেছি সুবিধাজনক নহয়। নদীদ্বীপটোলৈ যোৱা পৰ্যটকসকলে যাতায়তৰ বাবে বেছি সুগম প্ৰথম পথ শ্বিলং–মকৰৱাট–নংষ্টইন পথটোকে ব্যৱহাৰ কৰি আহিছে। এই পথটোৰ দূৰত্ব ১২০ কিলোমিটাৰ আৰু পৰ্যটনস্থলী গৈ পাওঁতে ৩ৰ পৰা ৩.৩০ ঘণ্টা সময়ৰ প্ৰয়োজন।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward