Saturday, April 20, 2024
HomeARTICLEকামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ ৬ষ্ঠ ত্ৰি–বাৰ্ষিক পূৰ্ণাংগ অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি

কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ ৬ষ্ঠ ত্ৰি–বাৰ্ষিক পূৰ্ণাংগ অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি

প্ৰকাশিত তাৰিখঃ ৮ মাৰ্চ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট–

ছয়গাঁৱৰ সাতপাৰাত ‘কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ ৬ষ্ঠ ত্ৰি–বাৰ্ষিক পূৰ্ণাংগ অধিবেশনখন অহা ১২ আৰু ১৩ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হ’ব। কামৰূপ জিলাৰ ৰাভা হাছং পৰিষদীয় এলেকাৰ ছয়গাঁৱৰ সাতপাৰা খেলপথাৰত অনুস্থিত হ’বলগীয়া এই অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি চলি আছে।

ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ যৌথ উদ্যোগত আৰু সাতপাৰা আঞ্চলিক যুৱক সংঘ, সাতপাৰা আঞ্চলিক উন্নয়ন সমিতি আৰু সাতপাৰা ৰাইজ গয়ৰহৰ সহযোগত এই অধিবেশন অনুস্থিত হ’ব।

অধিবেশনৰ মুখ্য অতিথিৰূপে মন্ত্ৰী পীয়ুষ হাজৰিকা, নিৰ্দিষ্ট বক্তা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি মহিধৰ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা উপস্থিত থাকিব

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি নৰেন চন্দ্ৰ ৰাভা, পলাশবাৰী আৰু ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে– হেমাংগ ঠাকুৰীয়া আৰু ৰেকিবুদ্দিন আহমেদে বিশিষ্ট্য অতিথিৰূপে উপস্থিত থাকিব।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰদীপ ৰাভাই অধিবেশনস্থলীৰ সকলোবোৰ কামকাজৰ তদাৰক কৰি থকা দেখা গৈছে।

ভিডিঅ’ নিউজ চাবৰ বাবে ক্লিক কৰক

ইউটিউব চেনেল << ইয়াত ক্লিক কৰক >>

ফেচবুক পেজ << ইয়াত ক্লিক কৰক >>

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward