Thursday, April 18, 2024
Homeবাতৰিনগালেণ্ডৰ ঐতিহাসিক হৰ্নবিল ফেষ্টিভেল’ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নগালেণ্ডৰ ঐতিহাসিক হৰ্নবিল ফেষ্টিভেল’ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

নগালেণ্ডৰ ঐতিহাসিক কিচামা গাঁৱত ‘হৰ্নবিল ফেষ্টিভেল’ যোৱা ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত হয়। ৰাজ্যখনৰ পৰ্যটন উদ্যোগটোক অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে নগালেণ্ড চৰকাৰে এই উৎসৱৰ আয়োজন কৰে। উৎসৱত নগালেণ্ডৰ ঐতিহ্য, সাংস্কৃতিক পৰম্পৰা আদি প্ৰদৰ্শন কৰা হয়।

উল্লেখ্য যে, এইবাৰৰ হৰ্নবিল ফেষ্টিভেল’ৰ উদ্বোধনী অনূষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। উদ্বোধনী ভাষণত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়– অসমৰ জনসাধাৰণৰ সৈতে নগালেণ্ডৰ জনসাধাৰণৰ অতিজৰে পৰা সু –সম্পৰ্ক আছিল। সেয়ে উত্তৰ–পূবৰ যদি দ্ৰুত উন্নয়ণৰ কথা চিন্তা কৰা হয় তেনেহ’লে অসম–নগালেণ্ডে উমৈহতীয়াভাৱে কাম কৰিবই লাগিব। হৰ্নবিল ফেষ্টিভেল বিভিন্ন জনগোষ্ঠীৰ ভাবৰ আদান–প্ৰদান এক মঞ্চলৈ গঢ় দিয়াৰ বাবে নগালেণ্ড চৰকাৰলৈ অনুৰোধ জনায়। ঐতিহাসিক উৎসৱত বিশিষ্ঠ অতিথি হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে নগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙলৈ ধন্যবাদ জ্ঞাপন কৰে। উৎসৱখনৰ জৰিয়তে দেশী–বিদেশী পৰ্যটকসকলে নগালেণ্ডৰ গীত–মাত, ভাষা–সংস্কৃতি, নৃত্য পৰম্পৰাৰ বিষয়ে অভিজ্ঞতা লভিব পাৰিব বুলি ভাষণকালত দোহাৰে। আহোম ৰাজত্বৰ লালুকসোলা বৰফুকনৰ কু–চক্ৰান্তৰ ফলস্বৰূপে এসময়ত গদাপাণিয়ে নগালেণ্ডৰ আও জনগোষ্ঠীৰ গাঁৱত কিছুদিন তাৰ পিচত ফোম আৰু কন্যাক জনগোষ্ঠীসকলৰ গাঁৱত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছিল। য’ত এগৰাকী কন্যাক গাভৰুৱে অসমত ডালিমী নামেৰে পৰিচিত লাভ কৰিছিল। দুয়োখন ৰাজ্যৰ মাজত সু–সম্পৰ্ক আৰু শান্তিপূৰ্ণ সহাৱস্থান থাকিলেহে আশাৰ বতৰা কঢ়িয়াব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অতীতৰ অসম–নগালেণ্ডৰ মাজত থকা এনেকুৱা বহু সু–সম্পৰ্কৰ কথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধনী অনুষ্ঠানত সোৱৰণ কৰে।

যোৱা অক্টোবৰ মাহত অসম আৰু নগালেণ্ডৰ মুখ্যমন্ত্ৰীদ্বয়ৰ মাজত কাজিৰঙাত অনুষ্ঠিত হোৱা বৈঠকৰ অংশ হিচাপে ৰাজ্যদুয়োখনৰ মাজত সাংস্কৃতিক বিনিময়ৰ কাৰণে অসমৰ পৰা ২৮জনীয়া সাংস্কৃতিক দল এটি হৰ্নবিল উৎসৱলৈ প্ৰেৰণ কৰে।

ঐতিহাসিক হৰ্নবিল উৎসৱ’ৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে অন্যান্য কেইবাগৰাকী বিধায়কে অংশ গ্ৰহণ কৰে।

উৎসৱৰ আদৰণি ভাষণ প্ৰদান কৰে নগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সহযোগিতা, শান্তিপূৰ্ণ পৰিবেশ অটুট থাকিলেহে ৰাজ্যসমূহৰ মাজত দ্ৰুত বিকাশ সম্ভৱ।

ইফালে উৎসৱ উপলক্ষে নগা জনজাতিৰসকলৰ জীৱন শৈলী প্ৰৰ্দশনৰ বাবে বিখ্যাত মুৰংঘৰ সমূহ সাজু কৰি ৰাখিছে। হৰ্নবিল উৎসৱ চাবলৈ অহা বিভিন্ন দেশ–বিদেশৰ পৰ্যটকৰ সুবিধাৰ্থে কিচামা গাঁৱৰ পৰা ১০০ মিটাৰ আতৰত অস্থায়ী কেম্পৰ ব্যৱস্থা কৰিছে। উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰ কৰাৰ লগতে পৰম্পৰাগত বহু খেল–ধেমালিৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। তাৰ ভিতৰত অতিথিৰ বাবে মুকলি থকা জলকীয়া খোৱা, Pork খোৱা প্ৰতিযোগিতা অন্যতম।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward