Friday, April 26, 2024
Homeবাতৰিচিহ্নিত হোৱা বিদেশীৰ অধিক বোজা অসমে বহন কৰিব লাগিব

চিহ্নিত হোৱা বিদেশীৰ অধিক বোজা অসমে বহন কৰিব লাগিব

প্ৰকাশিত তাৰিখঃ ২৫ ডিচেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

কেইটামান দিন অতিক্ৰম কৰাৰ পিচত আহিব ৩১ ডিচেম্বৰ দিনটো। এই দিনটোলৈ যেন সকলোৱে প্ৰত্যাশাৰে বাট চাই আছে। কিয়নো এই দিনটোতে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন তালিকা প্ৰকাশ পাব।

অসমত আৰু কেইদিনৰ পিচত এন আৰ চিৰ জৰিয়তে স্বদেশী–বিদেশীৰ চিনাক্তকৰণ হ’ব। এই চিনাক্তকৰণ প্ৰক্ৰিয়াৰে বিদেশীক বহিষ্কাৰৰ পথ প্ৰশস্ত হ’ব !  নীতি অনুসৰি বিদেশীসকলে অসম ত্যাগ কৰিব লাগিব। কিন্তু বাস্তৱত ইমান সহজ হৈ আছেনে কথাবোৰ ? ৰাজ্য চৰকাৰে বিদেশী বহিষ্কাৰৰ বাবে এতিয়ালৈ কোনো নীতি প্ৰস্তুত কৰা নাই। ভাৰত–বাংলাদেশ দুয়োখন দেশৰ মাজত অবৈধ প্ৰব্ৰজনকাৰী প্ৰত্যাৰ্পণৰ চুক্তিও নাই। তেনে প্ৰত্যাৰ্পণ চুক্তি নথকাৰ ফলত ইতিপূৰ্বে বিদেশী চিনাক্ত হোৱা বৃহৎ সংখ্যক লোকক ৰাজ্যৰ পৰা বাংলাদেশত পঠিয়াই দিয়াৰ বিপৰীতে ডিটেনশ্যন কেম্পত বছৰ বছৰ জুৰি ভৰণ–পোষণৰ দায়িত্ব ল’ব লগা হৈছে। এন আৰ চি খচৰা প্ৰকাশ হোৱাৰ পিচত যিসকল নাম বিদেশীত অন্তৰ্ভূক্ত হ’ব নীতি অনুসৰি তেওঁলোককো ডিটেনশ্যন কেম্পতে ৰাখিব লাগিব। ডিটেনশ্যন কেম্পসমূহৰ আবাসীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি যাব। তেনেক্ষেত্ৰত চিনাক্ত হোৱা বিদেশীসকল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বোজা স্বৰূপ হোৱাৰ সম্ভাৱনাই অধিক হ’ব বুলি প্ৰশ্ন উঠিছে।

উল্লেখযোগ্য, ঐতিহাসিক ছয় বছৰীয়া অসম আন্দোলনৰ অন্তত কেন্দ্ৰৰ সৈতে স্বাক্ষৰিত হোৱা চুক্তিত অবৈধ বাংলাদেশী নাগৰিকৰ সমস্যাই গুৰুত্বপূৰ্ণ স্থান পাইছিল। বৰ্তমান বাংলাদেশ ভাৰতৰ বন্ধু ৰাষ্ট্ৰ। সেই সুবাদত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ শাসনভাৰ লোৱাৰ পিচতেই বাংলাদেশৰ লগত ২২খন চুক্তি কৰিছিল। কিন্তু অসমৰ অবৈধ বাংলাদেশী বহিষ্কাৰ সন্দৰ্ভত কোনো চুক্তি স্বাক্ষৰিত হোৱা নাই।

আনহাতে, অসমে বহিষ্কাৰ কৰিব খোজা লোকসকল বাংলাদেশৰ নাগৰিক নহয় আৰু তেওঁলোকক সেই দেশে গ্ৰহণ নকৰে বুলি অস্বীকাৰ কৰিছেই। গতিকে কোনো চুক্তি অবিহনে অসমৰ পৰা বহিষ্কৃত লোকক বাংলাদেশে ঘূৰাই ল’বনে?  

ৰাজ্য চৰকাৰে স্থায়ী ডিটেনশ্যন কেম্প স্থাপন কৰিবলৈ গোৱালপাৰা জিলাৰ ডাকুৰভিটাত ২০বিঘা মাটি চিনাক্ত কৰা বুলি এক সূত্ৰত প্ৰকাশ। ইতিমধ্যে গোৱালপাৰা, কোকৰাঝাৰ আৰু শিলচৰ এই তিনিখন জিলাত তিনিটা অস্থায়ী ডিটেনশ্যন কেম্প স্থাপন কৰিছে। বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰা ৮৩৩জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰি উক্ত কেম্পবোৰত ৰখাৰ ব্যৱস্থা কৰিছে যদিও এতিয়ালৈ এজনকো বহিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইতিপূৰ্বে ৰাজ্যখনত চিনাক্ত হোৱা ৪১,০৩৩জন বাংলাদেশী পলাতক অৱস্থাত আছে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward