Saturday, April 20, 2024
Homeবাতৰিধনেশ পক্ষী নথকা নগালেণ্ডৰ হৰ্নবিল ফেষ্টিভেল’ত হতাশ পৰ্যটক

ধনেশ পক্ষী নথকা নগালেণ্ডৰ হৰ্নবিল ফেষ্টিভেল’ত হতাশ পৰ্যটক

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

ধনেশ পক্ষী নথকা নগালেণ্ডৰ হৰ্নবিল উৎসৱত হতাশ হৈ পৰিছে দেশী–বিদেশী পৰ্যটকসকল। এইকথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অতীতত নগাসকল চিকাৰ প্ৰিয় জাতি আছিল। বন্য জীৱ–জন্তু, চৰাই–চিৰিকটি চিকাৰ কৰি ভক্ষণ কৰা তেওঁলোকৰ অভ্যাস আছিল। নগাসকলৰ বহুলাংশে এই অভ্যাস এতিয়াও পৰিহাৰ কৰিব পৰা নাই। যাৰ পৰিণতিত জীৱ–জন্তু, চৰাই–চিৰিকটিৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে। এতিয়া নগালেণ্ডত ধনেশ পক্ষীটো বাদেই অন্যান্য পক্ষীৰ উপস্থিতিও প্ৰায় দেখিবলৈ নোপোৱা হৈ পৰিছে।

এতিয়া পৰ্যটকসকলে হৰ্নবিল উৎসৱৰ সলনি ক’হিমাৰ ওচৰৰ পুষ্প উপত্যকাৰূপেখ্যাত ‘জুক’ভেলী’ত গৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ বাবেহে বেছি পচন্দ কৰে। কিন্তু প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এই ঠাইখনতো বন্য পশু–পক্ষীৰ উপস্থিতি নেদেখি আচৰিত হৈ পৰিছে পৰ্যটকসকল।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward