Friday, April 19, 2024
Homeবাতৰিৰাজ্য চৰকাৰে তিনিমাহৰ ভিতৰত ২০ হাজাৰ শিক্ষক নিযুক্তি দিব

ৰাজ্য চৰকাৰে তিনিমাহৰ ভিতৰত ২০ হাজাৰ শিক্ষক নিযুক্তি দিব

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই তিনিমাহৰ ভিতৰত ৰাজ্যত ২০ হাজাৰ শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়া ১ জুলাইৰ পৰা আৰম্ভ হ’ব। এই নিযুক্তিকালত ১০ হাজাৰ ঠিকা ভিত্তিক আৰু ১০ হাজাৰ নিয়মীয়া শিক্ষকক সামৰি লোৱা হ’ব। টেট উত্তীৰ্ণ ঠিকা–ভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ২১ জুনত জনতা ভৱনত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰা বুলি সংবাদ মাধ্যত প্ৰকাশ।

শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু প্ৰকাশ কৰে যে– ৰাজ্য চৰকাৰে অতি শীঘ্ৰে চাহ বাগিচা অঞ্চলত ২০০খন অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিব।

ইফালে একাংশ টেট শিক্ষকে প্ৰতিবাদৰ নামত বিদ্যালয়ত ক’লাবেজ পৰিধান কৰি পাঠদান কৰা বুলি বাতৰি ওলাইছে। কণ কণ শিক্ষাৰ্থীক লৈ খেলা কৰা কাৰ্যক ৰাজ্যৰ শিক্ষা বিভাগে সহজ ভাৱে গ্ৰহণ নকৰে বুলিও স্পষ্টভাৱে জনাইছে। এই প্ৰতিবাদ কাৰ্যসূচীত কোন কোন শিক্ষক জড়িত আছে তাৰ সবিশেষ তথ্য দাখিল কৰিবলৈ শিক্ষা বিষয়াক নিৰ্দেশ দিয়া হৈছে। অসমৰ স্থায়ী বাসিন্দাইহে চৰকাৰী বিদ্যালয়সমূহত শিক্ষকতা কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে। পাঁচ বছৰৰ ভিতৰত টেট উত্তীৰ্ণ ঠিকা–ভিত্তিক সকলো শিক্ষকৰে চাকৰি নিয়মীয়াকৰণ কৰা হ’ব বুলিও মত প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward