Thursday, April 25, 2024
HomeARTICLEনব্য উপনিবেশ গুৱাহাটীৰ ভৱিষ্যত?

নব্য উপনিবেশ গুৱাহাটীৰ ভৱিষ্যত?

প্ৰকাশিত তাৰিখঃ ২১ নৱেম্বৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

একৈশ শতিকাৰ তৃতীয় দশকৰ অসমৰ ৰাজধানী গুৱাহাটী। কেইবাবাৰো নতুনকৈ নিৰ্মাণ কৰা হ’ল (Refashioning the City)। ফল কি হ’ল, কিমান লাভ হ’ল, কাৰ লাভ হ’ল?

এটা কথা ঠিক যে পৰিৱৰ্তন কৰাটোৱেই মানুহৰ প্ৰধান ধৰ্ম। লক্ষ্য কৰিলে দেখা যায় যে মানৱ জাতিৰ ইতিহাসেই হৈছে পৰিৱৰ্তনৰ ইতিহাস– ভঙা আৰু গঢ়াৰ ইতিহাস। এই পৰিৱৰ্তনৰ নিয়ম আছে (Laws of motion)। আজিৰ পৰিৱৰ্তন সেয়ে গোলকীয় নিয়মৰ অধীন (Under Global laws)। সেয়ে আজিৰ গুৱাহাটীৰ (Refashioning) নবীকৰন/ পুনৰগঠন গোলকীয় নিয়মৰ অধীন। আজিৰ পৃথিৱী যিহেতু পূঁজিবাদী পৃথিৱী আৰু বৰ্তমানে পূঁজিবাদ নিজেই এক পতনশীল আৰু পশ্চাৎমুখী গতি লাভ কৰিছে সেয়ে আজি বিশ্বৰ গতি পশ্চাৎমুখী। সেয়ে ইয়াৰ বিপৰীতে জনগণে বল প্ৰয়োগ কৰিবলগীয়া হৈছে। সুপৰিচালিত পৰিবৰ্তনৰ বাবে।

মোগল/ আহোমৰ গুৱাহাটী বা ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিৰ আগৰ গুৱাহাটী আছিল মোগল/ আহোমৰ শিৱিৰ গুৱাহাটী কেণ্টনমেণ্ট। মোমাই তামুলী বৰবৰুৱা, প্ৰতাপ সিংহৰ সময়ৰ আহোম–মোগলৰ সীমা উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি। জয়ধ্বজ সিংহৰ দিনত মিৰজুমলাই ৰাজধানী গৰকি গ’ল। ঘিলাঝাৰী ঘাটত চুক্তি হ’ল।

চক্ৰধ্বজ সিংহই এই চুক্তি নেমানে। লাচিতক দায়িত্ব দিলে– গুৱাহাটী মুকলি কৰিবলৈ। আলাবৈ ৰণত– ১৬৬৯ চনৰ ৫ আগষ্ট– ৰামসিংহৰ বাহিনীৰ হাতত ১০ হেজাৰ অসমীয়া সৈন্য শ্বহীদ। আতন বুঢ়াগোঁহাইৰ শান্তনাত লাচিতৰ ধৈৰ্য– সাহসৰ নৱজন্ম। ১৬৬৯ চনত চক্ৰধ্বজ সিংহৰ পৰলোকগমন। পিছৰজনা স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনত (১৬৬৯–১৬৭৩) ৰামসিংহৰ মোগল বাহিনীৰ সৈতে সৰ্বশেষ যুদ্ধখন সংগঠিত হৈছিল শৰাইঘাটত– লাচিত বৰফুকনৰ সেনাপতিত্বত। যুদ্ধখন ১৬৭১ চনৰ মাৰ্চ মাহত হৈছিল। গুৱাহাটী পুনৰ আহোমৰ দখলত। অসমৰ পশ্চিম সীমা মানাহ পৰ্যন্ত।

মোগলে পুনৰ দখল কৰা গুৱাহাটী মোগল মুক্ত কৰিলে স্বৰ্গদেউ গদাধৰ সিংহই ১৬৮২ খ্ৰীষ্টাব্দত। তাৰ পিছত গুৱাহাটী আহোমৰ দখলত। ১৬৮২–৮৩ খ্ৰীষ্টাব্দত হোৱা ইটাখুলি ৰণৰ পাছত ১৮১৭ খ্ৰীষ্টাব্দলৈ মুঠ ১৩৪ বছৰ গুৱাহাটী অসমৰ দখলত– বৰফুকনৰ দোপদৰ। ইয়াৰ পিছৰ পৰা ঘৰুৱা কন্দল– মানৰ আক্ৰমণ। ১৮২২ চনৰ ২১ জুনত চন্দ্ৰকান্ত সিংহৰ শেষ ৰণ– হাদিৰাচকীত– অসমৰ স্বাধীনতাৰ বাবে– মানৰ বিৰুদ্ধে। ১৮১৭–১৮২২ খ্ৰীষ্টাব্দলৈ মান–আহোমৰ যুদ্ধৰ কাল।

ইংগ–বৰ্মী যুদ্ধ– ১৮২৪–১৮২৬ ইয়াণ্ডাবু সন্ধি– ২৪ ফেব্ৰুৱাৰীত– ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত।

মোগল/ আহোম/ মান– তাৰ পিছত ইংলিচ ইষ্ট–ইণ্ডিয়া কোম্পানীৰ দখলত গুৱাহাটী তথা সমগ্ৰ অসম।

গুৱাহাটীৰ নাগপোতা পুখুৰীৰ দক্ষিণ পাৰে ডনবস্ক স্কুল পোৱাৰ আগতে জৰাজীৰ্ণ অৱস্থাত এটি পুৰণি আসাম টাইপৰ ঘৰৰ একাংশ দেখিবলৈ পোৱা যায়। ইয়াণ্ডাবু সন্ধিৰ এজন অন্যতম সাক্ষী জয় শংকৰ গুহৰ ঘৰ। ১৮২৪ খ্ৰীষ্টাব্দত ইষ্ট–ইণ্ডিয়া কোম্পানীৰ এজন বিশিষ্ট আমোলা।

এই ডোখৰৰ পৰাই ঔপনিবেশিক গুৱাহাটী (Colonial Guwahati) ১৯৪৭ চনৰ ১৫ আগষ্টলৈ। সামন্তবাদৰ পতন আৰু সাম্ৰাজ্যবাদী শাসনৰ আৰম্ভণি ইংৰাজৰ গুৱাহাটী।

আজিৰ গুৱাহাটীৰ নৱ– প্ৰজন্মই এটা কথাই বুজিব লাগিব– ইংৰাজে দেশখনৰ নৱৰূপ কেনেদৰে দিছিল। এটা দখলদাৰ বাহিনীয়ে কেনেদৰে দখলীস্বত্ব ভোগ কৰিব? ১৮১৭ খ্ৰীষ্টাব্দৰ পৰা দখলদাৰী মানে ১৮২২ খ্ৰীষ্টাব্দলৈ কেনেদৰে ইয়াৰ দখলীস্বত্ব ভোগ কৰিছিল?

ইয়াৰ পৰাই পৰাধীনতাক আকোৱালি ল’বলৈ আগবাঢ়ি যোৱা এটা জাতিৰ মানসিকতা কেনেধৰণৰ হ’ব তাক অন্বেষণ কৰিব লাগিব। বিজ্ঞানসন্মতভাৱে বস্তুনিষ্ঠভাৱে।

আজি আমাৰ সন্মুখত স্পষ্ট– দখলদাৰী ইংৰাজৰ মানসিকতা কি আছিল? আজিৰ তেওঁলোকৰ জাতীয় বিকাশৰ সাংস্কৃতিক–ৰাজনৈতিক আৰু অৰ্থনৈতিক উৎস কি– চালিকা শক্তি কি? তাহানিৰ আৰু আজিৰ।

অসম তথা ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰ হ’বলৈ কি কৰিব লাগিব সেয়াই আজি একৈশ শতিকাৰ জাতীয় প্ৰশ্ন। বিশেষকৈ নব্য উপনিবেশ অসম তথা ভাৰতবৰ্ষৰ পূৰ্ণ বিকাশ কেনেদৰে হ’ব? চ্যাওল্যুঙ চ্যুকাফাৰ দিনত ১২২৮– ১২৬৮ খ্ৰীষ্টাব্দ আজিৰ গুৱাহাটী আছিল প্ৰাগজ্যোতিষপুৰ। ১৮২২ চনৰ ২১ জুনৰ অসমৰ শেষ স্বাধীনতা যুদ্ধৰ পৰা ১৮২৪ খ্ৰীষ্টাব্দলৈ মানৰ দখলৰ গুৱাহাটী। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ আগলৈ সাম্ৰাজ্যবাদী দখলৰ বাবে কুৰুং কাৰাং (warm up) আৰু তাৰ পৰা ১৯৪৭– ১৫ আগষ্ট পৰ্যন্ত ম্যাদী পট্টা আৰু আজি?

সমাজ বিকাশৰ নিৰ্দিষ্ট নিয়ম আছে। ১৮২৮ চনৰ গমধৰ কোঁৱৰৰ নেতৃত্বত বিদ্ৰোহৰ পৰা আৰম্ভ কৰি পিয়লী ফুকন হৈ ১৮৩৯ খ্ৰীষ্টাব্দৰ শদিয়া খোৱা ৰণুৱা গোঁহাইলৈ নায়ক– বুৰঞ্জীৰ বিফল নায়ক হ’লেও অসমৰ গ্ৰেনাইট শিল।

এই বিদ্ৰোহবোৰ ব্যৰ্থ হ’লেও আমাৰ বাবে সাহস আৰু কৰ্তব্যৰ পতাকা ১৮৫৭ চন। ভাৰতবৰ্ষৰ লগত যুক্ত অসম। মহাবিদ্ৰোহ– দেশৰ স্বাধীনতাৰ বাবে সন্মিলিত মৰ্চা। ধৰ্ম– লিংগ– জাত–পাতৰ উৰ্ধত। ব্যৰ্থ হৈছিল এই মহাবিদ্ৰোহ– যেনেকৈয়ে পৃথিৱীৰ বেছিভাগ বিদ্ৰোহ ব্যৰ্থ হৈ আহিছে।

দুখৰ বিষয় এই ব্যৰ্থতাৰ পৰা আজিও ভাৰতবাসীয়ে একো শিকিব নোৱাৰিলে। দখলদাৰ ইংৰাজ সাম্ৰাজ্যবাদৰ জালৰ পৰা আজিও দেশ মুক্ত নহয়।

ভাৰতবৰ্ষৰ পূবৰ গুৱাহাটী সাম্ৰাজ্যবাদৰ জালৰ পৰা মুক্ত হৈ (Slim trim and smart) শ্লিম–ট্ৰিম–স্মাৰ্ট গুৱাহাটী হ’ব পাৰিবনে? কুংফুৰ (Kung Fu) মহামাত্ৰাধিকাৰ ব্ৰুচ লীৰ (Buce Lee quality & quantity) পৰিমাণ আৰু গুণ আয়ত্ব কৰিব পাৰিবনে ইয়াৰ ডা–ডাঙৰীয়াসকলে– নাগৰিকসকলে?

নে গুট্‌খা– তামোলৰ পিক্‌– চুৰট– সুৰাৰ বটল আদিৰে পৰিপূৰ্ণ দেহ–মনৰ ‘অবস্তু’ সকলেই হ’ব ভৱিষ্যতৰ নাগৰিক?

আজিৰ গুৱাহাটীৰ গুৰুত্বলৈ বুজি এক মহান চিন্তা সংঘৰ্ষৰ বুনিয়াদ তৈয়াৰ কৰিব লাগিব– সঠিক অনুশীলন–চিন্তা আৰু দৰ্শনেৰে– আৰু সনাতন ধৰ্মৰ পৰিপূৰক তথাগত বুদ্ধৰ শিক্ষা সকলোৰে জীৱনলৈ পোহৰ আৰু আনন্দ অনাৰ লক্ষ্যৰে এখন জ্ঞানময় আৰু হিংসামুক্ত অসম গঢ়িবলৈ কুৰং কাৰাং (Warm up) কৰিব লাগিব। মুক্ত চিন্তাৰ নাগৰিক গঢ়িব লাগিব–বুৰঞ্জীৰ উত্থান–পতনৰ ওপৰত ভিত্তি স্থাপন কৰি।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward