Wednesday, April 24, 2024
Homeবাতৰি'মাওলিনং' এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাওঁ

‘মাওলিনং’ এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাওঁ

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ, ২০১৬

 

উদিত ভাস্কৰ ৰাভা –

মাওলিনং এছিয়াৰ ভিতৰত সবাটোকৈ পৰিস্কাৰ-পৰিচ্ছন্ন এখন খাছি বসতি প্ৰধান গাওঁ। সদাব্যস্ত শ্বিলং মহানগৰৰ ৯০ কি. মি. দূৰত্ব আৰু পূব খাছি পাহাৰ জিলাৰ অন্তৰ্গত। আমাৰ অতি প্ৰিয় আৰু চিৰ-পৰিচিত পৰ্যটকৰ আকৰ্ষিত কেন্দ্ৰসমুহ হ’ল বৰাপানী, শ্বিলং মহানগৰ, এলিফেণ্টা জলপ্ৰপাত, শ্বিলং পিক্, মৌছিনৰাম, চেৰাপুঞ্জী, মাওচ্‌মাই গুহা, ডাউকী আদি। অৱশ্যে শান্ত সমাহিত মেঘালয়ৰ পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু সমূহ ইমানতে থমকি নৰয়। বিভিন্ন তৰু-তৃণ, গছ-লতিকা, পক্ষীকুল-জীৱকুল আৰু মাটিৰ গঠন প্ৰক্ৰিয়াই সেউজীয়া অপৰূপ সাজ পিন্ধাই সমগ্ৰ ৰাজ্যখনকে অতি মোহনীয় কৰি তুলিছে। ৰাজ্যখনত পৰ্যটক সকলে চাব পৰাকৈ অধিক সম্পদ আছে। তাৰ সত্বেও পৰ্যটন ক্ষেত্ৰখনক উন্নতিৰ দিশে আগবঢ়াই নিবলৈ ৰাজ্যখনৰ বহু কৰণীয় আছে। পৰ্যটন ক্ষেত্ৰসমূহৰ তথ্য-পাতি সহজভাৱে সকলোৱে লাভ কৰিব পৰা সূচল ব্যৱস্থা এটা কৰিব লাগিব। নহ’লে সঠিক তথ্যৰ অজ্ঞাতে বিভিন্ন পৰ্যটন ক্ষেত্ৰত যোৱাৰ সলনি একেখন ক্ষেত্ৰতে পৰ্যটকে ভিৰ কৰিব ই ধুৰূপ। এই ক্ষেত্ৰত ৰাজ্যখনৰ শাসনাধিস্থিত চৰকাৰ, জনসাধাৰণৰ সক্ৰিয় সহযোগ অবিহনে এই কাৰ্য ৰূপায়ন সম্ভৱ নহ’ব।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Source: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward