Tuesday, May 7, 2024
HomeNEWSজয়পুৰত বন্যহস্তীৰ ভয়ংকৰ আক্ৰমণঃ কথমপি প্ৰাণৰক্ষা জয় কছাৰীৰ পৰিয়াল

জয়পুৰত বন্যহস্তীৰ ভয়ংকৰ আক্ৰমণঃ কথমপি প্ৰাণৰক্ষা জয় কছাৰীৰ পৰিয়াল

প্ৰকাশিত তাৰিখঃ ১৩ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম গুৱাহাটী সমষ্টি তথা ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জয়পুৰ বনগাঁৱৰ এটি পৰিয়ালৰ ঘৰ বনৰীয়া হাতীয়ে লণ্ড–ভণ্ড কৰে। ঘটনাৰ সময় ১২ জুলাইৰ নিশা প্ৰায় ১.৩০ বজা। সেইখিনি সময়ত গাঁৱৰ সকলো লোকে টোপনিত লালকাল। জয় কছাৰী আৰু তেওঁৰ পত্নী আৰতী কছাৰীও জেনী ৰাভা (১২) আৰু এনী ৰাভা (১০) নামৰ নাতি দুটিক লগত লৈ দুখন বিচনাত শুই আছিল। সেই সময়তে জয় কছাৰীৰ চৌহদত দুটাকৈ বনৰীয়া হাতী প্ৰৱেশ কৰি কল, তামোল ভাঙি খাই আছিল। কছাৰীয়ে ভাবিছিল কল, তামোল খাই বৈ হাতী দুটা অনায়াসে ওচৰৰ বননিলৈ গুছি যাব। সেয়ে সিহঁতক কোনো অসুবিধা দিয়া নাছিল। কিন্তু ঘৰৰ চৌহদত হাতীৰ উমান লাভ কৰি সৰু নাতিনীজনীয়ে ভয়তে কান্দি দিয়ে। পিছমুহুৰ্ততে এটা হাতীয়ে জয় কছাৰীহঁত শুই থকা ঘৰটোৰ পিছফালে চোঁচা লয়। অকল চোঁচা লোৱাই নহয় শুঁৰেৰে পিছফালৰ বেৰখন হেঁচা মাৰি এৰুৱাই দিয়ে। বাঁহেৰে নিৰ্মাণ কৰা বেৰ গতিকে শুঁৰৰ হেঁচা পৰাৰ লগে লগে খুঁটাৰ পৰা এৰি আহিছিল। বেৰখন নামি অহাৰ পিছত প্ৰায় ১০ফুট ব্যৱধানত হাতী আৰু মানুহ। তেতিয়ালৈ জয় কছাৰীহঁতৰ জীৱন ৰক্ষাৰ অন্য পথ নাছিল। পতি–পত্নীহালে নাতি দুটাৰ সৈতে বিচনাৰ পৰা কেৱল হাতীটোৰ পিনে থৰ লাগি চাই আছিল। সেইখিনি সময়ত– মৰিছো নে জীৱিত আছো, ভয়ত পেপুৱা লাগিছো নে টোপনিত লালকাল দিছো, একোৱেই ক’ব নোৱাৰা হৈছিলো– এইদৰে ব্যক্ত কৰিছিল জয় কছাৰীয়ে। সেই সময়তে অন্য এটি ঘৰত শুই থকা পৰিয়ালৰ আন সদস্যসকলে হাই–উৰুমি কৰাত হাতীটোৱে জয়হঁতক আক্ৰমণৰ সলনি থমকি ৰৈছিল। তেনেদৰেই এসময়ত হাতীটো লাহে লাহে আঁতৰি গৈছিল। ইয়াৰ ফলত এক ভয়ংকৰ মৃত্যুমুখৰ পৰা ৰক্ষা পৰিছিল জয় কছাৰীহঁতে। ইতিমধ্যে– ঘটনাটোৰ বিষয়ে ফোনযোগে বিয়পি পৰাত সেই নিশাই সমগ্ৰ গাওখনত হুৱাদূৱা লাগি পৰে। কিন্তু গাঁওখনৰ অন্যান্য লোকসকল সহায়ৰ বাবে হঠাৎ আগুৱাই আহিব পৰা নাছিল। জুই, জোৰ, টৰ্চ লাইট লৈ গাঁৱৰ মানুহবোৰ খুব সাৱধানে ওলাই আহিছিল। যদিও সেইখিনি সময়লৈকে হাতী দুটাই ৰৈ থকা নাছিল। বহু সময় আগতে ওচৰৰ জংঘললৈ আঁতৰি গৈছিল। ঘটনা সন্দৰ্ভত কছাৰীৰ পৰিয়ালে নিশাই বন বিভাগৰ শুকুৰবৰীয়া খণ্ড বন আৰু ৰাণীস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ ফোনযোগে অৱগত কৰিছিল। নিশা প্ৰায় ২বজাত ফৰেষ্টাৰ দুলাল দাসৰ নেতৃত্বত বন সুৰক্ষা বাহিনীৰ দল এটি ঘটনাস্থলীত উপস্থিত হয়। শুকুৰবৰীয়াৰ দলটোৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি ওলাই অহাৰ পিছত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা সঞ্জীৱ গোস্বামীৰ নেতৃত্বত অহা পেট্ৰলিং দলটোৰ সৈতে গাঁওখনৰ নামপাৰাত লগালগি হয়। তেওঁলোকে গাঁওখনৰ পিছফালে হাতীকেইটা থকা উমান লাভ কৰে। সেয়ে গাঁওখনৰ কাষৰ পৰা হাতীকেইটা আঁতৰাই পঠিয়াবলৈ বহু চেষ্টা কৰে। যদিও সফল হোৱা নাছিল। সেয়ে পাম্প গানেৰে দুই জাই গুলী ফুটাবলগীয়াও হয় বুলি ফৰেষ্টাৰ দুলাল দাসে ব্যক্ত কৰে। (জয়পুৰত বন্যহস্তীৰ ভয়ংকৰ আক্ৰমণঃ কথমপি প্ৰাণৰক্ষা জয় কছাৰীৰ পৰিয়াল)

উল্লেখযোগ্য যে, ব’হাগ মাহৰ পৰা গাঁওখনত বনৰীয়া হাতীৰ উৎপাতৰ প্ৰকোপ আৰম্ভ হৈছে। বনৰীয়া হাতীয়ে গাঁওখনৰ কল, কঠাল, কুঁহিয়াৰ, তামোল, নাৰিকল, অমিতা খাই, গচকি সমুলি অনিষ্ট কৰিছিল।  আনকি জেঠ মাহৰ পৰা আৰম্ভ কৰা কঠিয়া তলিৰো অনিষ্ট সাধন কৰিছিল। হাতীৰ উৎপাতত গাঁওখনৰ মানুহে শস্যপাতি কৰি খাব নোৱাৰা অৱস্থা এটা হৈছে। অতি ভয়ংকৰ কথাটো হ’ল– জেঠ মাহৰ মাজ ভাগৰ পৰা গাঁওখনত অতি খঙাল প্ৰকৃতিৰ হাতী এটি প্ৰৱেশ কৰিছে। য’ত মানুহৰ আৱাজ শুনিলে অথবা টৰ্চৰ পোহৰ দেখিলেই উৎসলৈকে চোঁচা মাৰি আহে। সেইটো হাতীৰ ভয়তে সন্ধিয়া নামি অহাৰ লগে লগে গাঁওখনত এক জয়াল পৰিৱেশে বিৰাজ কৰে। আনকি সন্ধিয়া সময়ত বিশেষ কামৰ বাবে গাঁওখনত ঘূৰা–ফুৰা কৰা অথবা নিশা পেচাৱ–পাইখানা কৰিবলৈ হ’লেও খুব সাৱধানে বাহিৰ ওলাবলগীয়া হৈছিল। আজি এসপ্তাহ আগৰ ঘটনা– জয় কছাৰীৰ পদুলীত ৰৈ থকা হাতী এটি আঁতৰাবলৈ চেষ্টা কৰোতে জপনাখন শুঁৰেৰে দলিয়াই দিছিল আৰু জোঁৱায়েক কুশল ৰাভাই সেই আঘাতৰ পৰা কোনোমতে ৰক্ষা পৰিছিল। তদুপৰি গাঁওখনৰ অন্য এজন বাসিন্দা লবেন ৰাভাৰ চৌহদতো প্ৰৱেশ কৰি ঘৰৰ বেৰ ভাঙিছিল। উল্লেখ্য যে, বিগত সময়ছোৱাত গাঁওখনৰ লোকৰ হাতীৰ আক্ৰমণত মৃত্যু ঘটিছে আৰু আঘাতপ্ৰাপ্তও হৈছে। আঘাতপ্ৰাপ্ত লোকসকল আৰু হাতীয়ে খেতিবাতি অনিষ্ট কৰি সৰ্বস্বান্ত কৰা পৰিয়ালসকল আজিও চৰকাৰী ক্ষতি পূৰণৰ পৰা বঞ্চিত বুলি গাঁওবাসীয়ে অভিযোগ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward