Friday, March 29, 2024
Homeবাতৰিবৈজ্ঞানিক পদ্ধতিত গাহৰি পালনৰ ওপৰত এক সজাগতা সভা

বৈজ্ঞানিক পদ্ধতিত গাহৰি পালনৰ ওপৰত এক সজাগতা সভা

প্ৰকাশিত তাৰিখঃ ৯ আগষ্ট, ২০২১

চি এন ডেস্ক–

ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ ৰাষ্ট্ৰীয় গাহৰি গৱেষণা আৰু প্ৰজনন কেন্দ্ৰ ৰাণীৰ উদ্যোগত সদৌ অসম গাহৰি পালক সন্থাৰ কামৰূপ জিলা সমিতিৰ সহযোগত বৈজ্ঞানিক পদ্ধতিত গাহৰি পালন সম্পৰ্কীয় সজাগতা সভা এখন অনুষ্ঠিত হৈ যায়। জনজাতি উপ–পৰিকল্পনা আঁচনিৰ অৰ্থসাহাৰ্যত যোৱা ৫ আগষ্টত আমৰাংগা–বৰিহাটৰ ত্ৰিধাৰা কলা সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত সভা অনুষ্ঠিত হয়।

সজাগতা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় অনুষ্ঠানটোৰ সঞ্চালকগৰাকীয়ে। উক্ত অনুষ্ঠানটোৰ সকলো কাৰ্যসূচী সঞ্চালনা কৰে কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ডা কেশৱ বৰ্মনে। ডাবৰ্মনে গাহৰিৰ খাদ্য পদ্ধতি আৰু খাদ্য খুওৱাৰ ওপৰতো ভাষণ দিয়ে।

বিজ্ঞানী ডা প্ৰণৱজ্যোতি দাসে সজাগতা সভাত অংশ গ্ৰহণ কৰি গাহৰি পোৱালি বিজ্ঞানসন্মতভাৱে জন্মদিয়া লগতে চিনাক্তকৰণৰ ওপৰত ভাষণ প্ৰদান কৰে। লগতে গাহৰি পালনেৰে কি দৰে স্বাৱলম্বী হ’ব পাৰি তাৰ ওপৰতো বিশেষভাৱে আলোকপাত কৰে।

সভাত ডা সুনীল কুমাৰ আৰু ডা সীমাৰাণী পেগুৱেও গাহৰি প্ৰজনন, ৰোগ আদি বিভিন্ন দিশত ভাষণ দিয়ে।

উল্লেখ্যযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড হিমন্তবিশ্ব শৰ্মাৰ আহ্বানমৰ্মে অসমৰ সৰু–বৰ প্ৰতিজন গাহৰি পালক আৰু ২০১৯ৰ পৰা ক্ষতিগ্ৰস্ত গাহৰি পালকক সাঙুৰি ৰাজ্যখনৰ গাহৰি উদ্যোগটো শক্তিশালী কৰিবলৈ আহ্বান জনায়। সদৌ অসম গাহৰি পালক সন্থাই তৈয়াৰ কৰা ৪৫৬ কোটি টকাৰ গাহৰি উন্নয়ন প্ৰকল্পটো কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীক সদনৰ কাৰ্যালয়ত উপস্থাপন কৰে।

এই সজাগতা সভাত ডেৰ শতাধিক গাহৰি পালকে অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward