Saturday, April 20, 2024
Homeবাতৰিতীৰখেল খাছি সম্প্ৰদায়ৰ এক পৰম্পৰাগত ক্ৰীড়া

তীৰখেল খাছি সম্প্ৰদায়ৰ এক পৰম্পৰাগত ক্ৰীড়া

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ, ২০১৬

চানডুবি নিউজ ডেক্স –

মাওলিন্যু মেঘালয়ৰ এখন কৃষি নিৰ্ভৰশীল এখন গাঁও। খাছি বসতিৰে পৰিপূৰ্ণ এই মাওলিন্যু গাঁওখন হ’ল পূব খাছি পাহাৰ জিলা আৰু পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা মৌচিনৰাম চহৰৰ কাষত অৱস্থিত। কম সংখ্যক আবাসীৰে এখন শান্তি প্ৰিয় গাঁও। খেতি-বাতি গৰু-গাহৰি পালন আদি কৰ্মই জীৱন-জীৱিকাৰ একমাত্ৰ চালিকা শক্তি। গাঁওখনত খ্ৰীষ্টান আৰু ছেং খাছি (খাছিসকলৰ প্ৰাচীন ধৰ্ম জড়োপাসনাত বিশ্বাসী) দুয়োটা ধৰ্মৰে লোক আছে। মাতৃৰ দ্বাৰা সমাজ ব্যৱস্থা পৰিচালিত। মাতৃ প্ৰধান হ’লেও মহিলাসকল পুৰুষৰ সমানে সমানে সকলো কাম–কাজত অংশ গ্ৰহণ কৰা পৰিলক্ষিত নহয়।

খাছি সমাজত ধনু-কাঁড়ৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। নিজ পৰিয়াল তথা গাঁওৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ধনু–কাড় ব্যৱহাৰ কৰিছিল। জীৱন-সম্পতি সুৰক্ষাৰ কাৰণে ব্যৱহৃত ধনু-কাড়ে কালক্ৰমত অন্য এক ক্ৰীড়ালৈ ৰূপান্তৰ হ’ল। সেয়ে সামাজিক পৰম্পৰা হিচাপে আজিও খাছি পুৰুষ সকলৰ মাজত ধনু–কাড়ৰ ব্যৱহাৰ অব্যাহত আছে। মাওলিন্যু গাঁওৰ পুৰুষসকলো ধেনুকাঁড় চালনা আৰু তীৰখেলত খুবেই পাকৈত আৰু অঞ্চলভেদি জনাজাত। ধেনুধাৰীসকলে নিৰ্দিষ্ট দূৰত্বত থকা লক্ষ্যস্থানত তীৰ নিক্ষেপ কৰে। লক্ষ্যস্থানত যিয়ে বেছি শড়বিদ্ধ কৰে তেওঁকে বিজয়ী বুলি ঘোষণা কৰাৰ নিয়ম।

তীৰখেল মেঘালয়ৰ জনসাধাৰণৰ বাবে আজিও এক পৰম্পৰাগত ক্ৰীড়া হিচাপে প্ৰচলিত হৈ আহিছে। যদিও খেলবিধ তেওঁলোকৰ সংস্কৃতিৰো এক বিশেষ অংগ। পৰম্পৰা অনুসৰি জড়োপাসক অৰ্থাৎ ছেং খাছিসকলে মৃত্যদেহ সৎকাৰৰ সময়ত চাৰিওপিনে কাড় নিক্ষেপ কৰে। এই কাৰ্যই হেনো তেওঁলোকৰ মৃতকৰ আত্মাই সদ্‌গতি লাভ কৰে আৰু সঠিকভাৱে গন্তব্য স্থানলৈ যাত্ৰা কৰে। কি অপূৰ্ব এই পৰম্পৰা। এনে পৰম্পৰাৰে পৰিপূৰ্ণ জাতি এটাৰ সমাজ দৰ্শনে পৰ্যটকৰ জ্ঞানৰ ভঁড়াল সমৃদ্ধিশালী নকৰাকৈ থাকিব নে?

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Curtsey: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward