Friday, March 29, 2024
HomeUncategorizedজীৱন ডিঙা আঁচনিয়ে সঠিক ৰূপ পাব নে? চলিব নে ব্ৰহ্মপুত্ৰৰ বুকুত পানী...

জীৱন ডিঙা আঁচনিয়ে সঠিক ৰূপ পাব নে? চলিব নে ব্ৰহ্মপুত্ৰৰ বুকুত পানী টেক্সী!

প্ৰকাশিত তাৰিখঃ ২৪ আগষ্ট, ২০২০

চি এন ডেস্ক

অসমত আঁচনিৰ বৰষুণ, আঁচনিয়েই আঁচনি। কিন্তু ঘোষণা কৰা আঁচনিবোৰৰ কেইখনৰ সঠিক ৰূপায়ণ হয়! চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিবহণ মন্ত্ৰীৰ দায়িত্ব লাভৰ পাছত ঘোষণা কৰিছিল ‘জীৱন ডিঙা’ নামৰ এখন আঁচনিৰ। কিন্তু সেই আঁচনিখন সঠিক ৰূপায়ণৰ পৰিৱৰ্তে কেৱল ফাইলতে আবদ্ধ থাকিল।

উক্ত আঁচনি অনুসৰি– পৰ্যটকক আকৰ্ষিত কৰি তুলিবলৈ ব্ৰহ্মপু্ত্ৰ নদীৰ জলপথ উন্নয়ন কৰি তোলাৰ ওপৰত অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিছিল। গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে বিভিন্ন ঠাইলৈ যাতায়তৰ ক্ষেত্ৰ সহজ কৰি তুলিবলৈ ‘পানী টেক্সী’ চলোৱাৰ সিদ্ধান্ত লৈছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ব্যক্তিগত পৰিবহন সংস্থা অ’লাই পৰীক্ষামূলকভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত পানী টেক্সী চলাইছিলো। কিন্তু ৰাজ্য চৰকাৰ তথা অভ্যন্তৰীণ জল পৰিবহণ বিভাগ (আই ডব্লিউ টি ডি)য়ে গুৰুত্ব নিদিয়াত আঁচনিখন কেৱল ঘোষণাতে সমাপ্তি ঘটাৰ উপক্ৰম হৈছে।

অ’লা, উবেৰ আদি ব্যক্তিগত পৰিবহন সংস্থাত গাড়ী চালনাৰে অসমীয়া বহু যুৱকে জীৱিকাৰ বাট মোকোলাবলৈ সক্ষম হৈছে। অতি গুৰুত্বপূৰ্ণ জলপথ ব্ৰহ্মপু্ত্ৰৰ বুকুত পানী টেক্সী চলাচল হ’লে ৰাজ্যখনৰ বহু নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছিল।

কিন্তু ইমান সম্ভাৱনা থকা সত্বেও কি কাৰণত ব্ৰহ্মপুত্ৰৰ জলপথত পানী টেক্সী চলাচলৰ ওপৰত পৰিবহন মন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়া নাই সেয়াহে আচৰিত কথা। চৰকাৰ তথা অভ্যন্তৰীণ জল পৰিহবন বিভাগে এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব নে?

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward