Friday, April 19, 2024
Homeবাতৰিতাৰালাংছ’ৰ কাৰ্বি যুৱ মহোৎসৱে ৪৩টা বৰ্ষ গৰকিলে

তাৰালাংছ’ৰ কাৰ্বি যুৱ মহোৎসৱে ৪৩টা বৰ্ষ গৰকিলে

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ মহোৎসৱ হিচাপে পৰিগণিত হোৱা কাৰ্বি যুৱ মহোৎসৱ ডিফুৰ তাৰালাংছ’ৰ বাকৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। মহোৎসৱে এইবাৰ ৪৩টা বৰ্ষ গৰকিলে। প্ৰতি বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। এইবাৰো ১৫ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়।

উল্লেখযোগ্য যে এইবাৰ মহোৎসৱৰ ১৬ফেব্ৰুৱাৰী অৰ্থাৎ দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাহিৰে আজিলৈকে কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰা নাছিল। ৪৩টা বৰ্ষ গৰকা এই মহোৎসৱত অংশ গ্ৰহণ কৰা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত সৰ্বানন্দ সোণোৱালে প্ৰথমগৰাকী মুখ্যমন্ত্ৰী।

মহোৎসৱত অংশ গ্ৰহণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়– স্বকীয় ঐতিহ্য, ঐশ্বৰ্যশালী লোক–কৃষ্টিৰ বাবে কাৰ্বি জনগোষ্ঠী ভাৰতবৰ্যতে এক বিশেষ সুনাম আছে। জনগোষ্ঠীটোৰ প্ৰতিজন লোকেই প্ৰকৃতিক প্ৰেম কৰিব জানে, লোক কৃষ্টি–সংস্কৃতি সুন্দৰকৈ চৰ্চা কৰিব জনাৰ বাবে কাৰ্বি আংলঙক সুন্দৰভাৱে গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। তাৰালাংছ’ৰ এই যুৱ মহোৎসৱৰ জৰিয়তে জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ মাজত সাংস্কৃতিকভাৱে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে তাক স্বীকাৰ কৰিবই লাগিব। এই মহোৎসৱে সম্প্ৰতি দেশী–বিদেশী পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বৃহত্তৰ অসমীয়া জাতি গঠনত কাৰ্বি জনগোষ্ঠীৰ ভাষা–সংস্কৃতিৰ অৱদান অপূৰণীয় তাক স্বীকাৰ কৰিবই লাগিব। একবিংশ শতিকাত আমি সকলোৱে আগুৱাই যাবই লাগিব। আগুৱাই যাবলৈ হ’লে সকলো জাতি–জনগোষ্ঠীয়ে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিকক্ষেত্ৰত সমভাৱে নিৰাপত্তা লাভ কৰিব লাগিব। ৰাজ্যখনত থকা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও এই তিনিখন পাৰ্বত্য জিলাৰ সামগ্ৰিক উন্নয়ন নহ’লে অসমৰ উন্নয়ন অসম্ভৱ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানকো মুখ্যমন্ত্ৰীগৰাকীয়ে সশ্ৰদ্ধভাৱে উল্লেখ কৰে। প্ৰতিমা পাণ্ডে বঁটাপ্ৰাপক তথা আয়োজক সমিতিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ অৱদানৰ বিষয়েও উল্লেখ কৰে। ১৯৭৮ চনত ডিফুৰ কাৰ্বি ক্লাৱত ৰয় ইংতি আৰু জনাছিং তেৰাঙৰ প্ৰচেষ্টাত গঢ় লৈ উঠা কাৰ্বি যুৱ মহোৎসৱে সাফল্যৰ এক সোণালী অধ্যায় অতিক্ৰম কৰিলে তাক নোকোৱাকৈ থাকিব নোৱাৰি। মহোৎসৱৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত ৰাজ্য চৰকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়াই যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি ব্যক্ত কৰে। শিক্ষা, চিকিৎসা, সংস্কৃতি উন্নয়নৰ হকে ষষ্ঠ অনুসূচীৰ অধীনৰ স্বায়ত্তশাসিত পৰিষদসমূহক বাজেটত অতিৰিক্ত ধন ধাৰ্য কৰি দিয়া হ’ব। কাৰ্বি যুৱ মহোৎসৱলৈ অহা পৰ্যটকৰ সুবিধাৰ বাবে এখন হেলিপেড নিৰ্মাণ কৰাৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাচাওত থকা সম্পদসমূহক বিজ্ঞানসন্মত প্ৰযুক্তি কৌশল ব্যৱহাৰেৰে পাৰ্বত্য জিলাকেইখনক আগুৱাই নিয়াৰ পোষকতা কৰা হ’ব। এখন প্ৰদূষণমুক্ত, দুৰ্নীতিমুক্ত, বিদেশীমুক্ত আৰু সন্ত্ৰাসবাদমুক্ত অসম গঢ়ি তুলিবলৈ কাৰ্বি আংলঙৰ উৰ্বৰভূমিত কৃষি উৎপাদন বৃদ্ধি কৰিবই লাগিব– এই আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

মহোৎসৱৰ কাৰ্যসূচীত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেও উপস্থিত থাকে। উত্তৰ–পূৰ্বাঞ্চলৰ সাংস্কৃতিক আৰু অন্যান্য ক্ষেত্ৰৰ বিকাশৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁৰ ভাষণকালত উল্লেখ কৰে। আয়োজক সমিতিয়ে মহোৎসৱৰ অন্তিম দিনটোক ৰাজ্যিক বন্ধ দিন হিচাপে ঘোষণা কৰা আৰু মহোৎসৱ আয়োজনৰ বাবে এক কোটি টকা ধাৰ্য কৰিবলৈ মুখ্যমন্ত্ৰীৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

মহোৎসৱৰ দ্বিতীয় দিনা বাকৰিৰ পৰা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। সাংস্কৃতিক শোভাযাত্ৰা নেতৃত্ব প্ৰদান কৰে কাৰ্বি সমাজৰ পৰম্পৰাগত ৰজা হাৰছিং ৰংহাং, কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু আয়োজক সমিতিৰ সদস্যসকলে। পতাকা উত্তোলনেৰে মহোৎসৱটিক আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আয়োজক সমিতিৰ সভাপতিগৰাকীয়ে। ইয়াৰ পিচতে প্ৰদৰ্শনস্থলী, জনজাতীয় আৰ্হি গাঁও লগতে খাদ্য প্ৰদৰ্শনস্থলী সমূহো মুকলি কৰা হয়। মুখ্যমন্ত্ৰী উপস্থিত থকা ‘ছিং মিৰজেং মঞ্চ’ৰ সন্মুখত স্বকীয় সাজ–পাৰ পৰিধান কৰা শিল্পীসকলে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward