Thursday, April 25, 2024
HomeUncategorizedব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত ৰ’প ৱে’ বিকলঃ ৰাইজৰ আশাত চেঁচাপানী ঢালিব নেকি?

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত ৰ’প ৱে’ বিকলঃ ৰাইজৰ আশাত চেঁচাপানী ঢালিব নেকি?

প্ৰকাশিত তাৰিখঃ ৩১ আগষ্ট, ২০২০

চি এন ডেস্ক

সুদীৰ্ঘ এঘাৰটা বছৰ অপেক্ষাৰ অন্তত আজি কিছুদিন আগতে মুকলি হৈছিলহে মাত্ৰ। কিন্তু দূৰ্ভাগ্যজনকভাৱে এদিন চলাচল কৰাৰ পাছতে বিকল হৈ পৰিল। গুৱাহাটীবাসীয়ে যি আশা কৰিছিল সেয়া নিমিষতে ধূলিস্যাৎ হ’ল।

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী–উত্তৰ গুৱাহাটীয়েই দেশৰ ভিতৰত সবাতোকৈ দীঘল ৰ’প ৱে’ যাৰ দূৰত্ব ১,৮২০ মিটাৰ। ২০০৯ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশীলা স্থাপন কৰিছিল। ৫৬ কোটি ব্যয় সাপেক্ষ আঁচনিখন নিৰ্মাণকাৰ্য সমাপ্ত হওঁতে এঘাৰটা বছৰৰ প্ৰয়োজন হ’ল। বিগত এঘাৰটা বছৰৰ জল্পনা–কল্পনাৰ অন্তত যোৱা ২৬ আগষ্ট ২০২০ত এই পথটো মুকলি কৰিছিল।

এবাৰত মুঠ ৩২জন যাত্ৰী অহা–যোৱা কৰিব পাৰে। যাতায়তৰ বাবে প্ৰতিজন যাত্ৰীয়ে এবাৰত ৬০ টকা যদিও অহা–যোৱা কৰিলে ১০০ টকা আদায় দিব লাগে।  

গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজত নদী পথ সংযোজনে পৰিবহন ব্যৱস্থাত অঞ্চলটোলৈ এক নতুন দিগন্তৰ সূচনা আৰম্ভ হ’ব। বুৰঞ্জী প্ৰসিদ্ধ উত্তৰ গুৱাহাটী বিশ্ব পৰ্যটনক্ষেত্ৰৰ মানচিত্ৰত স্থান লাভ কৰিব। দেশী–বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িলে অঞ্চলটোত ব্যৱসায়–বাণিজ্যৰো প্ৰসাৰ ঘটিব। ৰাজ্যখনৰ অন্যান্য আঁচনিৰ দৰে এই ৰ’প ৱে’ খনো যদি বন্ধ হৈ নাযায় তেনেহ’লে ৰাইজে আশাকৰা ধৰণে ফলাফল লাভ কৰিব।

আমাৰ উত্তৰ–পূৰ্বাঞ্চলৰে অন্য এখন ৰাজ্য ছিকিম আৰু চুবুৰীয়া বৈদেশিত ৰাষ্ট্ৰ নেপালতো নিৰ্মাণ কৰিছে ৰ’প ৱে’। নিৰ্মাণৰ বহু বছৰ অতিক্ৰম কৰিছে কিন্তু গুৱাহাটীৰ খনৰ দৰে ৪৮ ঘণ্টাৰ ভিতৰত বিকল হোৱা নাই। উল্লেখ্য যে, বিশ্বৰ প্ৰথমখন ৰ’প ৱে ১৬১৬ চনত ছুইডেনত আৰু আমাৰ দেশৰ প্ৰথমখন ৰ’প ৱে’ নিৰ্মাণ হৈছিল ১৯৮১ চনত হৰিদ্বাৰত। কিন্তু সেইদিনৰ আৰু আজিৰ প্ৰযুক্তি–কৌশলৰ আকাশ–পাতাল পাৰ্থক্য। যান্ত্ৰিক বিজুতি ঘটিব পাৰে, কিন্তু এঘাৰটা বছৰ অপেক্ষাৰ অন্তত লাভ কৰা ফচল এদিন চলাচল কৰাৰ পাছত বিকল হ’লে অসমৰ গৌৰৱক ভেঙুচালি কৰা যেন লাগে।

শিৰোনামৰ ছবিঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward