Friday, March 29, 2024
Homeবাতৰিখামৰি- ৰাজ্যৰ প্ৰথমখন মৌ গাঁও হোৱাৰ পথত

খামৰি- ৰাজ্যৰ প্ৰথমখন মৌ গাঁও হোৱাৰ পথত

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

দৰিদ্ৰপীড়িত খামৰিগাঁও এতিয়া ৰাজ্যখনৰ প্ৰথমখন মৌ গাঁও হোৱাৰ পথত। এই গাঁওখন বিটিএডি’ৰ বাক্সা জিলাৰ মুছলপুৰৰ সমীপত। এসময়ত দৰিদ্ৰতাই কোঙা কৰা গাঁওখনৰ পৰা বহু লোক কামৰ সন্ধানত অন্যান্য ঠাইলৈ ঢাপলি মেলিছিল। সম্প্ৰতি গাঁওখনত আৰু তাহানিৰ দিন নাই।

আজিৰ পৰা তিনিবছৰ পূৰ্বে নাবাৰ্ডৰ এক আঁচনিৰ অধীনত গ্ৰীণ এনভাইৰণমেণ্ট টাক্স ফৰ্চ নামৰ বেচৰকাৰী সংস্থা এটাই এই গাঁওখনৰ দহগৰাকী লোকক মৌ পালনৰ প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষিত ব্যক্তিসকলে ঘৰতে মৌ পালন কৰিবলৈ আৰম্ভ কৰে। সেয়াই আৰম্ভণি। যি আৰম্ভ কৰিলে তাৰ পিছৰ পৰাই নিৰবচ্ছিন্নভাৱে চলি আছে আজিলৈকে।

এতিয়া গাঁওখনৰ মৌপালক সকলে প্ৰতিমাহে ডেৰশ–দুশ লিটাৰ মৌজল উৎপাদন কৰিবলৈ সমৰ্থ হৈছে। উৎপাদিত মৌজল সমূহ নিজা ব্ৰেণ্ড ‘খামৰি হ’নি’ নামেৰে পেকেজিং কৰি বজাৰত উলিয়াই দিছে যিটো ব্ৰেণ্ড বজাৰত সমাদৃত হৈছে।

মৌপালন কৰি পৰিয়াল চলোৱাটো বৰ সহজ সাধ্য নহ’লেও গাঁওখনত এটা কৰ্ম সংস্কৃতি গঢ়ি উঠিছে সেয়া অকপটে স্বীকাৰ কৰিবই লাগিব। য’ত মুলধন বিনিয়োগ কৰিব নালাগে, য’ত কষ্ট–সময়ৰ বৰ বেছি প্ৰয়োজন নহয়। পোহনীয়া মৌবোৰে যাতে সহজে তাৰ খাদ্য সংগ্ৰহ কৰিব পাৰে তাৰবাবে তেওঁলোকে সৰিয়হ, সূৰ্যমূখী ফুলৰ খেতি কৰিছে, ৰজনীগন্ধা ফুলৰ খেতিও আৰম্ভ কৰিছে যি ফুল বিক্ৰী কৰি পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward