Friday, March 29, 2024
Homeবাতৰিকণী উৎপাদনৰ জৰিয়তে জনাজাত হোৱা ধেমাজি জিলাৰ এখন গাঁও

কণী উৎপাদনৰ জৰিয়তে জনাজাত হোৱা ধেমাজি জিলাৰ এখন গাঁও

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

কণী উৎপাদন কৰি ৰাজ্যত জনাজাত হৈ পৰিছে এখন অখ্যাত গাঁও তৰাণি পথাৰ। ধেমাজি জিলাৰ অন্তৰ্গত নিলখ অঞ্চলৰ এই গাঁওখন আধুনিক যোগাযোগ ব্যৱস্থাৰ পৰা বহুযোজন আঁতৰত। এই পিচপৰা গাঁওখনে সম্প্ৰতি উল্লেখনীয় হাৰত কণী উৎপাদন কৰি চৰ্চাৰ মাজলৈ আহিছে।

তৰাণি পথাৰ গাঁৱখনৰ ৫০টা পৰিয়ালে উন্নত প্ৰজাতিৰ কুকুৰা পালন কৰিছে। প্ৰতিটো পৰিয়ালৰ যুৱক–যুৱতী, মহিলাসকল ব্যস্ত এতিয়া কুকুৰা প্ৰতিপালনত। দৈনিক ৩০–৪০ টা কণী উৎপাদন কৰা প্ৰতিটো পৰিয়ালে দৈনিক ৭–১০ টকা দৰত কণী বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিছে। তদুপৰি মাংসৰ বাবে মতা কুকুৰা বিক্ৰী কৰিও অতিৰিক্ত লাভ উপাৰ্জন কৰিছে।

গাঁৱখনৰ উন্নয়নৰ মূলতে হ’ল ধেমাজি জিলাৰ তদানীন্তন উপায়ুক্ত ভিক্টৰ কাৰ্পেণ্টাৰ। উপায়ুক্তগৰাকীয়ে তৰাণি পথাৰ যুৱক সংঘৰ সহযোগিতাত গাঁৱখনৰ ৫০টা পৰিয়ালৰ প্ৰতিটোৰ মাজত ২৫ টাকৈ কামৰূপা–১ আৰু ৰেম্বুচা উন্নত প্ৰজাতিৰ কুকুৰা পোৱালি যোগান ধৰিছিল। কুকুৰা সমূহৰ পৰা আশানুৰূপ ফলাফল লাভৰ পিচত ব্যক্তিগতভাৱে উক্ত জাতৰ কুকুৰা পোৱালী ক্ৰয় কৰি আনিছিল। কণী উৎপাদনত আগস্থান অধিকাৰ কৰাৰ কাৰণে সম্প্ৰতি গাঁৱখনে ‘কণী গাঁও’ ৰূপে জনাজাত হৈ পৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward