Monday, May 6, 2024
HomeNEWSপ্ৰথিতযশা সাংবাদিক মনজিৎ মহন্তদেৱৰ বিয়োগত শোক প্ৰকাশ

প্ৰথিতযশা সাংবাদিক মনজিৎ মহন্তদেৱৰ বিয়োগত শোক প্ৰকাশ

প্ৰকাশিত তাৰিখঃ ১০ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ”ৰ্ট –

প্ৰথিতযশা সাংবাদিক, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা মনজিৎ মহন্তদেৱৰ বিয়োগত চৰ-চাপৰি সাহিত্য পৰিষদে গভীৰ শোক প্ৰকাশ কৰি শোকসত্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

এক বিবৃতিযোগে পৰিষদৰ সভাপতি ড0 হাফিজ আহমেদ আৰু প্ৰধান সম্পাদক আনোৱাৰ হোছেইনে কয় যে– এগৰাকী সাংবাদিকৰূপে অসমীয়া সংবাদ জগতলৈ তেওঁ আগবঢ়াই থৈ যোৱা অৱদানৰ বাবে তেওঁ সদায়েই চিৰস্মৰণীয় হৈ থাকিব। এগৰাকী ৰাজনীতিবিদ হিচাবে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰীডাল কটকটীয়া কৰিবলৈ তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল।

মহন্তদেৱ চৰ-চাপৰি সাহিত্য পৰিষদক জন্ম লগ্নৰে পৰা সঠিক দিহা পৰামৰ্শৰে আগুৱাই যোৱাত সহায় কৰিছিল। বিগত জানুৱাৰী মাহত বৰপেটা জিলাৰ মন্দিয়াত অনুষ্ঠিত হোৱা চৰ-চাপৰি সাহিত্য পৰিষদৰ ৰাজ্যিক অধিবেশনত এগৰাকী বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি তেওঁ অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত চৰ-চাপৰিবাসীয়ে আগবঢ়োৱা অৱদানৰ শলাগ লোৱাৰ উপৰিও চিৰ চেনেহী ভাষা জননীৰ সেৱাত ব্ৰতী হ’বলৈ সকলোকে আহ্বান জনাইছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward