Friday, April 26, 2024
HomeARTICLEত্ৰয়োদ্বশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন

ত্ৰয়োদ্বশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন

প্ৰকাশিত তাৰিখঃ ১৮ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ প্ৰকৃতিৰ মনোৰম পৰিৱেশৰ মাজত অৱস্থিত ঐতিহাসিক চানডুবি বিল। ঐতিহাসিক বিলখনৰ জৈৱ–বৈচিত্ৰ সংৰক্ষণ কামনাৰে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰৰ উদ্যোগত বিগত ২০১০ বৰ্ষৰ পৰা উদ্‌যাপন কৰি আহিছে ‘চানডুবি উৎসৱ’। বিভিন্ন জাতি, জনগোষ্ঠীৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰতিটো বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচ দিনীয়াকৈ আৰম্ভ হোৱা চানডুবি উৎসৱ এই বৰ্ষতো উদ্‌যাপন কৰিব।

অহা ২০২৩ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপন হ’বলগীয়া ত্ৰয়োদ্বশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা আজি অৰ্থাৎ ১৮ নৱেম্বৰত স্থাপন কৰে। এই উপলক্ষে বিলৰ বাকৰিত এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

উল্লেখ্য যে, লাইখুঁটা স্থাপনৰ পূৰ্বে ৰাভাসকলৰ মুখ্য দেৱতা লাঙা বুঢ়ালৈ জনজাতীয় প্ৰথাৰে নৈবদ্য আগবঢ়োৱা হয়। মাংগলিক পৰ্বৰ প্ৰতিটো কাৰ্যসূচী ৰাভা কৃষ্টিৰে আদৰণি জনোৱাৰ পিছত উপস্থিতি ৰাইজৰ হৰিধ্বনিৰে উৎসৱৰ লাইখুটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন ৰাভাই।

আজিৰ অনুষ্ঠানত ৰাভা কৃষ্টি দলটোৱে পৰিৱেশন কৰা বিভিন্ন নৃত্য, গীত–মাতে বিলৰ বাকৰি উৎসৱমুখৰ কৰি তোলে। ছাত্ৰ সংগঠনটোৰ লগতে ৰাভা জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু বিভিন্ন জাতি–ধৰ্ম–বৰ্ণ নিৰ্বিশেষ অঞ্চলটোৰ ৰাইজ আজিৰ লাইখুঁটা স্থাপন অনুষ্ঠানটোত অংশ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, চানডুবি উৎসৱ উদ্‌যাপন সন্দৰ্ভত চলিত মাহৰ ১৫ নৱেম্বৰত বিলৰ বাকৰিত মূল উদ্যোক্তা বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈছিল। এই বৈঠকতে ছাত্ৰ সংগঠনটোৰ উপ–সভাপতি সুভাষ চিনালক চানডুবি উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি, প্ৰাঞ্জল ৰাভাক কাৰ্যকৰী সভাপতি আৰু দীপজ্যোতি ৰাভাক সম্পাদক হিচাপে নিৰ্বাচিত কৰি মূল সমিতিখন গঠন কৰে।

ফটোঃ সত্যজিৎ ৰাভা

Pix: Satyajit Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward