Wednesday, April 24, 2024
Homeবাতৰিচৰকাৰী খাদ্য–সামগ্ৰী কঢ়িওৱা ট্ৰাকত আক্ৰমণঃ আঘাতপ্ৰাপ্ত ট্ৰাক চালক–হেণ্ডিমেন

চৰকাৰী খাদ্য–সামগ্ৰী কঢ়িওৱা ট্ৰাকত আক্ৰমণঃ আঘাতপ্ৰাপ্ত ট্ৰাক চালক–হেণ্ডিমেন

প্ৰকাশিত তাৰিখঃ ৯ আগষ্ট, ২০২১

চি এন ডেস্ক

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিৰ চাউল কঢ়িওৱা ট্ৰাকৰ ওপৰত দুৰ্বৃত্তৰ দলে আক্ৰমণ চলোৱাত দুজন দ্ৰাইভাৰ আৰু এজন হেণ্ডিমেন আঘাতপ্ৰাপ্ত হয়। যোৱা ২৭ জুলাই নিশা কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰঘাটৰ জ’জী চ’কত এই ঘটনা সংঘটিত হয়।

উক্ত দিনা ট্ৰাক কেইখনে ভাৰতীয় খাদ্য নিগমৰ গুদামৰপৰা যোগানধৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ চাউল লোহাৰঘাটস্থিত বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিখনলৈ কঢ়িয়াই আনিছিল। চাউলৰ বেগ সমূহ নমাই থৈ গুৱাহাটীলৈ উভতি যোৱাৰ পথত নিশা প্ৰায় ৯ বজাত সমবায়খনৰপৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ জ’জী চ’কত স্থানীয় যুৱক নয়ন পাটোৱাৰী আৰু বসুদেৱ দাসসহ কেইবাজনেও ট্ৰাক দুখনৰ কৰ্মচাৰীৰ ওপৰত প্ৰচণ্ড মাৰপিট কৰে। ইয়াৰ ফলত– এ এছ ০১ এফ চি ৩৬০২ আৰু এ এছ ০১ চিচি ৯৬৯৭ নম্বৰৰ ট্ৰাক দুখনৰ চালক ক্ৰমে অনুপ দেউৰী, সঞ্জয় পাটৰ আৰু হেণ্ডিমেন দেৱজিৎ বৰদলৈ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ লগেলগে জিলাখনৰ চাংসাৰিত থকা শংকৰজ্যোতি লেবাৰ এণ্ড কনট্ৰেক্ট কো– অপাৰেটিভ ছ’চাইটী লিমিটেডে দোষীক শাস্তি বিহাৰ দাবী তুলি জিলা উপায়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰে। লগতে পিছৰ পৰ্যায়ত খাদ্য–সামগ্ৰী কঢ়িওৱা কোনো বাহন সমবায়খনলৈ প্ৰেৰণ নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰে। এয়াই নহয়, আঘাতপ্ৰাপ্ত ট্ৰাক কৰ্মচাৰীকেইজনৰ চিকিৎসাৰ সকলোধৰণৰ ব্যয় সমবায়খনে বহন কৰিব লাগিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে।

ঘটনা সন্দৰ্ভত বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডে কামৰূপ জিলাৰ উপায়ুক্তক এক লিখিত অভিযোগ দাখিল কৰে। উপায়ুক্তৰ নিৰ্দেশমৰ্মে সমিতিয়ে পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। সমিতিৰ এজাহাৰৰ ভিত্তিত গাঁওখনৰপৰা ছজন দোষী ব্যক্তিক আটক কৰে। যদিও– সকলোকেইজন ব্যক্তিয়ে জামিন লাভ কৰিবলৈ সক্ষম হয়।

উক্ত ঘটনাৰ পাছত সামগ্ৰী কঢ়িওৱা ট্ৰাক সমবায়খনলৈ অহা বন্ধ কৰি দিছে। সেয়ে জুলাই মাহত পাবলগীয়া ৪৬৩ কইণ্টল অৰ্থাৎ ৫ ট্ৰাক চাউল সমবায়খনে আনিবপৰা নাই। সেয়ে বিপাঙত পৰি সমবায় সমিতিখনৰ সভাপতি আদিত্য ৰাভাৰ পৌৰোহিত্যত যোৱা ৬ আগষ্টত এখন প্ৰতিনিধি সভা আয়োজন কৰিবলগা হয়। উক্ত সভাত সমবায় সমিতিখনৰ উন্নয়ন সমিতিৰ উপদেষ্টাদ্বয়– গোলপ ভৰালী, আৰণি ৰাভা, অধিবক্তা অমল দলৈ, অসম সত্ৰ মহাসভাৰ উপ–সভাপতি তথা জ’জী–লেংটাবাসীৰ হৈ অখিল মহন্ত, দোৱাপাৰা ৰাইজ গয়ৰহৰ সভাপতি ধৰ্মকান্ত শৰ্মা, কালিচৰণ বৰুৱা, সমবায়খনৰ এজেণ্টসকল আদিকৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি উক্ত ঘটনাক গৰিহণা দিয়ে। দোষী ব্যক্তিকেইজনৰ বাবে দুখীয়া লোকসকল চৰকাৰী চাউলৰপৰা কোনো কাৰণে বঞ্চিত নহয়, তাৰপ্ৰতি চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

উল্লেখযোগ্য যে, নয়ন পাটোৱাৰী (খাহি), বসুদেৱ দাসৰ এইটোৱে প্ৰথম ঘটনা নহয়। দুষ্কাৰ্য সংঘটিত কৰিবপৰা তেওঁলোকৰ এটা দল আছে। এই দলটোৱে পূৰ্বতেও টহলদাৰী আৰক্ষীৰ বাহনত দুষ্কাৰ্য চলাইছিল। তদুপৰি, নিশা সেইপথেৰে অহা–যোৱা কৰা বালিৰ গাড়ী আৰু আন অচিনাকি বাহনৰ ওপৰতো অত্যাচাৰ চলাই অহা নজিৰ আছে। এনেবোৰ ঘটনাত জ’জী–লেংটাবাসী ৰাইজ অঞ্চলটোত লজ্জিত হ’বলগা হৈছে বুলি মতপোষণ কৰে সভাখনত উপস্থিত থকা কেইবাগৰাকীও ব্যক্তিয়ে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward