Tuesday, April 30, 2024
HomeARTICLEক্লান্ত পৃথিৱী

ক্লান্ত পৃথিৱী

প্ৰকাশিত তাৰিখঃ ১৪ আগষ্ট, ২০২৩

কল্প ৰঞ্জন গগৈ –

মহাভাৰতৰ বস্ত্ৰহৰণ হয় বাৰ বাৰ– কুৰুক্ষেত্ৰৰ মহাৰণ চলি আছে অবিৰাম। আমি কিন্তু দৰ্শক হৈ আছো বাৰ বাৰ। ভীষ্ম–দ্ৰোণ–কৰ্ণ সকলৰ দৰে– জুৱাৰী যুধিষ্ঠিৰৰ দৰে– অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে– মাতা গান্ধাৰীৰ দৰে। মহাভাৰত কেৱল ভাৰতত– বিশ্ব গুৰু ভাৰতৰ সম্পদ। (ক্লান্ত পৃথিৱী)

কোন দোষী– সংবিধান– নেতাসৱ– ৰাজনীতি– নে দেশৰ কৰদাতা, ভোটদাতা জনগণ? একৈশ শতিকাত? বিজ্ঞানৰ যুগত? বিজ্ঞান ভাৰতবৰ্ষত ক্লান্ত সেয়ে আদিম দাস– সামন্ত যুগৰ বৰ্বৰ সংস্কৃতি।

দেশ এখনৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতিফলন ঘটে সংস্কৃতিত আৰু ৰাজনীতিয়ে নিৰ্ণয় কৰে ইয়াৰ গতিপথ। বৰ্তমানৰ অশুভ ৰাজনীতিৰ লগতে দূৰ্বল অৰ্থনীতিয়ে ভাৰতবৰ্ষৰ গতি নিৰ্ণয় কৰিছে। এক উত্তৰনশীল অৰ্থনীতিৰ দেশ ভাৰত। ইংৰাজে দখল আৰু বিভক্ত কৰি এৰি যোৱা ভাৰত। বণিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এৰি থৈ যোৱা ভাৰতবৰ্ষ। ইয়াৰ জীৱিত পদাৰ্থ (Living matter) মানুহ যিহেতু পৰিবেশৰ দ্বাৰা নিয়ন্ত্ৰিত (Conditioned) সেয়ে বৰ্তমানৰ ক্লান্তিময় পৰিৱেশ, অস্বাস্থ্যকৰ ৰাষ্ট্ৰনীতিৰ বাবে আচৰিত হ’লেও অস্বীকাৰ কৰিব নোৱাৰি।

আধা ভৰ্তি বুলি আশাবাদী (Optimist) সকলে কয় কিন্তু মোৰ দৰে ক্লান্ত হতাশাবাদীয়ে ক’ব গিলাচটো আধা খালি বুলি। সেয়ে মই কম অসম্পূৰ্ণ স্বাধীনতা– অসম্পূৰ্ণ শিক্ষা– সংস্কৃতি। মুঠতে সভ্য হ’বলৈ বহুত বাকী। কিন্তু ইয়াৰ কাৰণ কি? নিষ্ঠাহীন– ভুল স্বাধীনতা সংগ্ৰাম– গান্ধী হত্যাৰ দৰে পাপ (Original Sin) নে কাৰোবাৰ প্ৰৰোচনা?

আধুনিক সমাজ বিজ্ঞানৰ মতে চিৰ উত্তৰনশীল এই জগতত সকলো বস্তুৱেই এক অস্থিৰ অৱস্থাত থাকে।

চিৰ প্ৰৱাহমান সময়ত ভাৰত নামৰ ভূ–খণ্ডৰ ৰাজনীতি– ৰাজনৈতিক ধাৰাৰ– দল বা ব্যক্তি নহয়– পৰিৱৰ্তন আৱশ্যম্ভাৱী। দেশৰ স্বাধীনতাৰ শতবৰ্ষ– ২০৪৭ চনত কেনেদৰে পালন কৰা হ’ব– সময়েহে ক’ব। দেশত বৰ্তমানৰ ১৪২ কোটি জনগণ প্ৰৱল সম্ভাৱনা আৰু আশা ভাৰসাৰ স্থল। দেশৰ ১৪২ কোটি সম্পদ– জনগণ– জননায়ক সমন্বিতে সকলোৱে এক পৰিৱৰ্তিত ধাৰাৰে আগবাঢ়িব লাগিব (Move with a new line of thinking। A new trajectory of development)।

বৰ্তমানৰ ধনতন্ত্ৰৰ অৱক্ষয়ৰ পৰা মুক্ত কৰি ইয়াৰ পৰৱৰ্তী বিকাশৰ স্তৰ সমাজতন্ত্ৰলৈ গতি কৰাবলৈ আমাক লাগিব মানুহ– কেৱল মানুহ। ধৰ্মৰ মতে কলিকালত হৰিনামৰ মানুহ। আধুনিক বিজ্ঞানৰে দীক্ষিত পূৰ্ণ মানুহ। যি পৃথিৱীখনক জ্ঞানময়– বিজ্ঞানময় কৰি তুলিব। সেয়ে বৰ্তমানৰ অস্বাস্থ্যকৰ ৰাজনীতিৰ মাজত থাকিও খণ্ডিত পৃথিৱীখনক একত্ৰিত কৰিবলৈ দৃঢ় পদক্ষেপ দিব লাগিব। কেৱল ঐক্যৱদ্ধ মানুহে নতুন ইতিহাস ৰচিব পাৰিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward