Friday, March 29, 2024
HomeUncategorizedছয়গাঁৱৰ সাতপাৰাত ষষ্ঠ অনুসূচী দাবী সমিতিৰ ৬ষ্ঠ ত্ৰি–বাৰ্ষিক পূৰ্ণাংগ অধিবেশন  

ছয়গাঁৱৰ সাতপাৰাত ষষ্ঠ অনুসূচী দাবী সমিতিৰ ৬ষ্ঠ ত্ৰি–বাৰ্ষিক পূৰ্ণাংগ অধিবেশন  

প্ৰকাশিত তাৰিখঃ ১৪ মাৰ্চ, ২০২২

চি এন ডেস্ক–

কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ ৬ষ্ঠ ত্ৰি–বাৰ্ষিক পূৰ্ণাংগ অধিবেশনখন যোৱা ১২ আৰু ১৩ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে ছয়গাঁৱৰ সাতপাৰাত অনুষ্ঠিত হয়। ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ উদ্যোগত আৰু সাতপাৰা আঞ্চলিক যুৱক সংঘ, সাতপাৰা আঞ্চলিক উন্নয়ন সমিতি আৰু সাতপাৰা ৰাইজ গয়ৰহৰ সহযোগত এই অধিবেশন অনুষ্ঠিত হয়।

প্ৰথম দিনৰ কাৰ্যসূচী মৰ্মে মদন চন্দ্ৰ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অনন্ত কুমাৰ ৰাভাই। প্ৰাচীৰ পত্ৰিকা ‘মিলমিলয়া’ উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক উপেন ডেকাই। আবেলি মদন চন্দ্ৰ ৰাভা সোঁৱৰণী ভলীবল প্ৰতিযোগিতা শুভ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাই। সন্ধিয়া প্ৰতিনিধি সভা অনুস্থিত হয়।

দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত– কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভাই সভাৰ পতাকা উত্তোলন কৰাৰ পিছতেই আৰম্ভ হয় শ্বহীদ তৰ্পণ অনুষ্ঠানৰ। এই অনুষ্ঠান মুকলি কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নমল কুমাৰ ৰাভাই। প্ৰয়াত কম্‌ৰেড গাজিৰাম ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাই।

বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে সাতপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰতাপ ৰাভা, সাতপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কন্দৰ্প দাস আৰু ৬নং লাটৰ চৰকাৰী গাঁওবুঢ়া ৰুদ্ৰ ৰাভাই।

অধিবেশনত ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখপত্ৰ ‘আদিং’ আৰু অভ্যৰ্থনা সমিতিৰ দ্বাৰা প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘কাটাল’ উন্মোচন কৰে লোক সংস্কৃতিৰ গৱেষক তথা কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰাক্তন সভাপতি ভূবিন চন্দ্ৰ ৰাভাই।

আবেলি কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভাৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। অশোক ৰাভাই উদ্বোধন সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমা কান্ত ৰাভাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি মহিধৰ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভাই।

উক্ত সভাত, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি নৰেন চন্দ্ৰ ৰাভাই বিশিষ্ট্য অতিথি হিচাপে উপস্থিত থাকে।

বিভিন্ন দল–সংগঠনৰ বিষয়–ববীয়া, ব্যক্তি, অঞ্চলবাসী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জনগোষ্ঠীটোৰ বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰে। লগতে নিশাৰ ভাগত এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward