Saturday, April 20, 2024
Homeবাতৰিঔপন্যাসিক য়েচে দৰ্জী ঠংচিলৈ ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান

ঔপন্যাসিক য়েচে দৰ্জী ঠংচিলৈ ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

মহাৰাষ্ট্ৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত পোনপোটীয়াকৈ একতা আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ বাবে ‘সৰহদ’ নামৰ এক অনুষ্ঠানে কাম কৰি আহিছে। ২০১২ চনৰ পৰা ৰাজ্যকেইখনৰ যোগ্য ব্যক্তিসকলক সন্মানীত কৰাৰ কাৰণে প্ৰৱৰ্তন কৰিছে ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা। বিশেষকৈ উত্তৰ–পূৰ্বাঞ্চলৰ সাহিত্য–সংস্কৃতি বিকাশত উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক অনুষ্ঠানটোই এই সন্মানীয় বঁটাৰে স্বীকৃতি প্ৰদান কৰি আহিছে।

আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বাসিন্দা তথা প্ৰখ্যাত অসমীয়া লেখক য়েচে দৰ্জী ঠংচিক আগবঢ়াইছে ২০১৭ বৰ্ষৰ ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা। লেখকগৰাকী অৰুণাচল প্ৰদেশৰ বাসিন্দা যদিও তেখেতৰ সৃষ্টিৰাজীয়ে অসমীয়া সাহিত্য জগতৰ ভঁৰাল চহকী কৰি তুলিছে।‘শৱ কটা মানুহ’ আৰু ‘মৌন ওঠ মুখৰ হৃদয়’ এই উপন্যাস সমূহে অসমীয়া সাহিত্য জগতখনলৈ অন্য এক সমৃদ্ধিশালী মাত্ৰা গঢ়ি তুলিছে। যি সৃষ্টিত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত এক উমৈহতীয়া সমন্বয়ৰ সেঁতু গঢ়ি উঠিবলৈ সক্ষম হৈছে।

অনুষ্ঠানটোই ইতিমধ্যে উত্তৰ–পূৰ্বাঞ্চলৰ জাহ্নু বৰুৱা, সমুদ্ৰ গুপ্ত কাশ্যপ আৰু ৰতন থিয়াম আদি বৰেণ্য ব্যক্তিসকলক এই বঁটাৰে সন্মানীত কৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward