Friday, April 26, 2024
Homeবাতৰিমানাহ ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ বেদখল উচ্ছেদ অভিযান

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ বেদখল উচ্ছেদ অভিযান

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বেদখলকাৰীক উচ্ছেদ কৰিবলৈ গৈ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈছিল বন বিভাগ। উদ্যানখনৰ ১৫ কিলোমিটাৰ এলেকা বেদখলকাৰীৰ কবলত থকা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ। যোৱা ১৮ ফেব্ৰুৱাৰীত বন বিভাগ আৰু প্ৰশাসনে বেদখলীকৃত ভূমি উচ্ছেদ কৰিবলৈ গৈছিল। কিন্তু এই বেদখলীকৃত ভূমি মুকলি কৰিবলৈ যোৱা কৰ্তৃপক্ষই সন্মুখীন হৈছিল প্ৰৱল প্ৰতিৰোধৰ। যাৰ ফলত উচ্ছেদ কাৰ্য সাময়িকভাৱে বন্ধ ৰাখিব লগা হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৮ ফ্ৰেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৬ বজাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাৰ নেতৃত্বত বনকৰ্মী–বনসুৰক্ষা বাহিনী, পুলিচ বাহিনী, এছ এছ বি’ৰ এক বিশাল বাহিনী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলক লগত লৈ নতুন বৰগাঁও বনাঞ্চলত উপস্থিত হয়। অঞ্চলটোত এই বাতৰি বিয়পি পৰাৰ লগে লগে নতুন বৰগাঁও, চলচলি, নতুন ভেহগুৰি, মাজৰমাখা, শিমলুগুৰি, ৰাঙিদাৰা আদি ২১টা চুবুৰিৰ পুৰুষ–মহিলাই হাতে হাতে দা–কুঠাৰ, যাঠি–জোং লৈ ওলাই আহে। আৰু উচ্ছেদ অভিযানকাৰী বাহিনীক চাৰিওফালৰ পৰা ঘেৰি ধৰে।

মানাহৰ ক্ষেত্ৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি উচ্ছেদ কাৰ্যকৰী কৰাৰ সলনি প্ৰতিবাদী ৰাইজক বুজাই–বঢ়াই উভতি যাবলৈ আহ্বানহে জনায়। কিন্তু উত্তেজিত প্ৰতিবাদকাৰী ৰাইজে ওলোটাই প্ৰশাসনৰ ফালেহে চোঁচা লয়। সঞ্চালকগৰাকীৰ বহু বুজনিৰ পিচত পৰিস্থিতি কিছু শাম কাটে। এই সুযোগতে ৰাইজৰ ফালৰ পৰা দাবী আহে যে দখল কৰি থকা ভূমিসম্পৰ্কীয় নথিপত্ৰ পৰীক্ষা কৰিবলৈ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীসকলৰ স্বাৰ্থত উচ্ছেদ কাৰ্য সাময়িকভাৱে বন্ধ ৰাখিব লাগে। এই দাবী প্ৰশাসনে মানি লোৱাৰ লগতে ভূমি সম্পৰ্কীয় বৈধ নথিপত্ৰ প্ৰদানত ব্যৰ্থ হ’লে নিৰ্দিষ্ট সময়ৰ অন্তত আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা কৰে যদিও ৰাইজ আঁতৰি যোৱা নাছিল। অৱশেষত শালবাৰী মহকুমাৰ মহকুমাধিপতি ধৰণীধৰ বড়োই মাইকযোগে ৰাইজক আঁতৰি যাবলৈ ঘোষণা কৰিব লগা হয়। অৱশ্যে স্থানীয় নেতৃবৃন্দৰ বুজনিতহে ৰাইজ সেই স্থানৰ পৰা আঁতৰি যায়।

ঘটনাস্থলীত উপস্থিত থকা সাংবাদিকসকলক ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে এনেদৰে কয়– ২২ ডিচেম্বৰ’ ১৬’ত উক্ত অঞ্চলত উচ্ছেদ অভিযান চলাই প্ৰায় ৫৫০টা ঘৰ ভাঙি বেদখলমুক্ত কৰা হৈছিল যদিও ৰাইজে পুনৰ জুপুৰি নিৰ্মাণেৰে বেদখল আৰম্ভ কৰে। যাৰ ফলত পুনৰ উচ্ছেদ অভিযান চলাবলগীয়া হয়। অৱশ্যে আগ্ৰাং বনগাঁওৰ এন চি এলেকাধীন ভূমিসমূহত উচ্ছেদ চলোৱা হোৱা নাই।

আনহাতে আগ্ৰাং বন গাঁও উন্নয়ণ কমিটীৰ উপদেষ্টা ৰত্নেশ্বৰ ব্ৰহ্মই কয় যে বনবিভাগে উচ্ছেদ চলাব খোজা ভূমি সমূহ এন চি এলেকাধীন। ১৯৫০ চনৰ পৰাই ৰাইজে এই ভূমি দখল কৰি আহিছে আৰু ১৯৮৬ চনলৈ এই ভূমিৰ ৰাজহ চৰকাৰক আদায় দি আহিছে, স্থানীয় ৰাইজে মানাহৰ বন কৰ্তৃপক্ষক বেগাৰ খাটি দিছে। ইয়াৰ বৈধ নথি–পত্ৰ আমাৰ হাতত আছে। বন উন্নয়ণ কমিটীৰ সভাপতি চন্দ্ৰকান্ত বসুমতাৰীয়ে কয় যে– ৰাইজে বৰ্তমান দখল কৰি থকা ভূমিৰ বৈধ নথি–পত্ৰসমূহ এসপ্তাহৰ ভিতৰতে কৰ্তৃপক্ষক দিয়া হ’ব। আনকি বি টি চি চুক্তিটো কালেগাঁও এন চি আৰু চালেগাঁও এন চি হিচাপে এই অঞ্চলসমূহ অন্তৰ্ভূক্ত হৈ আছে। তাৰ পিচতো যদি চৰকাৰে পুনৰ উচ্ছেদ অভিযান চলাবলৈ আহে তেনেহ’লে বনবিভাগৰ বিৰূদ্ধে ৰাইজে তীব্ৰ প্ৰতিৰোধ গঢ়ি নোতোলাকৈ নাথাকে।

বিগত কালছোৱাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় পঞ্চাশ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বেদখল আৰম্ভ হৈছে। বেদখলকাৰীয়ে উদ্যানখনৰ ভিতৰুৱা বনাঞ্চলত খেতি–বাতিৰ লগতে গৃহ নিৰ্মাণ কৰি লৈছে। বিগত বৰ্ষত উদ্যানখনৰ কাঁহিতামা অঞ্চলত প্ৰায় পাঁচ–সাত বৰ্গ কিলোমিটাৰ এলেকাত বেদখলকাৰীক উচ্ছেদ কৰি কেইবাজনো বেদখলকাৰীক জে’ললৈ প্ৰেৰণ কৰা হয়। তেতিয়াৰ পৰা সেই অঞ্চলটোত বেদখল আৰম্ভ হোৱা নাই। যদিও ভূঞাপাৰা ৰেঞ্জৰ দিহিৰা অঞ্চলৰ বালিপাৰা, শিমলিগুৰি, নতুন বেতবাৰী, খয়েৰবাৰী, কাৰেবাৰী, নুনচিবাৰী, ভেগুৰি, বুৰগাঁও, ৰাঙিদৰা, চলচলি, মাজৰমাখা আদি কেইবাটাও খণ্ড আৰু দৈমাৰী বীটৰ এক বৃহৎ অঞ্চল বৰ্তমান বেদখলকাৰীৰ কবলত থকা বুলি প্ৰকাশ পাইছে।

ইপিনে ৰাষ্ট্ৰীয় উদ্যানৰ সমানে মানাহৰ সংৰক্ষিত বনাঞ্চল সমূহতো চলিছে ব্যাপক হাৰত বেদখল। এই বাতৰি বিভিন্ন সময়ত প্ৰকাশিত হৈ আহিছে। বাক্সা আৰু চিৰাং জিলাৰ অধীনৰ পাণবাৰী, বাঁহবাৰী, ভূঞাপাৰা ৰেঞ্জৰ বিভিন্ন এলেকাত বেদখলে ব্যাপক ৰূপ লোৱা বুলি প্ৰকাশ। চিৰাং জিলাৰ অন্তৰ্গত পাণবাৰী ৰেঞ্জৰ অধীনত প্ৰায় ১৬বৰ্গ কিলোমিটাৰ ৯০০ৰো অধিক পৰিয়ালে মাহ সৰিয়হ আদি খেতি কৰি তাত পঁজা ঘৰ, টঙিঘৰ নিৰ্মাণ কৰি বসবাস কৰি আহিছে। সুৱণখাটা, দাওধাৰা, দাৰাংগা, লেবাৰা আদি মানাহ সংৰক্ষিত অঞ্চল সমূহ এতিয়া বেদখলকাৰীৰ কবলত পৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত বৰ্ষৰ ২২ ডিচেম্বৰত বন বিভাগৰ বুলড’জাৰ পোন প্ৰথমবাৰৰ বাবে চলে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ এক বিস্তীৰ্ণ বনাঞ্চলত। কেইবাশ বিঘা ভূমিত থকা ঘৰ–বাৰী বন বিভাগৰ বুলড’জাৰে এফালৰ পৰা ভাঙি নিছিল। যদিও ইয়াৰ বিৰুদ্ধে ৰাইজে কোনো প্ৰতিবাদ কৰা নাছিল। উচ্ছেদৰ পিচত বেদখল নচলিব বুলি বন বিভাগে ভাবিছিল যদিও দুমাহৰ পিচত পুনৰ চলে বেদখল। সেয়ে বন বিভাগৰ পুনৰ উচ্ছেদ অভিযান আৰম্ভ।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward