Thursday, April 25, 2024
Homeবাতৰিগ্ৰীষ্মকালীন নাট কৰ্মশালাৰ আয়োজন

গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ আয়োজন

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘ঐক্যতা’ৰ যুটীয়া প্ৰচেষ্টাত আয়োজন কৰে গ্ৰীষ্মকালীন নাট কৰ্মশালা। যোৱা ৮জুলাইৰ পৰা মিৰ্জাৰ শ্বহীদ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই নাট কৰ্মশালাৰ। ১৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা নাট কৰ্মশালাত ৬০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অভিনয় জগতখনত প্ৰৱেশৰ ক্ষেত্ৰত কিছু সহায়ক হ’ব পৰাকৈ আয়োজিত কৰা হৈছে এই নাট কৰ্মশালা। এই কৰ্মশালাৰ জৰিয়তে দক্ষিণ কামৰূপ অঞ্চলৰ যুৱক–যুৱতীসকলে প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু ‘ঐক্যতা’ৰ বিষয়–ববীয়াসকলৰ লগতে অভিভাৱকসকলৰ উপস্থিতিত নাট কৰ্মশালাৰ অনুষ্ঠান শুভাৰম্ভ কৰা হয়। অনুষ্ঠান শুভাৰম্ভণিৰ পিচতে প্ৰশিক্ষাৰ্থীসকলক নাট আৰু অভিনয়ৰ বিষয়ে শিক্ষা প্ৰদান কৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ স্নাতক হিমাংশু প্ৰসাদ দাসে। একেধাৰে অভিনেতা, নাট্যকাৰ, পৰিচালক লগতে এগৰাকী কবি হিচাপেও পৰিচিতি লাভ কৰা হিমাংশু প্ৰসাদ দাসে পৰিচালনা কৰা ‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’ কথাছবিখন কেইমাহ মান আগতে ছবিঘৰত মুক্তি লাভ কৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward